Appam - Assamese

এপ্ৰিল 19 – প্ৰাৰ্থনাত !

“ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম. (পাঁচনিৰ কৰ্ম ৬:৪).

প্ৰাৰ্থনা অতি গুৰুত্বপূৰ্ণ. প্ৰাৰ্থনাৰ সোণালী সময়, আন কামত নষ্ট নকৰিব. আপুনি আপোনাৰ আত্মাক পবিত্ৰতাত সংৰক্ষণ কৰিব পাৰে, যিমানখিনি প্ৰাৰ্থনা কৰে. প্ৰাৰ্থনাৰ যোগেদি আপুনি চয়তানৰ শক্তিক ধ্বংস কৰিব পাৰিব; আৰু বিজয়ত মূৰটো ওপৰলৈ তুলি ধৰিব. কেৱল প্ৰাৰ্থনাই আমাক চয়তানৰ পৰা ৰক্ষা কৰিব পাৰে.

আৰম্ভণিৰ গীৰ্জাত বহুতো সমস্যা আছিল, যেতিয়া বিশ্বাসীসকলৰ সংখ্যা বৃদ্ধি পাইছিল. গ্ৰীকসকলে অভিযোগ কৰিছিল যে তেওঁলোকৰ বিধৱাসকলৰ যত্ন লোৱা হোৱা নাছিল. অননিয়া আৰু চফীৰাই পবিত্ৰ আত্মাৰ আগত মিছা কথা কৈছিল, তেওঁলোকৰ সম্পত্তি বিক্ৰী কৰাৰ সময়ত উপাৰ্জনৰ এটা অংশ লুকুৱাই ৰাখিছিল. আনটো মূৰত ইহুদী আৰু ৰোমান চৰকাৰৰ জৰিয়তে ভয়ংকৰ পৰীক্ষা চলিছিল. এই সকলোবোৰ পৰীক্ষাৰ সন্মুখীন হৈও পাঁচনি পিতৰে অন্যমনস্ক হোৱা নাছিল কিন্তু তেওঁ অতি মনোনিৱেশ কৰিছিল. তেওঁ কৈছিল, “ ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম.”(পাঁচনিৰ কৰ্ম ৬:৪).

হয়, পাঁচনিসকলে জানিছিল যে তেওঁলোকৰ পৰিচৰ্যাৰ বাবে প্ৰাৰ্থনা অপৰিহাৰ্য. প্ৰাৰ্থনাৰ মূল্য আৰু শক্তিও আপুনি উপলব্ধি কৰা উচিত. আঁঠু লৈ প্ৰাৰ্থনা কৰাত কটোৱা সময়, প্ৰভুৰ বাবে মহান আৰু শক্তিশালী বস্তু মুকলি কৰাৰ সময়. প্ৰাৰ্থনাই জয়ৰ একমাত্ৰ পথ.

জন ৱেছলীয়ে সাহসেৰে কৈছিল, “মোক এশজন প্ৰচাৰক দিয়ক যিসকলে পাপৰ বাহিৰে আন একোলৈ ভয় নকৰে. কেৱল তেওঁলোকেহে নৰকৰ দুৱাৰ জোকাৰিব পাৰে. আৰু কেৱল তেওঁলোকেহে এই পৃথিৱীত স্বৰ্গৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰে. প্ৰভুৱে নিজৰ সন্তানসকলৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব; আৰু নিজৰ মতে কাম নকৰিব.”

চয়তানে হয়তো আপোনাক ক্লান্ত কৰিবলৈ বহুতো বস্তু আনিব পাৰে, যাতে আপুনি প্ৰাৰ্থনা কৰাত বাধা দিয়ে. আশাহীন চিন্তা যেনে ‘মোৰ স্বামীয়েও মোক ভুল বুজি পায়; আৰু মোৰ লগত কঠোৰভাৱে কথা পাতে. মই কেনেকৈ প্ৰাৰ্থনা কৰিম?’. বা আপুনি নিজৰ আত্মবিশ্বাস হেৰুৱাই ক’ব পাৰে ‘মোৰ পত্নীয়ে মোক আৰু বিশ্বাস নকৰে; আৰু তাই মোক সকলো সময়তে সন্দেহ কৰে. ইমান বছৰ বিয়া হৈ থকাৰ পিছতো সুখ নাই. গতিকে, প্ৰাৰ্থনা কৰি কি লাভ?’.

যদিও আন্ধাৰে আপোনাৰ হৃদয়ক আগুৰি ধৰি প্ৰাৰ্থনা কৰাত বাধা দিয়ে, তথাপিও আপুনি প্ৰভু যীচুৰ সৰ্বোচ্চ নামটো মাতি থাকিব লাগে. সেইটোৱেই আপোনাৰ মাজলৈ ঈশ্বৰৰ সান্নিধ্য আনিব পাৰিব.

ঈশ্বৰৰ সন্তানসকল, কঠোৰ প্ৰাৰ্থনা কৰিবলৈ বশ হওক, যেতিয়া আপুনি প্ৰাৰ্থনা কৰিবলৈ কঠিন অনুভৱ কৰে, কাৰণ আন্ধাৰৰ বাবে যিয়ে আপোনাক প্ৰাৰ্থনা কৰিবলৈ বাধা দিয়ে. ক্লান্ত নোহোৱাকৈ প্ৰাৰ্থনা কৰক; আৰু অবিৰতভাৱে প্ৰাৰ্থনা কৰক. আৰু প্ৰভুৱে আপোনাৰ জীৱনত এক শক্তিশালী অলৌকিক কাম কৰিব.

অধিক ধ্যান-ধাৰণৰ বাবে পদ: “তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে.কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব.” (যিচয়া ৪০:২৯,৩১)

Leave A Comment

Your Comment
All comments are held for moderation.