Appam - Assamese

জুন 15 – আচৰিত কাৰ্য্য হবলৈ!

” তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”  ( যিহোচুৱা ৩:৫)।

আপোনাক কিয় পবিত্র হয় জীবিত থাকিব লাগে? হয় যদি আপোনাৰ জীবনত পবিত্রতা আছে তেতিয়াও আপুনি পৰমেস্বৰৰ আচৰিত কৰ্মৰ অপেক্ষা কৰিব পাৰো  । মনুষ্য যেতিয়াও  পৰমেস্বৰৰ ওচৰত আহে, তেওঁ তাত পবিত্রতাৰে জিবীত থাকক এনেকুৱা পৰমেস্বৰ উৎসাহেৰে তেওঁৰ অপেক্ষা কৰে।

কিছু লোকে কি কয়? যদি পৰমেস্বৰ আমাৰ পৰিয়ালত আচৰিত ফল যুক্ত কাৰ্য্য কৰিব তেতিয়া আমি তেওঁক গ্ৰহন কৰি লম  । যদি মোক এটি ভাল চাকৰী প্ৰাপ্ত হব তেতিয়া খ্ৰীষ্টৰ আৰাধনা কৰিম। যদি মোক পুত্ৰ সন্তান প্ৰাপ্ত হয় তেন্তে পৰিয়াল সহ আমি তেওঁক গ্ৰহন কৰি লম।

কিন্তু পৰমেস্বৰৰ বাক্য কি কয়? সৰ্বপ্ৰথম আপুনি নিজকে শুচি কৰি তাৰ পিছত পৰমেস্বৰৰ আচৰিত কৰ্মৰ অপেক্ষা কৰক। যীশুৱে কলে, “কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।”(মথী ৬:৩৩)। পৰমেস্বৰৰ ধাৰ্মিকতাই তেওঁৰ পবিত্রতা হয়।

এজন প্ৰচাৰক এটি জাগ্ৰিতী সভাৰ সাজু কৰি আছিল, তেতিয়া আয়োজিত কৰা ভায়টিসকলে তেওঁক কলে, ” লোক সকল আচৰিত কৰ্মOKৰ অপেক্ষা কৰি আছে, বহুতো লোক দিব্যি সুস্থতা, সামৰ্থ, উদ্ধাৰ আৰু ভবিষ্যতবাণীৰ বাবে বাট চায় আছে। ” বাৰ্তা বাহক জনে এই সকলো বিষয়ৰ বাবে প্ৰাৰ্থনা কৰা আৰাম্ভ কৰিলে।

সেই প্ৰচাৰক জনে আঠু কাঢ়ি পৰমেস্বৰক কলে, হে প্ৰভু, লোকসকল আচৰিত কৰ্মৰ বাবে বাট চাই আছে, আপোনাক সেই ঠাইত আচৰিত কৰ্ম কৰিবই লাগিব, এনেকুৱা বিচৰা সময়ত পৰমেস্বৰে কলে, ” মই আচৰিত কৰ্ম কৰিবলৈ সাজু আছো, মোৰ লোক সকল পাপ ত্যাগ কৰি পবিত্রতাৰ জীবন জীয়াই থাকিবলৈ সাজু আছে নে? ”

যিহোচুৱা লোকসকলক চায় কলে, ” তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।” ( যোহন ৩:৫)। মুচকি  চায় পৰমেস্বৰে কলে লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা,তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।( যাত্ৰা পুস্তক ১৯:১০, ১১) যেতিয়া আপুনি পৰমেস্বৰৰ বাবে যি কৰিব লাগে তাকে কৰক, পবিত্রতাত আগ বাঢ়ক  , তেতিয়া তেওঁ আপোনাৰ বাবে যি কৰিব লাগে সেয়া কৰিব।

পৰমেস্বৰৰ মৰমিয়াল সন্তান আপোনাৰ সমস্যা আৰু সমাধান দিনকে দিনে বৃদ্ধি হয় গয়ছে  নে? লগে লগে প্ৰভু যীশুৰ চৰনলৈ  আহি নিজকে পবিত্র কৰক। যৰ্দন নদীক ওলোটা বুৱাই ইস্ৰায়েলীক তাৰ পৰা পাৰলৈ নি অদ্ভুত কাৰ্য্য কৰা পৰমেস্বৰ নিশ্চিত আপোনাৰ জীবনত আচৰিত কৰ্ম কৰিব।

মন কৰিবলগীয়া:” অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।”( ইয়োব ৯:১০)।

Leave A Comment

Your Comment
All comments are held for moderation.