Appam - Assamese

ਨਵੰਬਰ 10 – ক্ষমা কৰক আৰু স্তুতি কৰক!

“তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।” ( মথি ৫:২৪)।

আপুনি নিজৰ কুটিলতা, সাংশাৰিক উৎসাহ আৰু ক্ষমাশীল স্বভাৱৰ সৈতে কেতিয়াও পৰমেশ্বৰৰ উপস্থিতত প্ৰৱেশ কৰিব নোৱাৰে। তুমি তেওঁৰ আৰাধনা কৰিব নোৱাৰা যি পৰমেশ্বৰক পছন্দ। আমি সকলোৱে দুজন পুত্ৰৰ কাহিনী জানো, যত ডাঙৰ পুত্ৰ নিজৰ কুটিলতা কাৰনে পিতৃৰ সৈতে মধুৰ ভোজৰ  আনন্দ নলোৱাৰ  সিদ্ধান্ত কৰিলে।

এজন কঠিন ব্যক্তিক নৃত্য গীত, কোনো বস্তুতে আগ্ৰহ নহয়, পিতৃৰ সৈতে মিলাপ কৰিবলৈ আৰু তেওঁৰ সৈতে ভোজ কৰিবলৈ ইচ্ছুক হব। এই সকলো কঠিনতাৰ মুল কাৰন  , সৰু ভায়েকক ক্ষমা কৰা আৰু স্বীকাৰ কৰাৰ অনিশ্চা হয়, যিয়ে নিজৰ পাপী স্বভাৱৰে অনুতাপ কৰিলে আৰু পিতৃৰ ওচৰত উভতি আহিলে ডাঙৰ ভায়েক সৰু ভায়েকৰ আনন্দত সংযোগ হব নোৱাৰিলে।

পবিত্র শাস্ত্ৰত আপোনাক বেদীৰ  ওচৰলৈ যোৱাৰ আগেয়ে নিজৰ উপহাৰ এৰি প্ৰৰ্থমে নিজৰ ভায়েকৰ সৈতে মিলন কৰিবলৈ কয়। আৰু তাৰ পিছত তুমি হয় যিহোৱাক নিজৰ দান আগবঢ়াব কৈছে, আৰু তেওঁৰ আৰাধনা কৰিব পাৰিব। তেতিয়া আপুনি স্বাধীন আৰু সম্পূর্ণ মনেৰে পৰমেশ্বৰৰ আৰাধনা কৰিব পাৰিব। আমাৰ প্ৰভুৱে আমাক ক্ষমাৰ  ভাৱ শিকায়ছে আৰু কালবাৰীৰ ক্ৰুচত এয়া প্ৰদৰ্শন কৰিলে।

শাস্ত্ৰত নিম্নলিখিত নিৰ্দেশ দিয়ে ” কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,” ( মথি ৫:৪৪)।  যেতিয়া তেওঁক ক্ৰুচত দিয়া হৈছিল, তেতিয়া আমাৰ প্ৰভুৱে তেওঁক তাড়না কৰা বিলাকক ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰিছিল, যিয়ে তেওঁক ক্ৰুচত দিছিল। তেওঁ প্ৰাৰ্থনা কৰিলে :” হে পিতৃ, এওঁলোকক ক্ষমা কৰা;i কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।” ( লুক ২৩:৩৪)।

” দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে;( হিতোপদেশ ১৫:৮)।পৰমেস্বৰৰ স্তুতি কৰাৰ আগেয়ে, আপোনাক আপোনাৰ হৃদয় শুচি কৰিব লাগে আৰু তাক যীশু খ্রীষ্টৰ তেজেৰে শুচি কৰিব লাগে। পবিত্র আত্মাক প্ৰাৰ্থনা কৰক যে তেওঁ আপোনাৰ পাপৰ দাগ ধুই শুচি কৰে। পবিত্র শাস্ত্ৰ কয়, ” কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, e তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। “( ১যোহন ১:৯)। “যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব;কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব। ( হিতোপদেশ ২৮:১৩)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰমেশ্বৰৰ স্তুতি কৰাৰ আগেয়ে অন্যৰ দোষক  সম্পূর্ণ ৰূপে ক্ষমা কৰি দিয়ক। যেনেকৈ খ্ৰীষ্ট নিজৰ প্ৰেমীময় কৃপা আৰু কৰুনাৰে আপোনাৰ পাপক  ক্ষমা কৰিলে। তেনেকৈ আপোনাক ইজনে সিজনক ক্ষমা কৰিব লাগে। ইয়াৰ পিছত যেতিয়া আপুনি তেওঁৰ স্তুতি কৰিব, তেতিয়া পৰমেশ্বৰৰ উপস্থিত স্বীকাৰ কৰা হব আৰু তাক সুগন্ধিযুক্ত গুন্ধ ৰূপে প্ৰসন্ন কৰিব।

মন কৰিবলগীয়া:” সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। “( ইফিচিয়া ৪:২৫)।

Leave A Comment

Your Comment
All comments are held for moderation.