No products in the cart.
ਨਵੰਬਰ 26 – তিনিটা সাক্ষী!
“আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।” ( ১যোহন ৫:৮)।
ইয়াত পাঁচনি পৌলে তিনিটা কথাৰ বিষয়ে কথা পাতে যি সাক্ষী দিয়ে _ আত্মা জল আৰু তেজ। এয়া সকলো শুচিকৰনৰ সাক্ষী দিয়ে, যাৰ মাধ্যমেৰে ব্যক্তি পৰমেশ্বৰৰ উপস্থিত প্ৰৱেশ কৰাৰ যোগ্য হব পাৰে।
পুৰণি নিয়মৰ দিনত, যদি কাৰোবাক ৰজাৰ উপস্থিতত প্ৰৱেশ কৰিব লগা হৈছিল, তেতিয়া তেওঁক নিজকে শুচি কৰিবলৈ কেবাটাও অনুষ্ঠান কৰিব লগা হৈছিল। শাস্ত্ৰত তিনি প্ৰকাৰৰ শুচিৰ ব্ষয়ে উল্লেখ আছে। গননাপুস্তকৰ কিতাব, অধ্যায়ঃ ১৯ ত, আমি পানীৰ শুচিকৰনৰ বিষয়ে পাঠ কৰো, যি শাৰীৰিক শুচিৰ সংকেত দিয়ে।
ৰক্তৰ দ্বাৰা শুচি, আন্তৰিক মনুষ্যৰ শুচি বা আত্মাৰ শুচিক ইংগিত কৰে। আন্তৰিক মনুষ্যৰ বাবে ঈশ্বৰৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ, আত্মাৰ শুচি হোৱা আৱশ্যক আছে।
পবিত্র শাস্ত্ৰ তৃতীয় প্ৰকাৰৰ শুচিৰ বিষয়ে কথা পাতে যি আত্মাৰ দ্বাৰা হয় । আমি যিচয়া ৪:৪ পদত পঢ়ো ,ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব। .. ”
তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে.. ( যোহন ১৩:৫)। আজিও, জল বাপ্তিস্মৰ প্ৰতীক হয়, যি সেয়া প্ৰতিঞ্জা হয় যি আমি আমাৰ প্ৰভুৰ সৈতে বনাও।
নিজৰ শিষ্যৰ ভৰি ধুৱাই দিয়াৰ পিছত, যীশুৱে কালবাৰীত ক্ৰুচৰ ওপৰত নিজৰ তেজ বুৱালে । আৰু যীশু খ্রীষ্টৰ তেজ আমাৰ সকলো পাপৰ পৰা শুচি কৰে।
ইয়াৰ পিছত পেন্টিকচৰ দিনত, পবিত্র আত্মাৰ সামৰ্থ সেই সকলোৰে ওপৰত বাকি দিলে যি ওপৰৰ কোঠাত একগোট হৈছিল। তিনি প্ৰকাৰৰ শুচি, জলৰ দ্বাৰা, ৰক্ত দ্বাৰা আৰু আত্মাৰ দ্বাৰা, এই সকলো পৰমেশ্বৰৰ সন্তানৰ বাবে মহূৰ্তপূৰ্ন আৰু আৱশ্যক হয়।
যদি আমাৰ প্ৰভু আমাৰ পাপৰ প্ৰায়চিত্ত ৰূপে স্বয়ং বলিদান নকৰিলে আৰু নিজৰ তেজ ক্ৰুচত বুৱাই নিদিয়া হলে, তেতিয়া আমাৰ মাজত কোনেও পবিত্র আত্মাক প্ৰাপ্ত কৰাৰ যোগ্য নাছিল। এয়াই কাৰন হয় যে পুৰনি নিয়মত, আমি কেৱল পবিত্র আত্মাৰ সাময়িক দৰ্শনৰ বিষয়ে পাঠ কৰো, মানুহৰ হৃদয়ত স্থায়ী ৰূপে থকাৰ বিষয়ে।
কিন্তু আমি শুচি হয় গলো আৰু আমাৰ ভিতৰত পবিত্র আত্মা প্ৰাপ্ত কৰিবলৈ যোগ্য হয় গলো, কিয়নো যীশু খ্রীষ্ট ক্ৰুচত যি বহুমূল্য ৰক্ত বুৱালে, যে আমি তেওঁৰ জীবন আমিত প্ৰাপ্ত কৰো। আৰু পৰমেশ্বৰ যি আত্মাত হয় আমাৰ অবিশেষ কৰে। আমাৰ ভিতৰত যীশুৰ জীবন আৰু পবিত্র আত্মাৰ শক্তি হোৱা কিমান মহান অনুভৱ হয়! পৰমেশ্বৰৰ মৰমিয়াল সন্তান, নিজকে নিজে শুচিৰ বাবে প্ৰতিবদ্ধ কৰক।
মন কৰিবলগীয়া :”…“নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে৷ আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব” ( প্ৰকাশিত বাক্য ৫:৯, ১০)।