Appam - Assamese

জুন 16 – অগ্নিময় ঘোঁৰা!

“…যিহোৱাই সেই দাসৰ চকু মুকলি কৰি দিলে। তাতে তেওঁ দেখা পালে যে, ইলীচাৰ চাৰিওফালে পাহাৰখন অগ্নিময় ঘোঁৰা আৰু ৰথেৰে ভৰি আছে!  “( ২ ৰাজাৱলী ৬:১৭)।

পৰমেশ্বৰ নিজৰ লোকৰ সুৰক্ষা কৰে। তেওঁ নিজৰ লোকৰ নিৰ্মিত সংঘৰ্ষ কৰাৰ সময়ত, বা যুদ্ধত, যি কোনো বাট বাচি লয় সেয়া অদ্ভুত আৰু আচৰিতভাৱে হয়। চাওক! ইয়াত নিজৰ সেৱকৰ সুৰক্ষাৰ বাবে তেওঁ অগ্নিময় ঘোৰা আৰু ৰথক  পঠিয়াই দিলে।

ইলীচা এজন সাঝাৰন জীবন যাপন কৰা লোক আছিল। ইলীচাৰ সৈতে মাত্ৰ এজন সেৱক আছিল। সেই পৰমেশ্বৰৰ লোকক ইৰ্ষাৰ কাৰনে অৰামীয়াসক ৰজাই ঘোৰা, ৰথ  আৰু এটি ডাঙৰ সৈন্য পঠিয়াই দিলে। এই সকলে ৰাতি আহি নগৰ আৱৰি ধৰিলে (২:ৰাজাৱলী ৬:১৪)। । ইলাীচাৰ  বাবে কোন যুদ্ধ কৰিব? কোন সেই অৰামীয়াসকলৰ ৰজাক উদ্ধাৰ দিব তেওঁ সেয়া ভাবি ইলীচাৰ সেৱক ভয় খাবলৈ ধৰিলে। ” হায়, মোৰ প্ৰভু! আমি কি কৰিম?”

ইলীচাই ক’লে, “ভয় নকৰিবা; কিয়নো আমাৰ লগত থকাসকল তেওঁলোকৰ লগত থকাসকলতকৈ অধিক।”হয় ইলীচাৰ আত্মিক চকু আছিল। সেই চকুৰে তেওঁ পৰমেশ্বৰৰ সহায়ৰ বাবে পঠিয়াই দিয়া সৈন্যক দেখিলে। সেই বাবে তেওঁৰ হৃদয় ব্যাকুল নহল।

পৰমেশ্বৰ আপোনাৰ সহায়ৰ বাবে কিমান কাৰ্য্য কৰে চাওক। ” কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।” ( জগৰীয়া ২:৫)। ষিহূচুৱাৰ পুস্তক, বিচাৰকৰ্তাসকলৰ পুস্তক, ১ আৰু ২ ৰাজাৱলী যেতিয়া আমি অধ্যয়ন কৰো তেতিয়া আমি গম পাও পৰমেশ্বৰ নিজৰ লোকক কেনেকৈ সংঘৰ্ষ কৰিলে, বিবাদ কৰিলে, যুদ্ধ কৰিলে, এই সকলো কথা আমি বুজি পাও।

ইস্ৰায়েলীৰ লোকৰ বিৰুদ্ধে যেতিয়া চিচৰা  যুদ্ধ কৰিবলৈ আহিল তেতিয়া আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।( বিচাৰকৰ্তাসকল ৫:২০)। এই দৰে ইস্ৰায়েলীৰ বিৰুদ্ধে   কানানী  লোকক খেলিবলৈ পৰমেশ্বৰে কোদো পঠালে। হেজাৰৰ সংখ্যাত কোদো  আহি তেওঁ লোকৰ পিছ পৰিল। সেই বোৰে কাননীয়  সকলক খেদি পঠিয়ালে। ( যাত্ৰা পুস্তক ২৩:২৮, দ্বিতীয় বিৱৰন ৭:২০) ।

ইস্ৰায়েলী সকলক যেতিয়া মিচেল লোক খেদি আহিছিল পৰমেশ্বৰে অগ্নিৰ স্তম্ভ আৰু আন্ধাৰৰ সমান আছিল । মিচৰ বাসী সকলৰ বাবে সেয়া মেঘ আৰু অন্ধকাৰৰ সমান আছিল। ইস্ৰায়েলীৰ বাবে তেওঁ বাতিক উজ্জ্বল তাত পৰিবৰ্তন কৰি দিলে  । ( যাত্ৰা পুস্তক ১৪:২০) পৰমেশ্বৰৰ মৰমিয়াল  সন্তান পৰমেশ্বৰ আপোনাৰ সুৰক্ষা কৰে। তেওঁ আপোনাৰ ওপৰত অধিক চিন্তা কৰে।

মন কৰিবলগীয়া:” কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।”(২ বংশাৱলী ১৬:৯)।

Leave A Comment

Your Comment
All comments are held for moderation.