Appam - Assamese

ਸਤੰਬਰ 21 – মই ইয়াক সঠিকভাবে কৰি দিম!

” মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম “( যিচয়া ৪৫:২)।

আজিৰ বাক্যৰস দ্বাৰা প্ৰভুৱে আমাকে দুগুণ আশীর্বাদ দিছে। ১ম তেওঁ আমাৰ যাবলৈ প্ৰতিঞ্জা কৰিছে, আৰু ২য় আশীর্বাদ এয়া হয় যে তেওঁ বেকা বেকি  থকা স্থানক পোন কৰি দিব। আপোনাৰ জীবনত কেবাটাও দিশ হব পাৰে, যি বেকা বেকি আৰু বিকৃত হব। সম্বন্ধ হব পাৰে, জীবনৰ উপায় বা বিবেকো বেকা বেকি হব পাৰে। তেওঁ প্ৰথম বাৰ বেকা বা বিকৃত কেনেকৈ হব যায়?

যেতিয়া কিছুমান লোক আপোনাৰ বিষয়ে, অন্যক মিছা দুখ লগায়  কয় আৰু ইৰ্ষাৰ কাম লগোৱা ​অন্যক বেয়া চকুৰে দৃষ্টি কৰে। কিছু সময়ত আপুনি অন্যৰ হৃদয়ত সিচা  তিতাভাব  আতৰ কৰিব নোৱাৰে । হব পাৰে এয়া আপুনি নিজৰ চেষ্টাকে কৰি পোন কৰিব নোৱাৰে  ।

কিন্তু আজি যিহোবা তোমাক প্ৰতিঞ্জা কৰিছে যে তেওঁ তোমাৰ আগে আগে চলিব আৰু তোমাৰ জীবনৰ বেকা বেকি সমস্যা পোন কৰিব। আমাৰ ঈস্বৰ এনেকুৱা ঈস্বৰ হয় যি জীবনৰ সকলো বাধা আতৰ কৰিব পাৰে, যাতে আমি আগ বাঢ়ো  । পবিত্র শাস্ত্ৰ কয় যে :” কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব”( মাখা ২:১৩)।

যেতিয়া প্ৰভু আপোনাৰ ওচৰত আহে, তেতিয়া সকলো  কুটিলতা, বিকৃতিয়া, অসমানতা আৰু অপূর্ণতা সমাধান হয় যাব। পৰিয়ালত কেবাটাও বিষয় হব পাৰে, যেনেকৈ শাহু বোৱাৰীৰ  মাজৰ সমস্যা, আৰু এয়া আমাৰ জীবনত তীতা ভাব আনে। কিন্তু যেতিয়া আপুনি পৰমেশ্বৰৰ চৰনত বহে আৰু  তেওঁক কয় :” ঈস্বৰ মোৰ জীবনৰ বিভিন্ন সমস্যা চাওক  আৰু মোৰ ধাৰ্মিকতা কেনেকৈ উলটি গৈছে। আপুনি সম্পূর্ণ জগতত একমাত্র ন্যায়ধীশ হয়, আৰু কেৱল আপুনি মোৰ বিষয়বোৰ  বিচাৰ কৰিব পাৰিব । ঈস্বৰ অনুগ্রহ কৰি মোৰ ওচৰত আহক আৰু মোৰ জীবনৰ বেকা বেকি সমস্যা ঠিক কৰক। ” আৰু যেতিয়া আপুনি সত্যতাৰে প্ৰাৰ্থনা কৰিব, তেতিয়া ঈস্বৰ সকলো কৰিবলৈ আঞ্জা দিব আৰু আপোনাৰ জীবনত শান্তিৰ আঞ্জা দিব।

আমাৰ পূৰ্বপুৰুষ এনেকুৱা গভীৰ প্ৰাৰ্থনা কৰিলে। নিজৰ ভায়েক এচাবক লগ কৰাৰ এদিন আগত তেওঁ প্ৰভুৰ ভৰি ধৰি লয় গেটেই ৰাতি প্ৰাৰ্থনা কৰিলে পৰিনামস্বৰূপে, তেওঁৰ ভায়েকে হৃদয় মুকলি কৰি স্বাগত কৰিলে।

এটি ক্ষনতে  ভায়েক সকলৰ মাজৰ সকলো শত্ৰতা  আৰু খংভাব শেষ হয় গল আৰু নতুন শান্তি  নতুন ভাতৃত্ব আৰু বন্ধুত্ব বাট প্ৰস্তুত হয় গল। হয়, এয়া স্বয়ং প্ৰভু দ্বাৰা অনা হল। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, তেওঁ আজি আপোনাৰ জীবনত সেয়া কৰিবলৈ সাজু আছে।

মন কৰিবলগীয়া:”মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।” ( যিচয়া ৪২:১৬)

Leave A Comment

Your Comment
All comments are held for moderation.