Appam - Assamese

অক্টোবর 01 – কেতিয়াও পাহৰি নোযোৱা!

“হে যাকোব, আৰু ইস্ৰায়েল, এই বিষয়ে চিন্তা কৰা; কাৰণ তুমি মোৰ দাস: মই তোমাক নিৰ্মাণ কৰিলোঁ; তুমি মোৰ দাস; হে ইস্ৰায়েল মই তোমাক নাপাহৰিম। ( যিচয়া ৪৪:২১)।

“তুমি মোৰ। মই তোমাৰ নাম লয় মাতিলো।আৰু মই তোমাক মাতৃৰ গৰ্ভৰ পৰা বাচি ললো। হে ইস্ৰায়েল, তুমি মোৰ দ্বাৰা কেতিয়াও পাহৰি নাযাবা”, যিহোৱাৰ এয়া বাণী হয়। আমি এখন ধন্যবাদ হীন জগতত বাস কৰো যি সকলো লোককে পাহৰি যায়। যি সকলে আপোনাৰ চেহাৰৰ  লাভ উঠায় তেওঁ কৃতন্ঘ্ন হব পাৰে আৰু আপোনাৰ প্ৰতি শত্ৰতাপূৰ্ন হব পাৰে।

যাক আপুনি প্ৰেম কৰে, তেওঁ সকলো স্নেহ পাহৰিব পাৰে আৰু আপোনাক শাও দিব পাৰে। এয়ালৈ যে যিসকলে আপোনাৰ প্ৰয়োগ কৰিলে আৰু জীবনত আহিবলৈ আপোনাৰ লাভ ওঠালে  , তেওঁ লোকো আপোনাক বেয়া ভাবিব বিচাৰে। ইমানেই নহয় আপোনাৰ লাভাৰ্থী আৰু মিত্ৰ আপোনাক পাহৰি যাব পাৰে আৰু ত্যাগ দিয়ে, কেতিয়াও পৰমেশ্বৰ আপোনাক নাপাহৰে। যিহোৱা কয়, “মহিলাই নিজে জন্ম দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে?

হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো। চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব। ( যিচয়া ৪৯:১৫, ১৬)।

পৰমেশ্বৰ আমাক  কিয় নাপাহৰে, ইয়াৰ অনিবার্য ৰূপে দুটি কাৰন হয়। সৰ্ব  প্ৰথম আৰু সকলোতকৈ মহূৰ্তপূৰ্ন, এয়া সেই বাবে হয় কিয়নো ঈশ্বৰে আমাক  নিজৰ স্বৰূপে আৰু চবিত  নিৰ্মাণ কৰিলে, তেওঁ আমাক নিজৰ লোক হবলৈ মনোনীত কৰিলে। আমি তেওঁৰ হয় আৰু তেওঁ আমাৰ ঈস্বৰ হয়।

মুচিয়ে  ইস্ৰায়েলীক কলে, “কিয়নো আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ পবিত্ৰ লোক; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা, নিজৰ এক বিশেষ জাতি হ’বলৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোককহে মনোনীত কৰি আনিলে।  ( দ্বিতীয় বিৱৰণ ৭:৬)।

দ্বিতীয় কথা, পৰমেশ্বৰ আপোনাক কেতিয়াও নাপাহৰে কিয়নো তেওঁ আপোনাক তেওঁৰ বহুমূল্য তেজেৰে কিনিলে  । এয়া তোমাৰ বাবে মহান প্ৰেমৰ বাবে হয়, যে তেওঁ বিনম্র দাসৰ ৰূপে স্বৰ্গৰ পৰা পৃথিবীত নামি আহিল  । তেওঁ নিজৰ বাহুত  গধূৰ ক্ৰুচ  তুলি ললে, তেওঁ অনিশ্চিত ৰূপে যিৰুচালেমৰ পথত চালিত হয়ছিল। তেওঁ আমাৰ অপৰাধৰ বাবে আঘাত কৰা হল আৰু তেওঁ আমাৰ অধৰ্মৰ  কামৰ বাবে গচকা হল। যেতিয়া তেওঁৰ এনেকুৱা মহান প্ৰেম হয়, তেতিয়া তেওঁ আপোনাক কেনেকৈ কেতিয়াও পাহৰিব পাৰে?

আমি বাইবেল অধ্যয়ন কৰো কেনেকৈ পৰমেশ্বৰে ইফ্ৰয়িমক সোৱৰন কৰিলে, নিম্নলিখিত পদত ” হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।”( হোচিয়া ১১:৮)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, তেওঁ আমাক কেতিয়াও নাপাহৰিব। তেওঁ আমাৰ সকলো বস্তুকে পঠিয়াব যি আমাক তেওঁৰ সময়ত আৱশ্যক আছে। যিহোৱা নিজৰ সময়ত এই সকলোবোৰ সিদ্ধ কৰিব। আৰু তেওঁ আপোনাক আৰু অধিক আশীর্বাদ দিব যিমান আপুনি কল্পনা বা প্ৰাৰ্থনা কৰিব নোৱাৰে ।

মন কৰিবলগীয়া:”মোৰ নামেৰে প্ৰখ্যাত হোৱা, আৰু মোৰ গৌৰৱৰ অৰ্থে মই সৃষ্টি কৰা প্ৰতিজনক আনি দিয়া; তেওঁলোকক মই গঠন কৰিলোঁ, মই নিৰ্ম্মাণ কৰিলোঁ।” ( যিচয়া ৪৩:৭)।

Leave A Comment

Your Comment
All comments are held for moderation.