Appam - Assamese

অক্টোবর 31 – ক্ষমতাত এখন ৰাজ্য!

“কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।” (১ কৰন্থীয়া ৪:২০)।

এনেকুৱা কোনো ব্যক্তি হব নোৱাৰে যি পৰমেশ্বৰৰ সেৱক চাল্ৰ্চ স্মপৰ্জন নাজানে । তেওঁৰ উপদেশ সকলোতকৈ শক্তিশালী আছিল। এবাৰ, এজন ব্যক্তি তেওঁক তেওঁৰ শক্তি, প্ৰভাৱী উপদেশৰ প্ৰতিভা আৰু তেওঁৰ ওচৰত দিব্যি শক্তিৰ পিছৰ কাৰন সুধিলে। উত্তৰত চাৰ্লচে তেওঁৰ কাৰ্যালয়ৰ চাৰিওফালে  লয় গল। শেষত তেওঁ সেই ব্যক্তি এটি বিশেষ কোঠাত লয় গল আৰু কলে , ” এই কোঠা মোক শক্তি আৰু দিব্যি শক্তি দিয়ে। ”

এয়া ভাবি যে এই কোঠা তেওঁক কেনেকৈ দিব্যি শক্তি দিব পাৰে তেওঁৰ ফালে চালে। প্ৰায় ৪০ বা ৫০ জন মানুহ আঠু  কাঢ়ি চাৰ্লছ ৰ বাবে চকুলো সৈতে প্ৰাৰ্থনা কৰিছে। তেওঁ লোক প্ৰাৰ্থনা কৰিছিল, ” হে প্ৰভু আজি সভাত আমন্ত্রিত সেৱক সকলক সামৰ্থী ৰূপে প্ৰয়োগ কৰক। আচৰিত কৰ্ম আৰু চিহ্ন দ্বাৰা সহভাগিতাক নিজৰ বাক্যৰ পুষ্টি কৰক। ” চাৰ্লচে সেই ব্যক্তি জনক কলে, এয়া মোৰ শক্তিৰ ৰহস্য হয়। এয়া তেওঁলোকৰ প্ৰাৰ্থনা হয় যিয়ে মোক জুই বনাই। ”

জগতত হেজাৰ ধৰ্ম আৰু সিদ্বান্ত আছে। এয়া সকলো ধাৰ্মিকতা আৰু দাৰ্শনিক ঞ্জানৰ শিক্ষা দিয়ে। কিন্তু খ্ৰীষ্টয় ধৰ্মৰ মহানতা ঈস্বৰৰ শক্তিৰ ওপৰত হয়। এয়াই কাৰন হয় যে পাঁচনি পৌলে কয়, ” কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয়, পৰাক্ৰমতহে হয়।( ১কৰন্থীয়া ৪:২০)।

আপোনাক নিজৰ আধ্যাত্মিক জীবনত বিজয়ী হয় থাকিবলৈ  শক্তি আৰু শক্তিৰ আৱশ্যকতা হয়। পৰমেশ্বৰ আছে এয়া প্ৰমাণ কৰিবলৈ আচৰিত কৰ্ম আৱশ্যক হয়। এয়া ঘোষনা কৰিবলৈ আপোনাৰ মুক্তিদাতা জিৱীত আছে, পুনৰ্ত্থানৰ শক্তিৰ আৱশ্যকতা আছে। নিজৰ শিষ্যক সেৱাকাৰ্যত পঠোৱাৰ আগেয়ে, যীশুৱে তেওঁ লোকক পবিত্র আত্মাৰ শক্তিৰ প্ৰতীক্ষা কৰিবলৈ কলে। ” কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”( পাঁচনি কৰ্ম ১:৮)।

যি পবিত্র আত্মা যীশু খ্রীষ্টক আত্মা আৰু সামৰ্থৰে পৰিপূৰ্ণ কৰি দিলে, সেই দৰে শিষ্য সকলোকো পৰিপূৰ্ণ কৰি দিলে, আৰু যি কোনো ঠাইতে গল তাত আচৰিত কৰ্ম হল। তেওঁ লোকে দৃঢ় তাৰে কব  পাৰে যে যীশু খ্রীষ্ট হয়। তেওঁ লোকে আচৰিত কৰ্ম আৰু চিহ্ন সৈতে পৰমেশ্বৰৰ বাক্যৰ পুষ্টি কৰিলে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পৰম প্ৰধানৰ সামৰ্থৰ বাট চাই থাকক, যে যিহোৱা আত্মা আৰু সামৰ্থৰে তোমাৰ অবিশেষ কৰক ( যিচয়া ৪০:৩১)।

মন কৰিবলগীয়া:” চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”( লুক ২৪:৪৯)।

Leave A Comment

Your Comment
All comments are held for moderation.