Appam - Assamese

জুলাই 01 – একগোট হোৱা!

” তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল( আদিপুস্তক ১:৯)।

সৃষ্টিৰ সময়চোৱাত, তৃতীয় দিনৰ আৰম্ভনিতে, পৰমেশ্বৰে পানীক একগোট কৰিলে আৰু সেই দৰে, সেই, সেই পানী য়ে বাপ্তিস্ম লোৱা সকলো লোককে একেলগে একগোট কৰি মন্ডলী বনাই।  প্ৰভুৱে উদ্ধাৰ পোৱা সকলক প্ৰতিদিন মন্ডলীত জড়িত কৰিলে। প্ৰথম দিনা উৎপন্ন কৰা প্ৰকাশ উদ্ধাৰৰ প্ৰতীক হয় গল। দ্বিতীয় দিনা উৎপন্ন কৰা প্ৰকাশ জল আৰু আকাশ ক্ৰমাংক বাপ্তিস্ম আৰু পৰমপ্ৰধানৰ জীবনৰ  বাবে চিহ্ন হয় গল। সেই দৰে, পানীৰ একগোট হোৱা মন্ডলীৰ বাবে এটি প্ৰতীক হয় থাকে।

পৰমেশ্বৰৰ আঞ্জা হয় যে বিশ্বাসী সকল নিজৰ ইচ্ছাৰে ইফালে সিফালে নোযোৱক  কিন্তু একলগে একগোট হয় একগোট থাকক। পবিত্র শাস্ত্ৰ খ্ৰীষ্টৰ মুৰৰ  ৰূপে আৰু গীৰ্জা ঘৰক শৰীৰ ৰূপে বৰ্ণিত কৰে। আপোনাক সেই মন্ডলীৰ সৈতে জড়িত হব লাগে যাক পৰমেশ্বৰে নিজৰ তেজৰ দ্বাৰা অৰ্জিত কৰিলে আৰু তাত উপস্থিত পৰমেশ্বৰৰ সন্তানৰ সৈতে জড়িত হব লাগে। গীতকাৰে কয়, ” ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!( গীতসংহিতা ১৩৩:১)।

উদ্ধাৰ প্ৰাপ্ত পৰমেশ্বৰৰ সন্তানৰ বাবে আত্মিক সহযোগিতা বহুত আৱশ্যক হয়। পবিত্র শাস্ত্ৰ কয়, “… আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক;” ( ইব্ৰী ১০:২৫)। পাঁচনি  সকলৰ সময়ত, আৰম্ভণিৰ মন্ডলী বিস্বাসত দৃঢ় হয় গল আৰু যেনেকৈ যেনেকৈ পৰমেশ্বৰে উদ্ধাৰ পোৱা সকলক জড়িত কৰিলে, তেনেকৈ তেনেকৈ তেওঁলোকৰ বিকাশ হয় গল। যেনেকৈ যেনেকৈ আত্মাৰ খেতিৰ দাবৰ  সময় হৈছিল, তেনেকৈ তেনেকৈ বিস্বাসীসকলৰ জনসংখ্যা বৃদ্ধি পায় যায়। যেনেকৈ যেনেকৈ মন্ডলীৰ বৃদ্ধি পায়, তেনেকৈ পৰমেশ্বৰৰ ৰাজ্য পৃথিবীত সৃষ্টি হয়।

সৰ্বপ্ৰথমে, ‘ মন্ডলী’ নাম ইস্ৰায়েলীৰ সন্তানৰ বাবে প্ৰয়োগ হল, যাক মিচৰৰ বন্দীৰ পৰা মুক্ত কৰা হৈছিল। এয়া সেই সকল আছিল যাক পৰমেশ্বৰৰ দ্বাৰা মনোনীত কৰা আৰু পৃথকে ৰখা হৈছিল। সেই সকল পৰমেশ্বৰৰ উত্তৰাধিকাৰী আৰু অংশ হয়। যিদৰে পানীৰ টোপাল বিশাল নৈ বনাবলৈ একগোট হয়, সেই দৰে বিস্বাসীসকল পৰিয়ালৰ ৰূপে উঠি দিব্যি গীৰ্জাঘৰ নিৰ্মাণ কৰিলে। লাখৰ সংখ্যাত ইস্ৰায়েলীৰ একেলগে আগবঢ়া কিমান ভব্য হব! সেই দিব্যি সৈন্য আৰু দিব্যি মন্ডলীৰ ৰূপে সুন্দৰভাৱে পৰিচালনা হল। ইব্ৰী ১২:২৩ পদত, আমি পঢ়ো  ” স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ, । ”

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি জগতৰ বিস্বাসীসকলৰ সৈতে জড়িত হয় আছে আৰু এটি মহান সভাৰ ৰূপে আত্মাকে একগোট হয় গৈছে। আপোনাৰ বাবে খ্ৰীষ্টৰ দেহৰ ৰূপে দেখা যোৱা কিমান ডাঙৰ কথা হয়!

মন কৰিবলগীয়া:” তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।”( ইফিষীয় ৫:২৭)।

Leave A Comment

Your Comment
All comments are held for moderation.