Appam - Assamese

জুন 29 – আদিতে আকাশ!

” আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। “( আদিপুস্তক ১:১)।

ঈশ্বৰৰে ঈস্বৰ, প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আমাৰ পৰমেস্বৰৰ পবিত্র শাস্ত্ৰ, ” আকাশ আৰু পৃথিবীৰ সৃষ্টি কৰ্তা  ” ৰূপে তেওঁৰ পৰিচয় কৰায়। ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে( আদিপুস্তক ১:৮)। আকাশৰ ভিতৰত মহা জ্যোতি স্থাপন কৰিলে। সেই দৰে সূৰ্য চন্দ্ৰমা  আৰু নক্ষত্র সৃষ্টি হল।

সেই পৰমেস্বৰক যেতিয়া প্ৰভু যীশুৱে পৰিচয় কৰায় তেতিয়া, ” স্বৰ্গত থকা পিতৃ ” আৰু পৰম পিতৃ কও, পুৰণি নিয়মত এবাৰো এনেকুৱা কোৱা নহল। ইস্ৰায়েলী সকলে তেওঁক প্ৰেমী পিতা ৰূপে নেজানিলে। অধিকাংশ সমষত  তেওঁক ন্যায় কৰা পৰমেস্বৰৰ ৰূপে চালে। চিনাই পাহাৰত পৰমেস্বৰ নামি অহা হৃদয়ক পৰিবৰ্তন কৰি দিয়া পৰিস্থিতি আছিল। মেঘৰ গৰ্জন  শুনা গল, বিজুলী জকমক  কৰি উঠিল সম্পূর্ণ পাহাৰ ধুৱাৰে পৰিপূৰ্ণ হয়  গল।

কিন্তু নতুন নিয়মত আপোনালোক সকলোৱে, তেওঁৰ ওপৰত প্ৰেম প্ৰকাশ কৰা আৰু তেওঁক বিস্বাস কৰাৰ দ্বাৰা তেওঁৰ সন্তান হয় যায়। “সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে।” ( ৰোমীয়া ৮:১৫, গালতীয়া ৪:৬) তেৱেঁই গোটেই পৃথিবীত সকলো জিবীত প্ৰাণীৰ সৃষ্টি কৰ্তা ৰূপে আছে। সকলো ব্ৰামান্ড সকলো পৰিয়ালৰ তেৱেঁই সৃষ্টি কৰ্তা হয়।

সন্তান ডাঙৰ হয় নিজৰ পিতৃৰ সমান হয় যায়,। সেই দৰে আপোনাকো স্বৰ্গীয় পিতৃৰ স্বভাব আৰু গুনত  বাঢ়ি যাব লাগে। যীশুৱে কলে, ” এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।”( মথী ৫:৪৮)।

সংসাৰৰ সকলো সৃষ্টিত পৰম পিতৃয়ে অধিক মহত্ব আপোনাক দিছে। আপোনাক নিজৰ সমানতাত  নিৰ্মাণ কৰি, নিজৰ স্বৰূপ আপোনাক দিছে। পবিত্র আত্মা দ্বাৰা আপোনাৰ সৈতে সহভাগিতা  ৰাখিছে। আপুনি সকলো জিবীত প্ৰাণী আৰু স্বৰ্গদুততকৈ অধিক বিশেষ হয়।

” আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা।  কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে।”( মথী ৬:২৬, ৩১,৩২)

মন কৰিবলগীয়া:” স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”( লুক ১১:১৩)।

Leave A Comment

Your Comment
All comments are held for moderation.