Appam - Assamese

জুলাই 04 – চালেমৰ ৰজা!

“চালেমৰ ৰজা মল্কীচেদকে…মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।”.(আদিপুস্তক ১৪:১৮) ।

ওপৰৰ অধ্যায়ঃত মল্কীচেদকৰ বিষয়ে কোৱা হৈছে। তেওঁ চালেমৰ ৰজা আছিল আৰু পৰমপ্ৰধানৰ পুৰোহিত আছিল। তেওঁৰ এজন ৰজাৰ ৰূপে অবিশেষ  আছিল।

ইমানেই নহয়। যেতিয়া আমি আব্ৰাহামক আশীর্বাদ দিয়া দেখো, তেতিয়া তেওঁৰ ওপৰত এজন ভবিষ্যতবক্তাৰো আশীর্বাদ আছিল। পৰমেশ্বৰ নিজৰ সন্তানক এই তিনটি আশীর্বাদ প্ৰদান কৰে। যদি পৰমেস্বৰৰ সন্তান ৰাজ্য প্ৰাপ্ত কৰিব বিচাৰে, তেন্তে তেওঁৰ ওপৰত ৰজাৰ অবিশেষো অতি প্ৰয়োজন। যদি তেওঁ প্ৰাপ্ত অবিশেষত দৃঢ় হব বিচাৰে, তেন্তে তেওৰ বাবে এজন পুৰোহিত আৰু ভবিষ্যতবানীৰ বাবে অবিশেষ প্ৰয়োজন। আমি আমাৰ পৰমেস্বৰক আব্ৰাহাম, ইচাহাক আৰু যাকোবৰ পৰমেস্বৰ বুলি কও ।

আব্ৰাহাম পৰমেশ্বৰৰ এজন ভবিষ্যতবক্তা আছিল। পৰমেস্বৰে নিজে অবিমেলকক কৈছিল, যে আব্ৰাহাম এজন ভবিষ্যতবক্তা হয়।ইচাহাকৰ ছবি এজন পুৰোহিতৰ হয়। প্ৰভু যীশু খ্রীষ্টৰ চিন  স্বৰূপে, ইচাহাকক বলিৰ বেদীত  ৰখা হৈছিল। যাকোব এজন ৰজাৰ ৰূপে চিহ্নত থাকে কিয়নো তেওঁক পৰমেশ্বৰে ” ইস্ৰায়েল” নাম দিলে যাৰ অৰ্থ ৰাজকুমাৰ।

নতুন নিয়মক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথম শুভবসংবাদ, দ্বিতীয় পাঁচনি সকলৰ কাৰ্য্য আৰু তৃতীয় প্ৰাকাশন বা ৰহস্য প্ৰকাশ কৰা। সুভসংবাদত  তেৱক এজন ভবিষ্যতবক্তা ৰূপে দেখা যায়, পাঁচনি কৰ্মত তেওঁক  এজন পুৰোহিতৰ ৰূপে দেখা যায়, প্ৰকাশিত বাক্যত তেওঁক ৰজাৰো ৰজা ৰূপে দেখা যায়।

যীশু খ্রীষ্ট আজি কালি, আৰু সদায়ৰ বাবে তেওঁ আছে। কালিও তেওঁ এজন ভবিষ্যতবক্তা আছিল, আজি তেওঁ এজন পুৰোহিত হয় আমাৰ মাজত থাকে আৰু আহিবলগীয়া সময়ত তেওঁ ৰজাৰো ৰজা হয় প্ৰকাশিত বাক্যত ১:৮ ত, আমি অধ্যয়ন কৰো আমাৰ পৰমেশ্বৰ কোন হয় আৰু কোন আছিল আৰু কোন হব। ‘ তেওঁ এজন ভবিষ্যতবক্তা আছিল, তেওঁ এজন পুৰোহিত হয় আৰু ৰজাৰো ৰজা ৰূপে আহিব। হয় তেওঁ এজন ভবিষ্যতবক্তা, পুৰোহিত আৰু ৰজাৰো ৰজা ৰূপে তিনিটা সেৱাকাৰ্য পূৰ্ণ কৰে।

যোহন ৪:১৯ ত, চামড়া স্ত্ৰী যীশু খ্রীষ্টক এজন ভবিষ্যতবক্তা ৰূপে চালে। তাই কলে ” মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।”।

ইব্ৰী ত ৯:১১ ত আমি যীশু খ্রীষ্টক মহা পুৰোহিত ৰূপে দেখা পাওঁ। ১যোহন ১:৭ ত তেওঁক আমি সকলোকে শুচি কৰা ৰূপে দেখা পাওঁ। ১ কৰন্থীয়া ১৫:২৫ ত, আমি তেওঁক শাসন কৰা ৰূপে দেখা পাওঁ। পৰমেস্বৰৰ মৰমিয়াল সন্তান, সদায় মনত ৰাখিব যে তেওঁ আপোনাৰ ৰজা, পুৰোহিত আৰু ভবিষ্যতবক্তা ৰূপে আপোনাৰ অবিশেষ কৰে।

মন কৰিবলগীয়া:”…. কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব;”.. ( যিৰিমিয়া ১৮:১৮)।

Leave A Comment

Your Comment
All comments are held for moderation.