Appam - Assamese

অক্টোবর 14 – বিস্বাস আৰু বাপ্তিস্মা!

“তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷( মাৰ্ক ১৬:১৬)

বাপ্তিস্মা বাবে আমাক যি প্ৰয়োজন সেয়া হল বিস্বাস। আপোনাক বাপ্তিস্মা কিয়  লব লাগে? যদি জগতত হেজাৰ ধৰ্ম আছে, খ্ৰীষ্টয় ধৰ্মৰ বাবে বিশেষ মহানতা আছে৷

আমাৰ বাবে যীশু খ্রীষ্ট জগতত অবতাৰ ললে। তেওঁ নিজৰ জীবন দিলে, আমাৰ বাবে মৈদাম দিয়া হল আৰু পুনৰ জীবিত হল। এয়া আমি বাপ্তিস্ম সময়ত বিশ্বাসৰ সৈতে অংগীকাৰ  কৰে।

সেই এক মিনিটত, যেতিয়া আমি বাপ্তিস্ম লও পানীত ঠিয়  হবলৈ, তেতিয়া আমি কও, ‘ যীশু খ্রীষ্ট আমাৰ বাবে মৃত্যু বৰন  কৰিলে, আৰু শ্ৰদ্ধাৰ সৈতে ক্ৰুচৰ ফালে চাওক। পিচ ক্ষনত  আমি পানীত ডুব লও আৰু এয়া সেয়া প্ৰতীক হয় যে যীশু খ্রীষ্ট আমাৰ বাবে মৈদাম দিয়া হল। সেই সময়ত, আমি স্বয়ং যীশু খ্রীষ্টক এক হয় যাও।

পুনৰ, যেতিয়া আমি পানী পৰা বাহিৰলৈ ওলাও, তেতিয়া আমি স্বীকাৰ কৰো যে যীশু খ্রীষ্ট মৃত্যুৰ মাজৰ পৰা জী উঠিল। সেই বাবে আমি সাহসৰ সৈতে এই কথাৰ সাক্ষ দিও যে যীশু খ্রীষ্ট মৃত্যু হল, তেওঁক মৈদাম দিয়া হল আৰু আমাৰ বাবে পুনৰজিৱীত কৰা হল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, বিশ্বাসৰ সৈতে, আপুনি বাপ্তিস্ম সৈতে অন্তিম সংস্কাৰৰ সেৱাত যায়। এই দৰে আপুনি আদিম আদমৰ বিশেষত্বৰ মৈদাম দিয়া হল। যদি আমাৰ ভিতৰৰ পৰা ক্ৰোধ, হিংসা আৰু বাসনা দৰে পুৰনি প্ৰকৃতি আতৰ কৰিব লাগে, তেতিয়া সেই বস্তু  পুতি দিব লাগে। অতীতৰ পাপী মানুহ পুতা  আৰু নষ্ট নকৰাকৈ কিমান দিনলৈকে পাপ কৰিব পাৰে? বাপ্তিস্ম সেই প্ৰক্ৰিয়া হয় যত পাপী ব্যক্তিক মৈদাম দিয়া হয়।

পাঁচনি  পৌলে কয়, ” এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হ’ল, তেনেকৈ আমিও যেন নতুনতাত জীৱন-যাপন কৰোঁ, এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হ’লোঁa।  কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হ’লোঁ, তেনেহলে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হ’ম৷( ৰোমীয়া ৬:৪, ৫)।

পবিত্র শাস্ত্ৰ কয় কেৱলএজন ব্যক্তি যি বাপ্তিস্ম লয় সেয়া বাচি যাব। তেন্তে, আপোনাক যি লাগে সেয়া হয় বিশ্বাস। এজন সাক্ষী বাবে বিশ্বাসৰ আৱশ্যকতা হয়’ যীশু খ্রীষ্ট মৃত্যু হয় গল, পুতি দিয়া হল আৰু মোৰ বাবে পুনৰজিবীত কৰা হল। তেওঁৰ সৈতে মৈদাম দিয়া আৰু তেওঁৰ  পুনৰুত্থানৰ শক্তি সৈতে জীবিত চিহ্ন ৰূপে বাপ্তিস্ম প্ৰাপ্ত কৰিবলৈ আপোনাক বিশ্বাসৰ আৱশ্যকতা হয়।

পবিত্র শাস্ত্ৰ কয়, “এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল। ( ২ কৰন্থীয়া ৫:১৭)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি যীশু খ্রীষ্টৰ এটি নতুন সৃষ্টি হল।

মন কৰিবলগীয়া:” কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে, তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে। “( গালতীয়া ৩:২৭)।

Leave A Comment

Your Comment
All comments are held for moderation.