Appam - Assamese

অক্টোবর 05 – আদি আৰু অন্ত!

“আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব। ( ইয়োব ৮:৭)।

কিবা কাৰ্য্যৰ অন্ত তাৰ আৰাম্ভনিতকে অধিক মহূৰ্তপূৰ্ন হয়। যেতিয়া আপুনি কিবা কাম কৰে তেতিয়া তাৰ অন্ত সফল হয় যেতিয়া কাম সঠিকভাৱে কৰা হয়। যদি এয়া পৰমেশ্বৰৰ পৰা আৰাম্ভ হয়, তেন্তে তাৰ অন্ত বহুমূল্য হব।

আজি আপুনি পৰমেশ্বৰৰ বাবে এটি নতুন কাৰ্য্য আৰাম্ভ কৰিব পাৰে। এয়া এটি প্ৰাৰ্থনা মন্ত্ৰালয় বা এটি ট্ৰেক বিতৰন মন্ত্ৰালয় হয় বা এটি চিকিৎসালয় মন্ত্ৰালয় হয়, ইয়াক পৰমেশ্বৰৰ বাবে আৰাম্ভ হবলৈ দিয়ক আৰু সত্যতাৰে  কৰিব লাগে। পৰমেশ্বৰ নিশ্চত ৰূপে আপোনাক ইয়াত উচ্চ কৰিব।

শাস্ত্ৰত জৰুবাবেল নামৰ এজন ভক্তৰ বিষয়ে উল্লেখ আছে। তেওঁ পৰমেশ্বৰৰ বাবে এটি গীৰ্জা ঘৰ নিৰ্মাণ কৰিবলৈ  আৰাম্ভ কৰিলে। তেওঁ লম্বা লাইনৰ প্ৰয়োগ কৰি গীৰ্জাৰ ভেটি  ৰাখিলে, যাৰ প্ৰয়োগ সাধাৰনতে গৃহ  নিৰ্মাণ কৰিবলৈ হয়। পৰমেশ্বৰৰ দৃষ্টি এই আৰাম্ভনি  চালে।

পবিত্র শাস্ত্ৰ কয়, “কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।  ( ৪:১০)।

আপোনাৰ আৰাম্ভনি সৰল হব পাৰে, কিয়নো এয়া আপোনাৰ আধ্যাত্মিক জীবন বাঢ়িবলৈ সহায় কৰিব কিয়নো এয়া পৰমেশ্বৰৰ সৈতে কৰিব লাগে। আপুনি নিজৰ ভিতৰত মানুহৰ সৈতে দৃঢ় হয় থাকিব। পবিত্র শাস্ত্ৰ কয়, “তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব। ( ইয়োব ১৭:৯)।

দায়ুদক চাওক। সি মেৰ চৰাইছিল। বাস্তৱত এয়া বহুত সামান্য আৰাম্ভনি হয়। কিন্তু সি ইয়াত বহুত সত্য আছিল। এয়া কয়, ” যিহোৱা মোৰ ৰক্ষক, যেতিয়াও তেওঁক সময় প্ৰাপ্ত হল, তেতিয়া তেওঁ গীত লয় গালে। তেওঁৰ অন্ত কিমান আচৰিত আছিল। পবিত্র শাস্ত্ৰ কয়, ” যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।( গীতমালা ৮৪:৭)। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনিও সত্য হয় থাকিব পাৰে। ঈস্বৰ আপোনাক আশীর্বাদ দিব। আপুনি অধিক প্ৰতিষ্ঠিত হব।

মন কৰিবলগীয়া:” ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব”।( গীতমালা ৯২:১২)।

Leave A Comment

Your Comment
All comments are held for moderation.