Appam - Assamese

জুন 14 – আচৰিত কৰ্ম কৰা!

হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন? “( যাত্ৰা পুস্তক ১৫:১১)।

আচৰিত কৰ্ম কৰাত পৰমেস্বৰৰ তুল্য কোনো নায়। পৰমেস্বৰ যি অদ্ভুত কাৰ্য্য কৰে সেয়া সদায়ৰ হয়, শ্ৰেষ্ঠ হয়, বিশেষ আশীর্বাদ যুক্ত হয়। তেওঁ নিশ্চয় আপোনাৰ জীবনত আচৰিত কৰ্ম কৰিব। আচৰিত কৰ্ম কৰা আচৰিত আত্মাও আছে।

পবিত্র শাস্ত্ৰত আমি বহুতো ঠাইত ইয়াৰ বিষয়ে পাঠ কৰো। মিচৰ দেশৰ তান্ত্রিক সকলে মুচিৰ ওচৰত আচৰিত কৰ্ম কৰা নায় নে? শেষৰ সময়ত খ্ৰীষ্ট বিৰোধী ঠিয়  হয় উঠিব আৰু মনোনীত সকল ভোলাবলৈ  চিহ্ন আৰু অদ্ভুত কাৰ্য্য দেখুৱাব, এনেকুৱা পবিত্র শাস্ত্ৰ কয়। কিন্তু সেই সকলো পৰমেস্বৰৰ ওচৰত পৰিচালনা হব নোৱাৰে।

সেই বাবে মুচিয়ে  সুধিলে, ” আপোনাৰ ওচৰত আচৰিত কৰ্ম কৰা জন কোন? ” আপোনাৰ বাবে সকলো আচৰিত কৰ্ম কৰিবলৈ পৰমেস্বৰ উৎসাহিত হয় আছে

পানী দাক্ষাৰসত পৰিবৰ্তন কৰি আচৰিত কৰ্ম কৰিলে। মাছৰ মূখৰ পৰা ৰূপৰ মুদ্ৰা ওলাই আচৰিত কৰ্ম কৰিলে। ২টি মাছ আৰু ৫টা ৰুটিৰে  ৫০০০ লোকক খোৱাই অদ্ভুত কাৰ্য্য কৰিলে। মৃত্যু সকলক জী তুলাই আচৰিত কৰ্ম কৰিলে। পবিত্র শাস্ত্ৰ কয়, ” অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।”( ইয়োব ৯:১০) যদি আপুনি পৰমেস্বৰৰ পৰা নিজৰ জীবনত আচৰিত কৰ্ম বিচাৰিছে, আপোনাৰ জীবনত বিস্বাস হোৱা অতি দৰকাৰ। যত বিস্বাস হব তাতে আচৰিত কৰ্ম হব। ” যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা”এনেদৰে যীশুৱে কয়ছিল।

বিস্বাস শুনিলে হয় আৰু শুনা পৰমেস্বৰৰ বাক্যৰ যোগেদি হয়। আপুনি যিমান পৰমেস্বৰৰ আচৰিত কৰ্ম বিষয়ে ভাবিব, সিমানেই আপোনাৰ ভিতৰত বিস্বাস জাগিব  যে, তেওঁ আমাৰ বাবেও এনেকুৱা কৰিব। আদিপুস্তকৰ পৰা লয় প্ৰকাশিত বাক্য লৈকে পৰমেস্বৰৰ দ্বাৰা কৰা অদ্ভুত কাৰ্য্য চাওক। ” তেওঁৰ উদ্দেশ্যে গীত গোৱা তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।”( গীতমালা ১০৫:২)

আচৰিত কৰ্মৰ বাবে  পৰমেস্বৰৰ ওপৰত কেৱল বিস্বাস ৰখাই বহুত নহয় কিন্তু মূখ মেলি তেওঁক বিচাৰক। ” সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে। “(২ বংশাৱলী  ৩২:২৪) লোহিত সাগৰৰ দাতিত  লোক সকলে পৰমেস্বৰক দেখি মাতিলে  । পৰমেস্বৰে লোহিত সাগৰক দুটি ভাগত সমান ৰূপে ভাগ কৰি এটি ডাঙৰ আচৰিত কৰ্ম কৰিলে। পৰমেস্বৰৰ মৰমিয়াল সন্তান, পৰমেস্বৰত স্থিৰ থাকক, আপোনাৰ প্ৰাৰ্থনা শুনি নিশ্চয় তেওঁ অদ্ভুত কাৰ্য্য কৰিব। সেয়া পৰমেস্বৰ হয় যি  কেতিয়াও পৰিবৰ্তন নহয়। ( মলাখী ৩:৬)

মন কৰিবলগীয়া:” তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।”( গীতমালা ৭৭:১৪)।

Leave A Comment

Your Comment
All comments are held for moderation.