Appam - Assamese

সেপ্টেম্বর 25 – আপোনাক একো অনিষ্ট কৰিব নোৱাৰে!

” দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।( গীতমালা ১২১:৬)।

যেতিয়া আমি তেওঁৰ প্ৰেমীময় প্ৰতিঞ্জা ওপৰত লক্ষ্য কৰো, তেতিয়া আমাৰ চকু আনন্দৰ চকুলোৰে পৰিপূৰ্ণ হয় যায়। তেওঁ দিনে ৰাতিয়ে আমাক কিমান আচৰিতভাৱে ৰক্ষা কৰে? তেওঁ আমাক টুপনি নহয় সূৰ্য আৰু চন্দ্রিমা প্ৰহাৰৰ পৰা ৰক্ষা কৰে।

বৰ্তমান সময়ত, পৃথিবী গভীৰ জলবায়ু পৰিবৰ্তনৰে ব্যতীত হয় আছে, যত তাপমান বৃদ্ধি হৈছে আৰু লোকসকলক কবনোৱাৰা কষ্ট হৈছে। আৰু গছ আৰু সেউজীয়া পৰিবেশ নষ্ট কৰা বৰ্তমান প্ৰবৃত্ত, পৃথিবী ধুৱা আৰু প্ৰদুষনেৰে পৰিপূৰ্ণ হয় থাকিব, যি কিছুমান সমস্যাৰ কাৰন হব পাৰে। আমি কেবাটাও ৰোগ আৰু অক্ষমতা দেখা পাও , যাৰ কোনো চিকিৎসা নায়। এই পৰিস্থিতি পৰা কেৱল পৰমেশ্বৰে আমাক ৰক্ষা কৰিব পাৰে। আমাৰ পৰমেশ্বৰ সেয়া পৰমেশ্বৰ হয় যিয়ে ব্ৰমান্ড নিৰ্মাণ কৰিলে। তেওঁ সেয়া হয় যিয়ে অগনিত তৰা নিজৰ কক্ষ পথত নিৰ্মাণ কৰিলে। তেওঁ অকলে নিজৰ সন্তান সকলক সুৰক্ষা আৰু প্ৰেম কৰাত সক্ষম হয়।

লগতে, যি দুষ্ট পথত চালনা কৰে আৰু পৰমেশ্বৰৰ আঞ্জাৰ উলংঘন কৰে, আৰু নিজৰ মনৰ ইচ্ছাৰে জীবিত থাকে, তেওঁ লোকক এনেকুৱা সুৰক্ষা নাপায়। আমি পবিত্র শাস্ত্ৰত এই দৰে পাঠ কৰো :” তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালোকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।

তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।( লেবিয়া ব্যবস্থা ২৬:২৮, ২৯)। ” মেঘ-স্তম্ভ মিচৰীয়া সৈন্য সকল আৰু ইস্ৰায়েলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ’ল, কিন্তু ইস্রায়েলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ’ল। তাতে ওৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে।( যাত্ৰাপুস্তক ১৪:২০)।

আমাৰ পৰমেশ্বৰ নিজৰ সন্তানক চকুৰ মনিৰ দৰে দিনে ৰাতি ৰক্ষা কৰে। তেওঁ ডাৱৰ  স্তম্ভ ৰূপে অত্যাধিক তাপমানত কাট কৰে আৰু সুনিশ্চিত কৰিবলৈ আদেশ দিলে যে ইস্ৰায়েলীক এটি ঠান্ডা জলবায়ু আনন্দ প্ৰাপ্ত হওক। আৰু ৰাতিত, তেওঁ অগ্নিৰ স্তম্ভৰ পোহৰ, ঠান্ডা বা চন্দ্ৰমাৰ পোহৰৰ পৰা ৰক্ষা কৰিবলৈ আঞ্জা দিলে।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আমাৰ পৰমেশ্বৰ অন্তিম সুৰক্ষাত আহক আৰু তাতে থাকক।

মন কৰিবলগীয়া:”তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।”  ( গীতমালা ৯১:৪)।

Leave A Comment

Your Comment
All comments are held for moderation.