No products in the cart.
ਦਸੰਬਰ 01 – ঈশ্বৰৰ কল্যাণ!
“অহ! তোমাৰ মঙ্গল কিমান যে মহান!যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা;তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা ( গীতমালা ৩১:১৯)।
আমি এনেকুৱা এটি সংসাৰত আছো যত দুষ্টতা আৰু অধৰ্মৰে পৰিপূৰ্ণ হয় আছে। কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে যিসকলক আপোনাৰ পৰা লাভ হয়, তেওঁ লোকো আপোনাৰ বিৰুদ্ধে উঠিবলৈ চেষ্টা কৰিব। কিন্তু এই সকলোৰে মাজত আমাৰ ঈস্বৰ আমাক সেয়া দিয়ে যি আমাৰ বাবে ভাল হয়। গীতিকাৰ দায়ুদে যিয়ে যিহোৱাৰ ভালৰ সোৱাদ ললে কয়, ” ( গীতমালা ৮৫ :১২) ।
এবাৰ এজন পালকে নিজৰ দল গীৰ্জা বনাবলৈ উপযুক্ত মাটিৰ নিৰীক্ষা কৰি ফুৰিছিল । আৰু তেওঁক বহুত সময় লৈকে উপযুক্ত ঠাই নাপালে। কিছু মাহৰ পিছত , তেওঁক কোনোবা নিজৰ মাটি বেচিবলৈ প্ৰস্তাৱ থলে, কিন্তু মূল্য বহুত বেছি আছিল। কিছু মাহৰ পিছত, কিন্তু গীৰ্জা ঘৰৰ সহায়কাৰী সকলৰ ওচৰত উপায় নথকা বাবে তেওঁ লোকে আগবাঢ়ি মাটিডোখৰ টুকুৰা টুকুৰিকৈ কিনাৰ সিদ্ধান্ত ললে। কিন্তু পালকে পৰমেশ্বৰৰ উপস্থিতত, ব্যক্তিগত প্ৰাৰ্থনাত, পৰমেশ্বৰৰ ইচ্ছা জানিবলৈ, আঠু কাঢ়ি দিলে। আৰু যিহোৱা তেওঁক কলে :” সোনকালে নকৰা যি ভাল হয় মই তোমাক দিম । যেতিয়া পালকে এই কথা অন্য লোকক কলে তেওঁলোক বহুত ক্ৰোধিত হল আৰু অসান্ত হল।
কিছু মাহ ব্যতীত হল এদিন, সেই ঠাইৰ এজন ধনী ব্যক্তি তেওঁক মাতিলে আৰু তেওঁক কলে যে তেওঁ অন্য দেশত থকাৰ সিদ্ধান্ত বনায় আছে। আৰু তেওঁৰ ওচৰত বহুত ধন আছিল সেই বাবে তেওঁ মাটিৰ এডোখৰ দীন দিলে। তেতিয়া সকলোৱে অনুভৱ কৰিলে কেনেকৈ প্ৰভুৱে তেওঁৰ সহায় কৰিলে আৰু মাৰ্গদৰ্শন কৰিলে আৰু তেওঁ লোকক ভাল বস্তু দিলে। তেওঁ লোকে কৃতজ্ঞতাৰে পৰমেশ্বৰৰ স্তুতি কৰিলে।
নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত থকাসকলক যাক প্ৰেম কৰে উত্তম বস্তু নিদিবনে ? তেওঁ লোকে অৱশ্যে প্ৰদান কৰিব। এনেকুৱা সময় যত আমি নতুন বছৰৰ ওচৰত আহিছো, আমাৰ পৰমেশ্বৰ নিজকে এয়া কয় প্ৰতিঞ্জা কৰিলে:”অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব,আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম। ( গীতমালা ২৩:৬)।
হব পাৰে আপুনি এই পূৰ্ণ বছৰত বহুত অধিক পৰিস্থিতিৰ সন্মূখীন হল, আৰু দুখ আৰু চকুলো বাটত চালিত হয় আছে চাগে।কিন্তু যদি তুমি যিহোৱাক প্ৰেম কৰা আৰু তেওঁৰ ওপৰত ভাৰষা ৰাখা,তেতিয়া তেওঁ তোমাৰ বাবে সেই কঠোৰতা আৰু পীড়াক আতৰ কৰি দিব “আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, h তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে( ৰোমীয়া ৮:২৮) । আমাৰ প্ৰভু যি শিলৰ পৰা পানী ওলাই, তেওঁ কৰিব জংঘলৰ জীবন পুনৰ নাচিবলৈ আৰু সমৃদ্ধ হবলৈ।
মন কৰিবলগীয়া:”তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব,যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।” ( যিৰিমিয়া ৩১:১২)।