Appam - Assamese

অক্টোবর 03 – মহিমাৰ মুকুট!

“তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।” ( হিতোপদেশ ৪:৯)।

ৰজাৰ মুৰত এটি মুকুট ৰখা হয়। সন্মানিত মুকুট সাধাৰনতে সোণ, ৰূপ, মনি মুকুতা ৰত্ন আদিৰে সজোৱা হয়। মুকুটে এয়া স্পষ্ট কৰি দিয়ে যে পিন্ধা ব্যক্তি জন হয় যি সম্পূর্ণ ৰাজ্যত শাসন কৰে আৰু ৰাজ্য কৰে। এয়া সত্য আৰু নিজস্ব ৰাজত্বৰ প্ৰতীক হয়, আৰু শক্তি, অধিকাৰ আৰু সকলোৰে ওপৰত শক্তিক ইংগিত কৰে।

যত এয়া সকলো সত্য হয়, সকলো সংশাৰিক মুকুট সময়ৰ লগত অপ্ৰাসংগিক হয় যাব। যদি আপুনি কোনোবা সোনাৰীক  দিয়ে, তেতিয়া তেওঁ কিছু মিনিটতে  তেওঁ পুনৰ সোণৰ গঠনত পৰিবৰ্তন কৰি দিব। এয়া সত্য যে এজন ৰজা কিছু ৰাজ্য জয় কৰি লব, তেওঁ বৰ্তমানৰ ৰাজত্বকাৰীৰ পৰা কাঢ়ি লয়। আৰু এয়া এনেকুৱা যে নাশবান  মুকুট পাবলৈ ইমান বোৰ লোক যুদ্ধৰ ক্ষেত্রত নিজৰ প্ৰানৰ  বলিদান দি দিয়ে।

কিন্তু পবিত্র শাস্ত্ৰ অদৃশ্য মুকুটৰ বিষয়ে কথা পাতে, “যি জনাই অসীম দয়া আৰু নানা প্ৰকাৰ কৰুণাৰ মুকুটেৰে তোমাক বিভূষিতa কৰে,যেনে অনুগ্ৰহ মুকুট, কোমল দয়াৰ মুকুট আৰু প্ৰেমীময় কৃপাৰ মুকুট( গীতমালা ১০৩:৪)। কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে

বিভূষিত কৰিলা; ( ইব্রী ২:৭)।এয়া মুকুট সংশাৰিক মুকুট আৰু নাশৱান মুকুট তকৈ অধিক উত্তম আৰু মহান হয়। পাঁচনি  পৌল এই মুকুটৰ বিষয়ে এইদৰে লিখিছে :”আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।  (১ কৰন্থীয়া ৯:২৫)।

প্ৰভু নিজৰ দয়া আৰু কৃৰ্পাৰ সৈতে আপোনাক মুকুট পিন্ধাই। কিছু লোক উচ্চ উপাধি নিজৰ মুকুট ভাৱে। কিছু লোক নিজৰ কাৰ্য্যক যেনে চিকিৎসক, উকীল বা ইন্জিনিয়াৰক নিজৰ মুকুট ভাৱে। আৰু ৰাজ্য নেতা সকলে বিধান সভাৰ সদস্য বা সংসদৰ সদস্য ৰূপে নিজৰ পদক নিজৰ মুকুট ভাৱে।

কিন্তু পৰমেশ্বৰৰ সন্তানৰ বাবে কেৱল পবিত্র আত্মাৰ অবিশেষ মুকুট হয়। যত ৰজা দায়ুদে ইমান সাংশাৰিক মুকুট প্ৰাপ্ত কৰাত সক্ষম আছিল, তেওঁ কেৱল পবিত্র আত্মাৰ অবিশেষক সকলোতকৈ উৎকৃষ্ট মুকুট ভাবিলে। তেওঁ গীতমালা ৯২ নম্বৰ ১০ পদত ঘোষণা কৰে :” কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিকa তুলি ধৰিলা;তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।”

এই অবিশেষৰ মাধ্যমেৰে, আমি ওপৰৰ শক্তি সৈতে সম্পন্ন হওয়ার। পবিত্র আত্মা আপোনাৰ হৃদয়ত বাস কৰিবলৈ লয়, আৰু আপুনি তেওঁৰ শক্তি আৰু মহিমাৰে পৰিপূৰ্ণ হয় যায়। আৰু এয়া আপোনাৰ পৰা কোনো কাঢ়িব নোৱাৰে। এয়া কেৱল এই ধৰনৰ অবিশেষৰ কাৰন হয় যে আত্মাৰ উপহাৰ আমাৰ জীবনত কাৰ্য্য কৰে, আৰু আত্মাৰ মিঠা ফল উৎপন্ন হয়। আৰু এয়া পবিত্র আত্মাৰ অবিশেষ হয় যি আপোনাক এই জগতত অন্যৰ পৰা বিভেদ কৰে।

মন কৰিবলগীয়া:”তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা;তুমি মোৰ মূৰ তেলেৰে তিয়াইছা;মোৰ পান-পাত্ৰ উপচি পৰিছে” ( গীতমালা  ২৩:৫)।

Leave A Comment

Your Comment
All comments are held for moderation.