Appam - Assamese

জুন 24 – সমৰ্পন, এটি ভাল নিৰ্নয়!

“কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।” ( দানিয়েল ১:৮)।

খ্ৰীষ্টীয় জীবন থিৰাং কৰা আৰু অৰ্পন কৰা বহুতে আৱশ্যক কথা হয়। যদি আমি  দৃঢ়তাৰে থিৰাং কৰা নায় তেন্তে পবিত্রতাৰ জীবনক জীয়াই থকা অসম্ভব হয়। অৰ্পনৰ জীবন যদি নায় তেন্তে   সংঘৰ্ষৰ সময়ত আমাৰ হৃদয় স্থিৰে  নাথাকিব।

আজিকালি বহুতো শপত আৰু নিৰ্ণয় দেখা যায়। বহুতো লোক উপবাস দিনত ৪০ দিন মাংস নাখাব বা মুৰত ফুল নলগায়, পুৱা পবিত্র শাস্ত্ৰ অধ্যয়ন কৰি  প্ৰাৰ্থনা কৰিব, এনেকুৱা নিৰ্ধাৰিত কৰিব। ভাল কথা হয়, যদি শপত খায় তেন্তে পূর্ণ কৰক ( উপদেশক ৫:৫)।

যি কোনোবা দিন বিশেষ  বুজি পায় তেন্তে সেয়া প্ৰভাৱ বাবে বিশেষ বুজি পায়, কিন্তু আপোনাৰ অৰ্পণ আৰু যি নিৰ্ধাৰণ কিছু দিনৰ পিছত শেষ হয় যাব নালাগে। পবিত্র জীবন জীয়াই  থাকিবলৈ, গভীৰতাৰে  আপুনি সমৰ্পন গোটেই জীবন সফল হব  লাগে।

পুৰনি নিয়মত, পৰমেশ্বৰ এটি সমৰ্পিত জীবন বাচি লবলৈ  নিজৰ সন্তানক  তৈয়াৰ কৰিলে। তাতে এটি সমৰ্পিত জীবন আমাৰ হৃদয় নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিবলৈ বিচাৰিছিল চাগে। গননা পুস্তক ৬ষ্ট অধ্যায়ঃ ১ৰ পৰা ১২ পদলৈ ব্ৰতৰ পৃথক থাকিবলৈ নিয়ম কোৱা হৈছে। ১) ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব;। ২) তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব । এয়া নাচৰীয়া হয় থকাৰ শপত অলপ দিনৰ বাবে নহয় গোটেই জীবনৰ  বাবে হয়।

নতুন নিয়মত যীশু খ্রীষ্টৰ সমৰ্পনৰ জীবন আমাৰ হৃদয়ক  গভীৰভাৱে স্পৰ্শ কৰে। তাক সম্পূর্ণ কৰিবলৈ পিতৃৰ ইচ্ছাৰ বাবে নিজকে নিজে পূৰ্ণ ৰূপে সমৰ্পিত কৰিলে। কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ। ( যোহন ৬:৩৮)। তেওঁ ৪০ দিন উপবাসত থকাৰ পিছত তেওঁক ভোক  লাগিল। কিন্তু শিলক ৰুটিত  পৰিবৰ্তন কৰি গ্ৰহণ কৰিবলৈ তেওঁ আগলৈ নাহিল।

তেওঁক পেলাবলৈ চেষ্টা কৰা চয়তান নিজৰ ফান্দত অসফল হল। হয়, তেওঁৰ অৰ্পনৰ জীবন পবিত্র জীবন আছিল। তেওঁ পবিত্র আৰু নিষ্পাপ আৰু নিৰ্মল আৰু পাপীৰ পৰা পৃথক আছিল ( ইব্ৰী ৭:২৬)

পৰমেশ্বৰ আপোনাৰ পৰা সমৰ্পিত আৰু নিয়ন্ত্রিত জীবনৰ অপেক্ষা কৰে। পুৰণি নিয়মত দানিয়েলও তেনেদৰে সমৰ্পিত জীবন জীয়াই থাকিল, এই বাবে পৰমেশ্বৰে দানিয়েলক উচ্চ তুলিলে! সকলো ৰহস্যৰ কথা দানিয়েলক প্ৰকাশ কৰিলে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান আপুনিও আপোনাৰ জীবন পৰমেশ্বৰক সমৰ্পিত জীবন ৰূপে জীয়াই থাকিবলৈ পৰমেশ্বৰক অৰ্পন কৰক।

মন কৰিবলগীয়া:” মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”( গীতমালা ৫০:৫)।

Leave A Comment

Your Comment
All comments are held for moderation.