Appam - Assamese

অক্টোবর 13 – বিস্বাস আৰু পৰিত্ৰাণ!

” কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান।( ইফিচীয়া  ২:৮)।

পৰিত্ৰাণ খ্ৰীষ্টীয় ধৰ্মৰ আৰাম্ভনি হয়। পৰিত্ৰাণ কেনেকৈ প্ৰাপ্ত কৰিব? ইয়াক কেৱল বিস্বাসেৰে প্ৰাপ্ত কৰিব পাৰি।

আপোনাক কি বিস্বাস কৰিব লাগে? আপোনাক বিস্বাস কৰিব লাগে “… আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, e তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। ( ১ যোহন ১:৭, ৯)।

যেতিয়া আপুনি ক্ৰুচৰ ফালে চাই আৰু বিস্বাসেৰে কয়, ” যীশু মই বিস্বাস কৰো আপুনি মোৰ বাবে জগতলৈ নামিল, তেতিয়া আপুনি বাচি যাব। মোক বিস্বাস আছে যে আপুনি মোৰ পাপৰ বাবে ক্ৰুচত গজালেৰে  বিন্ধা হল আৰু মোৰ অধৰ্মৰ বাবে গচকা হল। মোক বিস্বাস আছে আপোনাৰ তেজ মোৰ পাপক ধুব  পাৰে। মোক বিস্বাস আছে আপোনাৰ মৃত্যু হল, মোৰ বাবে পুতি দিয়া হল আৰু পুনৰ জীবিত হয় গল। ”

পবিত্র শাস্ত্ৰ কয়, “…সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য৷কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়। ( ৰোমীয়া ১০:৮, ৯)।

পৰিত্ৰানৰ দুটি প্ৰমূখ শক্তি নিজতে  মিলন হয়। এটি হয় মনুষ্যৰ বিস্বাস আৰু দ্বিতীয় হয় খ্ৰীষ্টৰ অনুগ্ৰহ। যেতিয়া ঠান্ডা বতাহ আকাশত নামে, তেতিয়া আমাক  আচৰিত বৰষুণ প্ৰাপ্ত হয়, এই দৰে, যেতিয়া ঈশ্বৰৰ দয়া বিস্বাসত পৰে, তেতিয়া আমি বহুমূল্য পৰিত্ৰাণ প্ৰাপ্ত কৰো, সেই বাবে পবিত্র শাস্ত্ৰ কয় ” কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে;( ইফিচীয়া ২ :৮)

এয়া বিস্বাস কেৱল আপোনাৰ উদ্ধাৰৰ বাবে, কিয়নো আপোনাৰ পৰিয়ালৰ উদ্ধাৰৰ বাবে আৱশ্যক হয়। তেন্তে বিস্বাস পায়ো বিস্বাসত দৃঢ় হয় থাকক আৰু এই দৰে নিজৰ পৰিয়ালৰ সকলো সদস্যক ৰক্ষা কৰে যি বিস্বাসৰ আধাৰত ৰক্ষা পায়। নোহৰ পৰিয়ালৰ সকলো সদস্য এই বাবে চন্দুকত  সুৰক্ষিত আছিল কাৰন তেওঁ ধাৰ্মিক আছিল। কিয়  এনেকুৱা নহয় নে?

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যদি আপুনি বিস্বাস কৰে, তেতিয়া আপুনি বুজিব আপোনাৰ উদ্ধাৰো আপোনাৰ পৰিয়ালৰ অন্য সদস্যৰ হয়। আপুনি সম্পূর্ণ পৰিয়ালৰ পৰিত্ৰাণ গৃহত সুৰক্ষিত থাকিবলৈ দিয়ক।

মন কৰিবলগীয়া:”কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, f “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।” ( ৰোমীয়া ১০:১১)।

Leave A Comment

Your Comment
All comments are held for moderation.