Appam - Assamese

জুলাই 08 – এলিয়াৰ সত্যতা!

তেতিয়া সেই মহিলাগৰাকীয়ে এলিয়াক ক’লে, “এতিয়া মই জানিলোঁ যে, আপুনি ঈশ্বৰৰ লোক আৰু আপোনাৰ মুখত থকা যিহোৱাৰ বাক্যও সত্য।” (১ ৰাজাৱলী ১৭:২৪)।

কিছু লোক নিজৰ বিষয়ে সাক্ষী দিয়ে আৰু কিছু লোক অন্যৰ বিষয়ে সাক্ষী দিয়ে। কিন্তু পৰমেশ্বৰ স্বয়ং কিছু লোকৰ বিষয়ে সাক্ষী দিয়ে। এলিয়াৰ সম্বন্ধত, বহুতো লোক তেওঁৰ বিশ্বাসযোগ্যতাৰ সাক্ষী দিলে আৰু পৰমেশ্বৰেও তাৰ সাক্ষী দিয়ে।চাৰিফতৰ বিধবা, যি এটি অন্য জাতিৰ আছিল, এলিয়াৰ বিশ্বাসযোগ্য তাৰ সাক্ষী দিলে। তেওঁ তাক এয়া কয় সম্বোন্ধিত কৰিলে, “আপুনি পৰমেশ্বৰৰ লোক হয় ” আৰু এয়া তেওঁৰ প্ৰথম সাক্ষ আছিল। পুনৰ তাই কলে, ” মুখত থকা যিহোৱাৰ বাক্যও সত্য।”আৰু এয়া তেওঁৰ অন্য সাক্ষী আছিল।

দ্বিতীয় বাৰ আপোনাক কেনেকুৱা সাক্ষ দিয়ে? আপুনি অন্যক দুটি চকুৰে চায় কিন্তু আপুনি গম পাব লাগে অন্য আপোনাক হেজাৰ চকুৰে চায়ছে। যেতিয়া আপোনাক এনেদৰে দেখা যায়, তেন্তে আপুনি পৰমেশ্বৰৰ সন্তানৰ ৰূপে দেখা দিয়ে নে!? অন্য লোকে সাক্ষী দিবনে  আপুনি যিকোনো কয়  সেয়া পৰমেশ্বৰৰ হয় আৰু সেই বাক্য সত্য হয়  ।

এলিয়াৰ সত্যতা কি? সত্য এয়া হয় যে তেওঁ পৰমেশ্বৰৰ ভক্ত আছিল আৰু পৰমেশ্বৰৰ উপস্থিতত ঠিয়  হোৱা লোক আছিল। এলিয়া আমাৰ দৰে সুখ-দুখ ভোগ কৰা সাধাৰন লোক আছিল। কিন্তু তেওঁ পৰমেশ্বৰৰ অনুসৰি কৰি সকলো বস্তুত সত্য থাকিবলৈ সংকল্প ললে। । প্ৰতিদিন, পুৱাতে তেওঁ পৰমেশ্বৰৰ উপস্থিতত ঠিয় হবলৈ আৰাম্ভ কৰিলে।

মনোযোগেৰে পড়ক, সেই শব্দ যি তেওঁ আহাবক প্ৰথম বাৰৰ কৈছিল। তেওঁ কলে, ” মই যি জনৰ সাক্ষাতে থিয় হৈ আছোঁ, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত”(১ ৰাজাৱলি ১৭:১)। এইদৰে তেওঁৰ পৰিচয় হল। এয়া তেওঁৰ মহানতা আছিল । এয়া তেওঁৰ শক্তিৰ উৎস আছিল। এয়াই তেওঁৰ বিশ্বাসযোগ্যতা আছিল।

কিয়নো এলিয়াক প্ৰতিদিন পৰমেশ্বৰৰ উপস্থিতত ঠিয় হোৱাৰ অভ্যাস আছিল, সেই বাবে তেওঁ ৰজা আহাবৰ ওচৰত ঠিয় হবলৈ ভয় কৰা নাছিল। পৰমেশ্বৰৰ উপস্থিতত বিস্বাসেৰে ঠিয় হোৱাত ইমান সাহস আহিল যে তেওঁ কলে, এই কেইবছৰ নিয়ৰ বা বৰষুণ নহ’ব; কেৱল মোৰ বাক্য অনুসাৰে হ’ব।”যদি আপুনি সদায় পৰমেশ্বৰৰ উপস্থিতত ঠিয় হব  আৰু তেওঁৰ স্তুতি কৰিব, তেন্তে পৰমেশ্বৰ আপোনাক আৰু অধিক উচ্চ কৰিব। চিকিৎসক আৰু উকিল ওচৰত  নম্ৰতাৰে ঠিয় হবলৈ আপোনাৰ প্ৰয়োজন নহব ।

এইলীচাই নিজৰ বিষয়ে এয়া ক’লে, । ” যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে”( ২ৰাজাৱলী ৩:১৪)। স্বৰ্গদুত গাব্রিয়েল নিজৰ বিষয়ে কয়, ” মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; “( লুক ১:১৯)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, এয়া এলিয়াৰ সত্যতা হয়। এয়া এলিচাৰ সফলতাৰ কাৰন হয়। গাব্ৰিয়েলৰ গৌৰবৰ কাৰন এয়া হয়। আপুনি পৰমেশ্বৰৰ উপস্থিতত বিস্বাসেৰে আৰু সত্যতাৰে ঠিয় হব নে?

মন কৰিবলগীয়া:” মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।”( ইয়োব  ৩৩:৩)।

Leave A Comment

Your Comment
All comments are held for moderation.