Appam - Assamese

জুন 20 – শাসনকৰ্ত্তাৰ সৈতে!

“যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।” ( হিতোপদেশ ২৩:১)।

চুলেমান বুদ্ধিমানেৰে শাসন কৰা এজন ডাঙৰ ৰজা আছিল। শাসনকর্তা সকলৰ  চল আৰু অন্যক কেনেকৈ ফান্দত পেলাব তেওঁ জানিছিল। সেই বাবে তেওঁ লিখিছিল, ” তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।”( হিতোপদেশ ২৩:৩)।

আজিকালি ডাঙৰ ধনী শাসনকৰ্তা সকলৰ মদ, দুষ্টকৰ্ম আৰু টকা ধৰনৰ বস্তু তেওঁ লোকক আকৰ্ষিত তৰি লৈছে। ঠিক সেই দৰে আপোনাকো বহুতো লোক আকৰ্ষিত কৰিবলৈ আহিব পাৰে। আপোনাৰ ওচৰত বহুতো আকৰ্ষণ বস্তু ( টকা, নাম, প্ৰসিদ্ধ) ৰখাৰ সময়ত কি বিষয়ে দিছে তাক জানি লব লাগে। ফান্দত পৰি নাযাব।

নিগনি ধৰিবলৈ নিগনি ধৰা সজা এটিত  তাক লোভ দিয়া বস্তু দি থয়। সেই পদার্থৰ সুগন্ধ আৰু সোৱাদৰ লোভত  নিগনি তাত ফান্দত বন্দী হয় যায়। এই দৰে সেই দিনবোৰত জগতৰ ইচ্ছাত আৰু কামনা দেখুৱাই ইস্ৰায়েলীৰ ন্যায়ী চিমচোনক চয়তানে ধৰি বন্দীশালত বন্ধ কৰি দিলে। কিমান দুখ লগা কথা!

যীশু খ্রীষ্ট ই আৰু এজন শাসনকর্তাৰ বিষয়ে কয় সাবধান কৰিছে। তেৱেঁই এই সংসাৰৰ শাসনকর্তা হয়। ( যোহন ১৪:৩০)। যীশু খ্রীষ্ট উপবাস শেষ কৰাৰ পাছত যেতিয়া তেওঁক ভোক্তা লাগিল তেতিয়া এই সংশাৰৰ শাসনকর্তা তেওঁৰ ওচৰত ভোজন আনিল। সেয়া কি ভোজন আছিল কেৱল শিলৰ টুকুৰা। “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।” ( মথী ৪:৩)। কিন্তু প্ৰভাৱে, গুচি যা চয়তান! বুলি তাক খেদি পঠিয়ালে। পৰীক্ষাৰ বাবে তেওঁ কোনো ঠাই নিদিলে।

পবিত্র শাস্ত্ৰ কয়, ” তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।”( হিতোপদেশ ২৩:৩)। ” প্ৰবঞ্চক আহাৰ” পাপক  দৰ্শাই। সাংসাৰিক ইচ্ছা, অভিলাশক দৰ্শাই। সাংসাৰিক লোক নিজৰ দৃষ্টিৰে ভোজন কৰি আছে। বোলছবি, ব্যভিচাৰ আদি কামক নিজৰ ভোজন ৰূপে লয় চয়তানৰ অধীন গয় আছে।

যীশু খ্রীষ্ট এটি ভোজন দি আছে। সেয়া আমাৰ ভিতৰত অনন্ত জীবনকে লয় আহে। যীশুৱে কলে, ” স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।”( যোহন ৬:৫১) পৰমেস্বৰৰ বাক্য আমাৰ বাবে ৰুটি আৰু আত্মিক মান্না ৰূপে থাকে।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, আপুনি পৰমেস্বৰৰ বাক্য ভোজনৰ ৰূপে উৎসাহেৰে গ্ৰহন ( খাব) কৰিব নে?

মন কৰিবলগীয়া:” মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।”( যিৰিমিয়া ১৫:১৬)।

Leave A Comment

Your Comment
All comments are held for moderation.