Appam - Assamese

জুন 28 – প্ৰকাশ কৰা জন!

” অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে। “( আমোচ  ৩:৭)।

যেতিয়া আপুনি পৰমেস্বৰৰ সেৱাকাৰ্যৰ বাবে নিজকে নিজে সমৰ্পিত কৰে, আৰু আপুনি যেতিয়া নিজৰ ক্ষমতা অনুসাৰে পৰমেস্বৰৰ কাৰ্য্য কৰে তেতিয়া পৰমেস্বৰ আপোনাক যি আশীর্বাদ কৰে, সেয়া উত্তম আৰু বিশেষ হয়। তেওঁ নিজৰ সেৱকৰ ওপৰত হৃদয় মেলি মাধ্যমেৰে প্ৰকাশ কৰে।

পবিত্র শাস্ত্ৰত বহুত বেছি মাধ্যম আৰু ৰহস্য হয়। পৰমেশ্বৰে পাঁচনি পৌলক যি ৰহস্য প্ৰকাশ কৰে তাৰ কাৰনে কয় যে ” পৰমেশ্বৰৰ ৰহস্যৰ ভাণ্ডাৰ হয়। ” হয় পৰমেশ্বৰৰ সকলো ৰহস্য তেওঁৰ সেৱকৰ দ্বাৰা প্ৰকাশ কৰে ।

চদোম আৰু ঘমোৰাক নাশ কৰা জন যেতিয়া আহি আছিল  তেতিয়া আব্ৰাহামক বাটত লগ পায়, ” মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?”( আদিপুস্তক ১৮:১৭) এনেকুৱা কয় আব্ৰাহামক ৰহস্যৰ কথা কয় দিলে।

আপুনি প্ৰাৰ্থনাত হৃদয় মুকলি কৰি যেতিয়া কথা পাতিব তেতিয়া পৰমেশ্বৰ আপোনাৰ সৈতে হৃদয় মুকলি কৰি কথা পাতিব। ইমানেই নহয়, অন্ধকাৰত লুকাই থকা গুপ্ত ধন আৰু লুকাই থকা মাধ্যমবোৰ আপোনাৰ ওচৰত প্ৰকাশ কৰিব। ফিৰোনে  যি সপোনত দেখিলে সেয়া ৰহস্যত আছিল। ৭জনী গায় আৰু ৭জনী বালৰ বিষয়ে যি সপোনৰ বিষয়ে কোনো কব  নোৱাৰিলে  , তেতিয়া পৰমেশ্বৰে সেয়া যোচেফক প্ৰকাশ কৰিলে।

সেই দৰে নবুদনেকচৰে এটি ডাঙৰ মুক্তি সপোনত দেখিলে আৰু ব্যাকুল হল। বাবিলৰ কোনো ঞ্জানী বা ভবিষ্যত বক্তাৰ দ্বাৰা এই সপোনৰ অৰ্থ কব  নোৱাৰিলে। সেই দৰে সেই ৰাতি পৰমেশ্বৰে দানিয়েলৰ ওপৰত সেই সপোনৰ অৰ্থ প্ৰকাশ কৰিবলৈ ইচ্ছা কৰিলে। আপুনি পৰমেশ্বৰক প্ৰেম কৰাৰ সৈতে তেওঁৰ সেৱাকাৰ্য কৰাৰ সময়ত নিশ্চিত ৰূপে আপোনাৰ ওপৰত প্ৰকাশ কৰিব।

পাঁচনি যোহনৰ জীবনক  চাওক। পৰমেস্বৰে তেওঁৰ ওপৰত অসীম প্ৰেম কৰি নিজৰ ৰহস্য প্ৰকাশ কৰে। তেওঁ অকলে পতমুছ দীপত লয় স্বৰ্গ মুকলি কৰি বৰ্তমানৰ সময়, আহিবলগীয়া সময় আৰু আহিবলগীয়া সময়ৰ বিষয়ে সকলো ৰহস্য পৰমেশ্বৰে প্ৰকাশ কৰিব। যেতিয়া আপুনি পৰমেশ্বৰৰ মহিমাময় সেৱাকাৰ্যৰ কৰিব তেতিয়া এই ধৰনৰ আশীর্বাদ প্ৰাপ্ত কৰিব।

মন কৰিবলগীয়া:” মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।”( যোহন ১৫:১৫)।

Leave A Comment

Your Comment
All comments are held for moderation.