situs toto musimtogel toto slot musimtogel link musimtogel daftar musimtogel masuk musimtogel login musimtogel toto
Appam - Assamese

জুলাই 02 – আব্ৰাহামৰ সত্যতা!

” তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই।… “( আদিপুস্তক ২৪:২৭)

পৰমেশ্বৰ বিশ্বাস যোগ্য হয় আৰু তেওঁ সন্তানতকৈ অধিক বিশ্বাস যোগ্য হবলৈ অপেক্ষা কৰে। পৰমেশ্বৰে আব্ৰাহামত বিশ্বাসযোগ্য চালে। এয়া পৰমেস্বৰৰ বিশ্বাসযোগ্যতা আঞ্জা পালন হয়। যেতিয়া পৰমেশ্বৰে কলে, ” যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজনa আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা। “( আদিপুস্তক ১২:১), আব্ৰাহাম আঞ্জা পালন কৰি তেনেকুৱাই  কৰিলে।

সেই সময়ত স্থান নজনাকৈ  যাত্ৰা কৰা কিমান ভয়াবহ আছিল  ! ইয়াৰ বাবে ডাঙৰ মানসিক শক্তিৰ আৱশ্যক হৈছিল। তথাপিও আব্ৰাহাম পৰমেস্বৰৰ আঞ্জা পালন কৰাত বিশ্বাসযোগ্য আছিল।

আব্ৰাহামৰ জীবনক পৰীক্ষা কৰি চাওক। তেওঁৰ বিস্বাসৰ মহানতা আমাৰ হৃদয়ক অবাক কৰি দিয়ে। তেওঁৰ বিস্বাসৰ মহানতা তেতিয়া প্ৰকাশ হল, যেতিয়া তেওঁ ইচাহাকক যি তেওঁৰ একমাত্ৰ পুত্ৰ আছিল, তাক মোৰিয়াহ পৰ্বতত বেদীত বলিৰ ৰূপে ৰাখিলে। এয়া সেই স্থিতি আছিল যত পৰমেস্বৰক তেওঁৰ প্ৰশংসা কৰিব লাগিল।

এলিএজাৰৰ শব্দক  মনোযোগেৰে পাঠ কৰক যি আব্ৰাহামৰ সহায়ক আছিল। তেওঁ কলে, ” মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”( আদিপুস্তক ২৪:২৭)।

পৰমেশ্বৰে আব্ৰাহামৰ তেওঁৰ বংশকে বংশ ধৰ  বংশ তেওঁৰ বিস্বাসৰ বাবে মনোনীত কৰিলে আৰু আশা দিলে। তেওঁ নিজকে ‘ আব্ৰাহামৰ সন্তান ‘ কয় আব্ৰাহামক উচ্চ কৰিলে ( মথী ১:১)। পৰমেশ্বৰ তেওঁৰ বাবে বিশ্বাসযোগ্য হয় থাকে যি তেওঁৰ প্ৰতি বিশ্বাসযোগ্য হয়।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, আপোনাৰ পূৰ্বপুৰুষ আব্ৰাহাম হয়। আপুনি তেওঁক বিস্বাসীৰ পিতৃ কয়। আপুনি আব্ৰাহামৰ উত্তৰাধিকাৰী হয়। সেই স্থিতিত, আপোনাকো  সিমানেই বিশ্বাসযোগ্য হব লাগে যিমান আব্ৰাহাম আছিল। কিয় এনেকুৱা নহয় নে?

পৰমেস্বৰক অধাৰ্মিকতা, দ্বৈত বাট আৰু অভিমানী কেতিয়াও পছন্দ নকৰে। ” তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।”( গীতসংহিতা ৫১:৬)। গীতকাৰৰ এই দৰৰ প্ৰাৰ্থনাৰ দৰে, আপোনাৰো প্ৰাৰ্থনা এনেকুৱা হওক!

মন কৰিবলগীয়া:” আপোনাৰ সাক্ষাতে তেওঁৰ মন বিশ্বাস যোগ্য পাই, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, যিবুচীয়া, আৰু গিৰ্গাচীয়া, এই কনানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্রতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্ৱৰ।”( নহিমিয়া ৯:৮) ।

Leave A Comment

Your Comment
All comments are held for moderation.