Appam - Assamese

ਦਸੰਬਰ 07 – পৰমেশ্বৰৰ বাহু!

“তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব,…( যিচয়া ৯:৬)।

আমাৰ প্ৰভুৰ দৃঢ় আৰু পৰাক্ৰমী  বাহুক  চোৱা! পবিত্র শাস্ত্ৰ কয় যে চৰকাৰ তাৰ বাহুৰ ওপৰত হব। যেতিয়া আমি তেওঁৰ বাহু চাও, তেতিয়া আমি তেওঁৰ শাসনক  চাও। ‘ শাসন’ শব্দৰ কেবাটাও অৰ্থ আছে যেনে প্ৰভুত্ব, অধিকাৰ আৰু দায়িত্ব। ইংৰাজী বাইবেলত ‘ চৰকাৰ শব্দৰ প্ৰয়োগ কৰা হৈছে।

এই জগতৰ কেবাটাও চৰকাৰৰ বিপৰীত, আমাৰ ঈস্বৰ স্বৰ্গীয় চৰকাৰ আছে, আৰু সকলো স্বৰ্গ আৰু পৃথিবীত ৰাজ্য কৰে। আৰু তেওঁৰ চৰকাৰৰ ওচৰত এই জগতৰ সকলো শক্তি আৰু উত্তৰাধিকাৰীৰ পূর্ণ অধিকাৰ আছে, কিয়নো তেওঁ সকলোৰে ওপৰত প্ৰভু হয়।

সেই বাবে আমি তেওঁক ‘ ভগবান ‘ নহয় কিন্তু পৰমেশ্বৰ কও। সকলো তেওঁৰ অধীনত আছে। যেতিয়া আপুনি তেওঁৰ দৃঢ় আৰু শক্তিশালী বাহু চাব, তেতিয়া আপুনি চাব যে স্বৰ্গ আৰু পৃথিবী আৰু পূৰ্ণ ব্ৰমান্ড তেওঁৰ বাহুৰ ওপৰত থোৱা আছে।

যেতিয়া চৌলক ইস্ৰায়েলৰ ওপৰত শাসন কৰিবলৈ ৰজা ৰূপে মনোনীত কৰিলে, তেতিয়া ইস্ৰায়েলৰ শিশুসকলৰ মাজত তেওঁৰ দৰে ধুনিয়া  কোনো নাছিল। তেওঁ নিজৰ বাহুৰ ওপৰত আৰু সকলো লোকতকৈ অধিক ওখ আছিল (১ চমূৱেল ৯:২)। কিন্তু আমাৰ পৰমেশ্বৰৰ মহিমা কি হয়? তেওঁ এই জগতৰ সকলো ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপালতকৈ ওপৰত হয়। তেওঁ এই সাংশাৰিক অধিকাৰী ভিতৰত কাৰোবাৰ তুলনা ইমান ৰাজস্ৰী আৰু গৌৰৱশালী আৰু উৎকৃষ্ট আৰু ওখ হয়। তেওঁৰ বাহুত গোটেই ব্ৰমান্ডৰ শাসন হয়।

এটি চৰকাৰৰ বাবে কেবাটাও দায়িত্ব থাকে। সৰ্বপ্ৰথম তেওঁক নিজৰ নাগৰিকৰ ৰক্ষা কৰিব লাগে। চৰকাৰক এয়া আইন স্থাপিত কৰিব লাগে। চৰকাৰক এয়া সুনিশ্চিত কৰাৰ বিষয় আৰু সাধন উপলব্ধ কৰাব লাগে যে নাগৰিকৰ সকলো বুনিয়াদী প্ৰয়োজন পূৰ্ণ হওক। ইমানেই নহয় তেওঁ লোকক নিজৰ লোকক শত্ৰুৰ দমনৰ পৰা ৰক্ষা কৰিব লাগে। সকলো নাগৰিকৰ নিজৰ মুলভুত  আৱশ্যকতাৰ পূৰ্ণ, ন্যায় আৰু সুৰক্ষাৰ বাবে চৰকাৰৰ ফালে চাব।

এই দৰে, আপোনাক নিজৰ পৰমেশ্বৰৰ বাহুক চাব লাগে, নিজৰ সকলো বেজা তেওঁ লোকৰ ওপৰত ঢালি দিব লাগে। এবাৰ যেতিয়া আপুনি এনেকুৱা কৰি লয়, তেওঁ আপোনাক ৰক্ষা কৰে, আপোনাৰ বাবে ন্যায় সুনিশ্চিত কৰে আৰু আপোনাক অদ্ভুত আৰু আনন্দৰ স্থিতিত থকা দেখে!

কিছু সাংশাৰিক ৰাষ্ট্ৰ বা চৰকাৰ শুকান বা আকালৰ সময়ত ব্যতীত হব পাৰে। কিন্তু পৰমেশ্বৰৰ স্বৰ্গীয় ৰাজ্যত এনেকুৱা কিবা শুকান বা আকাল বা এনেকুৱা কিবা প্ৰভাৱ নায়। এয়া পূর্ণ আশীর্বাদৰ ৰাজ্য হয়। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, সেই শাসনক চাওক যি যীশুৰ  বাহুত আছিল, আৰু তাক দৃঢ়তাৰে  সাৱটি ৰাখক।

মন কৰিবলগীয়া:”তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব,…তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব।…( যিচয়া ৯:৬, ৭)।

Leave A Comment

Your Comment
All comments are held for moderation.