No products in the cart.
ਨਵੰਬਰ 27 – তিনিটি স্তৰ!
“কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু জীৱন কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। (১ যোহন ২:১৬)।
শৰীৰৰ বাসনা, চকুৰ বাসনা আৰু জীবনৰ অভিমান চয়তানৰ যুদ্ধত তেওঁৰ তিনিটা ভয়ানক অস্ত্ৰ সস্ত্ৰ হয়। কেৱল ইয়াৰ পৰাই তেওঁ এদন বাগিচাত হাৱাৰ পৰীক্ষা ললে, আৰু তাইক ভাল আৰু বেয়া জীবন বৃক্ষৰ ফলৰ ইচ্ছা কৰিবলৈ কলে।
পবিত্র শাস্ত্র কয় :” নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে। ( আদিপুস্তক ৩:৬)।
যেতিয়া আপুনি ওপৰৰ বাক্য মনোযোগেৰে চায়, তেতিয়া আপুনি পৰীক্ষনৰ তিনিটা ঘটনা আৰু জীবনৰ অভিমানৰ অন্তসৰ্বধ পাব। যেতিয়া আদম আৰু হাৱাক মিচা কোৱা হল আৰু পৰীক্ষাত অসফল হল, তেওঁক পীড়া আৰু দুখৰ সৈতে পৰমেশ্বৰৰ উপস্থিতক এৰিব লগা হল।
আকৌ যেতিয়া যীশু জংঘলত আছিল, ৪০ দিন আৰু ৪০ ৰাতি উপবাস কৰাৰ পিছত, চয়তানে তেওঁৰ ওপৰত পৰীক্ষা দিলে। আমি ইয়াৰ বিষয়ে মথি ৪ অধ্যায়ঃ ত বহলকে পঢ়িব পাৰো। তেওঁ যীশু ওপৰত এটাৰ পিছত এটা তিনিটা পৰীক্ষা জাৰি কৰিলে। কিন্তু যিহোৱা পৰমেশ্বৰৰ বাক্যৰ দ্বাৰা, চয়তানৰ সকলো পৰীক্ষাৰ ওপৰত জয়ী প্ৰাপ্ত হল। যত চয়তানেও পবিত্র শাস্ত্ৰ বাক্য প্ৰয়োগ কৰিলে কিন্তু এই বোৰ ব্যৰ্থ হল। কিয়নো পৰমেশ্বৰৰ বাক্য চয়তানৰ সকলো পৰীক্ষা আৰু প্ৰত্যক বেয়া কল্পনা ওপৰত অধিকাৰ পাবলৈ সক্ষম আছিল।
জীবনৰ পৰীক্ষা আৰু পৰীক্ষা বোৰৰ ওপৰত জয়ী হবলৈ , আপোনাক অধিককৈ পৰমেশ্বৰৰ প্ৰতিঞ্জাৰ ঘোষনা কৰিব লাগে। পবিত্র আত্মা আপোনাৰ মগজুত আনে, সেয় ক্ষনতে আপোনাক সেই পৰিস্থিতিত জয়ৰ দাবী কৰাৰ আৱশ্যকতা হব। আমাৰ প্ৰভু যীশু খ্রীষ্ট, যি পৰীক্ষাৰ ওপৰত জয়ী হল আৰু নিজৰ পবিত্রতা ৰাখিল , আপোনাৰ জীবনৰ সকলো পৰীক্ষাৰ সময়ত তেৱেঁই আপোনাক বিজয় প্ৰদান কৰাত সক্ষম হয়।
এবাৰ চয়তানে দায়ুদক ঈস্ৰায়েলীৰ জনগননা কৰিবলৈ উৎসাহিত কৰিলে। স্কুৰতীয়া যিহোদাক ধনৰ লোভ দি প্ৰভুক বিশ্বাস ঘাত কৰালে । তেওঁ পিতৰক গেহুৰ দৰে চালনি কৰি তেওঁৰ পৰীক্ষা ললে। তেওঁ হননিয়া আৰু চৰীফাক পবিত্র আত্মাক মিচা কবলৈ প্ৰলোভিত কৰিলে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, চয়তানৰ দুষ্ট ফান্দ যিকোনো হওক, ঈস্বৰ সদায় আপোনাৰ সৈতে আছে, আপোনাৰ সহায় কৰিবলৈ, আপোনাৰ সৈতে যুজ দিবলৈ, আপোনাক দৃঢ় কৰিবলৈ আৰু বিজয় প্ৰদান কৰিবলৈ।
মন কৰিবলগীয়া :”মই নিজে যেনেকৈ জয় কৰিf মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।” ( প্ৰকাশিত বাক্য ৩:২১)।