Appam - Assamese

জুন 18 – তুচ্ছ নাভাবি!

“সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।” ( গীতমালা ১০২ :১৭)।

আমাৰ পৰমেশ্বৰ প্ৰাৰ্থনা শুনা কেৱল নহয় উত্তৰো  দিয়া পৰমেশ্বৰ হয়। ” প্ৰাৰ্থনা শুনোতা জনা,”( গীতমালা ৬৫:২) কয় কয় মাতে। আজিও পৰমেশ্বৰ আপোনাৰ প্ৰাৰ্থনা শুনে। ” সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।”( গীতমালা ১০২ :১৭) এইদৰে পবিত্র শাস্ত্ৰ কয়।

এই দুৰ্বল লোক কোন হয়? দুৰ্বল শব্দৰ অৰ্থ  ইংৰাজী শব্দকোষত আমি দেখা পাও   মাতৃ পিতৃক হেৰুৱাই দিয়া অনাথ লোক, দুখীয়া লোক অকলশৰীয়া লোক এইধৰণৰ  বহুতো অৰ্থ আমি তাত দেখা পাওঁ। কিন্তু ইয়াত দুৰ্বলৰ অৰ্থ কেৱল দুখীয়া লোকৰ সৈতে নহয়। সেই পৰিস্থিতি যিকোনো লোককে হব পাৰে। তেওঁ ৰজা বা ৰাজকুমাৰো  হব পাৰে। এয়া এক সহায়ৰ অবিহনে, সান্ত্বনাৰ অবিহনে কোনোবা এজন লোকৰ বিষয়ে কয়।

পবিত্র শাস্ত্ৰত যিহোচাফট নামৰ এজন ৰজাক চাওক! তেওঁৰ জীবনত  বহুতো সমস্যা আৰু কষ্ট আহিল। তেওঁৰ সামৰ্থতকৈ অধিক ডাঙৰ সেনা তেওঁৰ বিৰুদ্ধে আহি ঠিয়  হল। সেই সময়ত তেওঁ, ” হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামর্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।” (২বংশাৱলী ২০ :১২)।

চন ২০১৫ চেন্নাই চহৰত যেতিয়া এটি ডাঙৰ বানপানী আহিল তেতিয়া তাত বহুতো লোক প্ৰভাৱিত হল। হঠাৎ তেওঁ দুৰ্বলৰ দৰে হয় গল। ডাঙৰ ডাঙৰ কোটি পতি সকলো বেংকৰ পৰা টকা উলিয়াই আনিবলৈ অসামৰ্থ আছিল। তেওঁ লোকৰ সৈতে বহুমূল্য ফোন আছিল যদিও কাকো সম্পৰ্ক কৰিব পৰা নাছিল।

সেয়া যি ডাঙৰ বহুমূল্য বেঞ্জ ( benz) কাৰণ এনেই পৰি আছিল সেই সকলো পানীত ডুব খায় গল। ভোজনৰ বাবে আৰু তেওঁ লোকৰ প্ৰতিদিনৰ  আৱশ্যকতাৰ বাবে তেওঁ নিৰ্বল দৰে দেখা দিলে। হঠাৎ প্ৰাকৃতিক দুৰ্যোগ আহি যাব পাৰে। সকলো পৰিস্থিতি পৰিবৰ্তন হব পাৰে।

পৰমেশ্বৰ মামিয়াস সন্তান যেতিয়া আপুনি এই দুৰ্বল পৰিস্থিতিৰ মাজৰে পৰিচালনা হয় তেতিয়া পৰমেশ্বৰক মাতক।  পৰমেশ্বৰ নিশ্চিত ৰূপে আপোনাৰ সহায় কৰিব। আজি এই দুৰ্বল পৰিস্থিতিত পৰমেশ্বৰ আপোনাক তুলি আশীবাৰ্দ  কৰিব।

মন কৰিবলগীয়া:” মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম। “( যোহন ১৪:১৮)।

Leave A Comment

Your Comment
All comments are held for moderation.