No products in the cart.
ਨਵੰਬਰ 25 – তিনিটা অংগীকাৰ!
“কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে, আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম।” (১ কৰন্থীয়া ২:২)।
এয়া দৃঢ় অংগীকাৰ হয় যি আপুনি আপোনাৰ জীবনত কৰে, যি আপোনাৰ ৰক্ষা কৰে আৰু আপোনাক ঈশ্বৰৰ আশীর্বাদ আৰু অনুগ্রহ প্ৰাপ্ত কৰাত সহায় কৰে। আহক আজি আমি পৰমেশ্বৰৰ তিনিটা মনুষ্যৰ দৃঢ় সংকল্পৰ বিষয়ে বিচাৰ কৰো।
সৰ্বপ্ৰথম, দানিয়েলৰ অংগীকাৰ। দানিয়েলে ভাবি ললে যে তেওঁ বাবিলৰ আত্মা বা ভোজনৰ পৰা নিজকে অশুচি নকৰিব। পবিত্র শাস্ত্ৰ কয় :”কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়” ( দানিয়েলে ১:৮)।
এই প্ৰতিবন্ধতা বাবে, পৰমেশ্বৰে তেওঁক প্ৰধান অধিকাৰী পৰা দয়া আৰু অনুগ্ৰহ প্ৰদান কৰিলে ( দানিয়েল ১:৯)। “দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল। ( দানিয়েল ১:১৫)। “ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে। ( দানিয়েল ১:২০)।
আজি, আপুনি প্ৰভুৰ বাবে ধৰ্মী হবলৈ প্ৰতিবন্ধ কৰে। আৰু সংসাৰৰ যিকোনো অশুচি , বেয়া আৰু বাসনা কেতিয়াও অশুচি হবলৈ নিদিয়ক । যেতিয়া আপুনি এই দৰে প্ৰতিবন্ধ তা বা অংগীকাৰ কৰে, তেতিয়া আমাৰ পৰমেশ্বৰ আপোনাক সকলো বেয়া পৰা ৰক্ষা কৰিব, কিন্তু আশীর্বাদ দিব আৰু আপোনাক উপৰ তুলিব।
দ্বিতীয়, আহক আমি যাকোবৰ অনুগ্ৰহ ওপৰত চিন্তা কৰক। তেওঁ যি কিছু যিহোৱা দিয়ে তাৰ দশমভাগ দিবলৈ প্ৰতিঞ্জা দিছে। তেওঁ কলে:” তেতিয়া এই যি শিল মই স্তম্ভ স্বৰূপে স্থাপন কৰিলোঁ, ই এক পবিত্র শিল হ’ব; আপুনি মোক যি যি দিব, মই তাৰ দহ ভাগৰ এভাগ আপোনাক ঘূৰাই দিম।”( আদিপুস্তক ২৮:২২)। কিয়নো তেওঁ নিজৰ নিজৰ মনত প্ৰভুৰ আনন্দ পূৰ্বক দিবলৈ সিদ্ধান্ত লয় ছিল।সেই বাবে যিহোৱা তাৰ ওপৰত বহুত প্ৰসন্ন হোৱা। এই কাৰনে যাকুবে , যাৰ হাতত প্ৰৰ্থমে একো নাছিলা , বহুত ধন আৰু বহুত দাস আৰু বহুত পহু লয় উভতি আছিল। আমি আদিপুস্তক ৩২:১০ বহুত স্বীকৃতি চাও :” যিহোৱা মোৰ অধিকাৰৰ অংশ;
মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ”।( গীতমালা ১১৯:৫৭)। যেতিয়া যিহোৱা তাৰ উৎসাহৰ দৃষ্টি কৰিলে, তেতিয়া সি তেওঁক তুলি সকলো ইস্ৰায়েলৰ ৰজা বনালে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যদি আপুনি নিজৰ হৃদয়ত পৰমেশ্বৰৰ বাক্যক মহত্ব দিয়া নিশ্চিত কৰে, তেতিয়া তেওঁ বহুতকৈ আশীর্বাদ দিব আৰু আপোনাক ওপৰ তুলিব। আপোনাক কেতিয়াও লাজত পৰিব নিদিব।
মন কৰিবলগীয়া :” মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম;মই তোমাৰ বাক্য নাপাহৰিম”।( গীতমালা ১১৯:১৬)।