Appam - Assamese

জুলাই 09 – হিষ্কিয়াৰ সত্যতা!

” হে যিহোৱা, মিনতি কৰিছোঁ, এবাৰ সোঁৱৰণ কৰক, মই কেনে বিশ্বাসেৰে আৰু সমস্ত হৃদয়েৰে আপোনাৰ সন্মুখত চলা-ফুৰা কৰি আহিছোঁ; পোনাৰ দৃষ্টিত মই কেনে সৎ আচৰণ কৰি আহিছোঁ।”(২ ৰাজাৱলী ২০:৩)

আজি আমি ৰজা হিষ্কিয়াৰ সত্যতা ৰ ওপৰত সোৱৰন কৰিবলৈ লৈছে। তেওঁ যিহোদাৰ ওপৰত ৰাজত্ব কৰা ১৩ তম ৰজা আছিল। ২৫ বছৰৰ বয়সত তেওঁ ৰজা হৈছিল। তেওঁ যিহোদাৰ তিনিজন সত্য আৰু উত্তম দাসৰ মাজৰ এজন হয়। হিষ্কিয়াৰ নামৰ অৰ্থ, ” কেৱল যিহোৱা  মোৰ বল হয় ” । ৰজা হিষ্কিয়াৰ সত্যতা কি আছিল?

তেওঁ মুৰ্তি  পুজা প্ৰৰ্থাক সম্পূর্ণ ৰূপে সমাপ্ত কৰি দিলে আৰু সেই সকলো উচ্চ স্থানকে নষ্ট কৰি দিলে যত মুৰ্তিসকলক বলি দিয়া হৈছিল। যেতিয়া সেই দিনৰ লোক সমূহে মুচিৰ নিৰ্মিত পিতলৰ সাপকে দন্ডবত কৰিলে, তেতিয়া তেওঁ তাকো ভাঙি পেলালে। তেওঁ আৰাধনাৰ সকলো উচিত ব্যৱস্থা আৰাম্ভ কৰিলে আৰু লোক সকলক সত্যতা আৰু আৰাধনা কৰাৰ পথ প্ৰস্তুত কৰিলে। ইমানেই নহয়, তেওঁ যি ইস্ৰায়েলী সকল ইফালে সিফালে হয় গৈছিল  পুনৰ মিলন কৰালে আৰু ১৪ দিনলৈকে বিশেষ নিস্তাৰ উৎযাপন কৰিলে। ২ বংশাৱলী  ৩০ অধ্যায়ঃত, আমি পঢ়িবলৈ পাও যে তেওঁ পৰমেশ্বৰৰ প্ৰতি কিমান বিশ্বাসযোগ্য আছিল।

পবিত্র শাস্ত্ৰ কয়, “.. হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে” (২ বংশাৱলী ৩১:২০)। তথাপিও তেওঁক পুনৰ জীবনৰ  সংঘৰ্ষ কৰিব লাগিল। এটি ভয়াবহ ৰোগে তেওঁ ওপৰত প্ৰহাৰ কৰিলে আৰু তেওঁ মৰিবলগীয়া হল। যিচয়া তেওঁক লগ ধৰিলে আৰু তেওঁক কলে, ” যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।” (২ ৰাজাৱলী ২০:১)।

এয়া শুনি হিস্কীয় ৰজাৰ হৃদয় ভাঙী  গল আৰু তেওঁ প্ৰাৰ্থনা কৰিলে, ” তেওঁ ক’লে, “হে যিহোৱা বিনয় কৰোঁ, মই সত্যভাৱে আৰু শুদ্ধ মনেৰে পোনাৰ সাক্ষাতে কেনেকৈ চলি আহিছোঁ, আৰু আপোনাৰ দৃষ্টিত কেনে সদাচৰণ কৰি আহিছোঁ, তাক আপুনি এতিয়া সোঁৱৰণ কৰক; এই বুলি হিষ্কিয়াই বৰকৈ কান্দিলে।”( যিচয়া ৩৮ :৩)।

হিস্কীয় ৰজাৰ সত্যতা পৰমেশ্বৰক স্পৰ্শ কৰি গল। পৰমেশ্বৰক সোৱৰন হল যে ৰজা হিস্কীয় গোটেই জীবন কিমান সত্য আৰু উত্তম আছিল । তেওঁ হিস্কীয় ক  কলে, ” আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম। “( যিচয়া ৩৮ :৫)। আৰু তেওঁৰ আয়ু বঢ়াই দিলে।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপুনি পৰমেশ্বৰৰ উপস্থিতত সত্যতা আৰু উত্তম তাৰে আহে, তেতিয়া তেওঁ আপোনাৰ প্ৰাৰ্থনা শুনে। তেওঁ আপোনাৰ চকুলো মুহাৰে। আৰু আপোনাৰ জীবনকাল বৃদ্ধি কৰে। পবিত্র শাস্ত্ৰ কয়, ” ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।”( গীতমালা ৯৮:৩)।

মন কৰিবলগীয়া:” কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।”( গীতমালা ৪৯:৩৩)।

Leave A Comment

Your Comment
All comments are held for moderation.