Appam - Assamese

অক্টোবর 04 – তেওঁৰ গৌৰৱশালী শৰীৰৰ অনুৰূপ!

“তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব”।( ফিলিপীয়া ৩:২১)।

এই সংসাৰত আমাৰ ওচৰত যি শৰীৰ আছে কিমান মূল্যহীন  হয়, আৰু এয়া ৰোগেৰে প্ৰভাৱিত, আৰু ভাগৰ, বাবে দিয়া হয়। এয়া শৰীৰো  হয় যি বহুত বিষ, পীড়াৰ মাজেৰে পাৰ হয় যায়। কিন্তু আমাৰ ঈস্বৰ ইয়াক নিজৰ গৌৰৱশালী শৰীৰৰ অনুৰূপ বনায়।

এয়া ৰূপান্তৰিত শৰীৰ যীশু খ্রীষ্টক পুনৰিত্থত শৰীৰৰ সমান হব। আমাৰ ভ্ৰষ্ট শৰীৰ অবিনাশী ধাৰন কৰিব আৰু আমাৰ নাশৱান শৰীৰ অমৰতা ধাৰন কৰিব। পাঁচনি পৌলে প্ৰৰ্থম যোহনত  ৩য় অধ্যায়ঃ ত ২ পদত এই ধৰনৰে লিখে :”… কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷”(১যোহন ৩:২)।

যীশু খ্রীষ্টৰ পুনৰিত্থত শৰীৰ কিমান মহিমান্বিত আৰু অদ্ভুত হয়! সেই শৰীৰত, তেওঁ বন্ধ কোঠাত প্ৰৱেশ কৰিলে, যত তেওঁৰ শিষ্য একগোট আছিল, তেওঁক শান্তিৰ আশীর্বাদ দিলে আৰু তেওঁ লোকৰ পৰা বিভেদ হয় গল। নিজৰ শিষ্যৰ উপস্থিতত, জীতৰ  পৰ্বতত, যীশু খ্রীষ্টৰ সেই পুনৰ জীৱিত শৰীৰত স্বৰ্গ লয় যোৱা হব আৰু পিতৃৰ সোঁহাতে  নিজৰ আসন  গ্ৰহণ কৰিলে।

আপোনাৰ শৰীৰক পৰমেস্বৰে, তেওঁৰ আত্মাৰ দ্বাৰা ৰূপান্তৰিত কৰিলে। আপুনি নিজে ভৌতিক শৰীৰক শক্তি দিবলৈ তিনিবাৰ ভোজন কৰে। সেই সময়ত, আপুনি আন্তৰিক মনুষ্যক ৰূপান্তৰিত কৰিবলৈ পৰমেশ্বৰৰ বাক্য গ্ৰহন কৰে। আমাৰ পৰমেশ্বৰৰ বাক্যৰ তুলনা মৌ ছাকৰ  পৰা পৰা মৌৰ দৰে হয়। এই দৰে পবিত্র আত্মাৰ  তুলনা  অবিশেষৰ তুলনা ৰুটি, মাছ আৰু কনী  সৈতে কৰে। এই আধ্যাত্মিক ভোজনেৰে আন্তৰিক মনুষ্য দৃঢ় হয় ।

ইয়াৰ বাদে, তেওঁ আমাক নিজৰ শৰীৰ আৰু নিজৰ তেজ দি দিলে, যাতে আপোনাৰ শৰীৰ মহিমাত গৌৰৱশালী হয়, যেনেকৈ তেওঁৰ পুনৰিত্থত শৰীৰক। যেতিয়া তুমি ৰুটি খোৱা আৰু দ্ৰাক্ষৰস পান কৰা, তেতিয়া যীশু খ্রীষ্টৰ শৰীৰ তোমাৰ শৰীৰত মিলিত হয় যায়, আৰু তুমি নজনাকৈ  তোমাৰ শৰীৰ তেওঁৰ শৰীৰৰ সমান ৰূপান্তৰিত হয় থাকে।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যেতিয়া যীশু খ্রীষ্ট নিজৰ বৈভৱত, পিতৃৰ মহিমা, নিজৰ মহিমান্বিত স্বৰ্গদুতৰ সৈতে আহিব, তেতিয়া আপোনাৰ বেয়া শৰীৰ তেওঁৰ গৌৰৱশালী শৰীৰত পৰিবৰ্তন কৰি দিব। কিয়নো তোমাৰ পাৰ্থিৱ শৰীৰ স্বৰ্গীয় দেহ ধাৰন কৰিব, তোমালোক সকলোৱে তেওঁৰ সৈতে স্বৰ্গত তুলি নিয়া হব। অহ  কিমান মহিমান্বিত অনুভৱ হয়।

মন কৰিবলগীয়া:”আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।” ( ১যোহন ৩:৩)।

Leave A Comment

Your Comment
All comments are held for moderation.