Appam - Assamese

নভেম্বর 07 – হৃদয়ৰ সন্তুষ্টি!

“… কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ।….সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।”(ফিলিপীয়া ৪:১১, ১২)।

উক্ত বাক্যত, পাঁচনি  পৌলে শিকা আৰু শিকাৰ পিছত কিছু কথা পাতে। কিছু বস্তু হয় যি নিজে শিকে। আৰু কিছু আৰু বস্তু আছে যি আপুনি বেলেগৰ শিক্ষাৰ পৰা শিকে। আৰু কিছু এনেকুৱা সত্য আছে যি পৌলে নিজৰ অনুভৱৰ পৰা শিকে, নিজৰ আত্মিক জীবনৰ নিৰ্মাণ কৰিবলৈ। আৰু অন্য সত্য হয় যি বিভিন্ন পৰিস্থিতিৰ মাজেৰে পৰমেশ্বৰৰ দ্বাৰা শিকায়। সকলো পৰিস্থিতিত সন্তুষ্ট থকা এটি মহান বিশেষ অধিকাৰ হয়।

এটি জাগ্ৰিত সেৱকৰ বাবে গধুৰ ধুমুহা আহে আৰু তেওঁ গধুৰ মনেৰে গনত্ব অৰন্যৰ মাজৰ পৰা পাৰ হৈছে। তেতিয়া তীব্ৰ বতাহৰ বাবে গছৰ শাখা ভাঙী গল আৰু সকলে শুকান পাত মাটিত পৰি গল। আত্মিক মানুহজনে ভাবিছিল তেওঁৰ জীবনত আৰু বাটত ইমান ডাঙৰ ধুমুহা কিয় আহিল।

তেতিয়া যিহোৱা ধুমুহাৰ মাজেৰে তেওঁক কলে,” তুমি এই প্ৰচণ্ড ধুমুহাৰ লাভ গছক নুবুজা নে? এয়া সত্য যে গছ লৰচৰ কৰি যায়, কিন্তু এনেকুৱা ধুমুহাৰ বাবে সেই বোৰৰ শিপা মাটিৰ তললৈ গয়  দৃঢ় কৰে আৰু সকলো শুকান পাত আতৰি যায়, এই দৰে গছ নবনীকৰন আৰু পুনৰ জীবন কৰে।

ইয়াৰ অতিৰিক্ত, বতাহৰ কাৰনে গছৰ মাজত এটি ডাঙৰ ক্ষেত্র বিচিন্ন হয় যায়, যাৰ চাৰিওফালে নতুন গছ সৃষ্টি হবলৈ আৰাম্ভ কৰে। এই দৰে, যেতিয়া আপোনাৰ জীবনত ধুমুহা আহে, তেতিয়া ই আপোনাক গভীৰ আধ্যাত্মিকৰ  ফালে লয় যায় আৰু আপোনাক ঈশ্বৰৰ সৈতে আৰু গভীৰ তাৰে জড়িত হয় থাকিবলৈ কৃপা প্ৰদান কৰে। ” সেই দিনা পৰা আস্তিকজনে নিজৰ হৃদয়ত সন্তুষ্ট হবলৈ শিকি ললে, লাগিলে যিকোনো পৰিস্থিতি হওক।

এয়া সত্য যে পৌল মহান পুৰহিতৰ এজন আছিল, আৰু তেওঁ অগননা  কৰিব পৰা লোকক খ্ৰীষ্টৰ ফালে লয় যোৱাত সক্ষম আছিল। কিন্তু তেওঁৰ শৰীৰত এটি কাইটেৰে কষ্ট দিয়া হল, যাক তেওঁ ‘ চয়তানৰ দুত’ বুলি কলে। কিন্তু সেই পৰিস্থিতিতো সন্তুষ্ট থাকিবলৈ শিকি ললে।

দায়ুদ ইতিহাসৰ ৰজাৰ মাজত এজন মহান আছিল। কিন্তু তেওঁ লোকৰ পৰিয়ালৰ মাজতো প্ৰতিদ্বন্দিতা আছিল। তেওঁ লোকৰ পিছ তেওঁৰ নিজৰ পুত্ৰই কৰিলে। আব্ৰাহমক বহুত বিশ্বাস আছিল আৰু তেওঁক বিশ্বাসৰ পিতৃ কোৱা হয়। কিন্তু তেওঁক নিজৰ সুন্দৰ পত্নীৰ বাবে অসান্তিৰ বাটেৰে যাব লগা হল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আজি আপোনাৰ যিকোনো পৰিস্থিতি হওক, লাগিলে কষ্ট হওক বা বহুতকে, লাগিলে অসান্তিত হওক বা শান্তিতে, প্ৰভুত সন্তুষ্ট আৰু আনন্দিত থাকিবলৈ শিকক। এয়া আপোনাৰ জীবনত বহুত ডাঙৰ আশীর্বাদ হব।

মন কৰিবলগীয়া:”বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।” ( হিতোপদেশ ১৫:১৬)।

Leave A Comment

Your Comment
All comments are held for moderation.