Appam - Assamese

ਸਤੰਬਰ 19 – যিহোৱা যি সিদ্ধ কৰে!

“যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।”( গীতমালা ১৩৮:৮)।

ইয়াত আমি চাও যে ৰজা দায়ুদে তেওঁৰ সকলো চিন্তা যিহোৱাৰ ওপৰত ঢালি দিছে, আৰু শান্তিৰে কয় যি কিছু তেওঁৰ সম্বন্ধ হয় তাক যিহেৱা সিদ্ধ কৰিব। এয়া বাস্তৱত তেওঁ লোকৰ বিশ্বাসৰ এটি অদ্ভুত স্বীকাৰৰোক্তি হয়। যেতিয়া তুমি তোমাৰ সকলো চিন্তা যিহেৱাৰ ওপৰত দিবা, তেতিয়া তেওঁ প্ৰত্যেকৰ বিচাৰ লব, আৰু তেমাক  যত্ন লব। পবিত্র শাস্ত্ৰ আমাক এয়াও কয় :”আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক;e কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে। (১ পিতৰ  ৫:৭)।

গীতমালা ১৩৮:৮ এয়া অৰ্থ দিবলৈ ধাৰনা হয় যে ‘ তেওঁ পূর্ণ কৰিব’। যত ইয়াৰ মুল অনুবাদত, এই শব্দৰ প্ৰয়োগ এই শব্দৰ বাবে কৰা হয় :” প্ৰভু ইয়াক সম্পূর্ণ ৰূপে পূর্ণ কৰিব যি আৰাম্ভ কৰে কিন্তু যি কোনো কাৰনত  কৰাত অসামৰ্থ হলে। কেতিয়াবা কেতিয়াবা, পুৰুষ নিজৰ ইচ্ছা পৰিবৰ্তন কৰি লয়, কিয়নো তেওঁ পাৰম্ভিক ইচ্ছাৰে পৰিপূৰ্ণ কৰিব নোৱাৰে। কিন্তু আমাৰ ঈস্বৰৰ সৈতে এনেকুৱা কেতিয়াও নহয়, তেওঁ কেতিয়াও যিকোনো কামত বাধা নকৰে। তেওঁ মনুষ্যৰ দৰে নহয়  যি নিজৰ মন পৰিবৰ্তন কৰি থাকে। ইয়োবৰ পুস্তকত, আমি ইয়োবৰ ঘোষনা এই দৰে দেখা পাওয়া:”মই জানো যে, তুমি সকলো কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়। ( ইয়োব ৪২:২)।

সৃষ্টিৰ কাহিনীত, ঈস্বৰে আমাৰ সকলো প্ৰয়োজন পূর্ণ কৰি দিছে। মনুষ্য নিৰ্মাণৰ আগেয়ে, তেওঁ মনুষ্যৰ সকলো প্ৰয়োজনীয় বস্তুৰ বিষয়ে ভাবিলে আৰু সৃষ্টিৰ ৬ দিন আগেয়ে অস্তিত্বত আনিলে। তেওঁ মনুষ্যক প্ৰকাশ দিবলৈ সূৰ্য, চন্দ্র আৰু তৰা নিৰ্মাণ কৰিলে। তেওঁ ফল দিয়া গছ, বতাহত উৰি ফুৰা পক্ষী  , পানীত সাতুৰা মাছ আৰু সকলো জিৱীত প্ৰানী নিৰ্মাণ কৰিলে। মানবজাতিৰ বাবে কি মহান আৰু সুযোগ হয়?

কেৱল ৰচনা কৰি নহয়, কিন্তু কালবাৰীত  ক্ৰুচত নিজৰ কাৰ্য্য পূর্ণ ৰূপে পৰিপূৰ্ণ কৰিলে। তেওঁ নিজৰ বহুমূল্য তেজ, অনন্ত বলিদান ৰূপে আৰু আমাৰ পাপৰ প্ৰায় চিত্ত ৰূপে বুৱালে। তেওঁ আমাৰ অপৰাধৰ বাবে ঘাত কৰা হৈছিল। তেওঁ নিজৰ শৰীৰৰ ওপৰত পটার বান্ধী ললে যাতে আমি সুস্থ হও  । আমাৰ  জীবনত  শাওৰ মেৰুদণ্ড ভাঙিবলৈ তেওঁ নিজৰ মুৰত কাইটৰ মুকুট ধাৰন কৰিলে। তেওঁ চয়তানৰ মুৰ গুৰি কৰিলে, যাতে আমি বিজয়ী জীবন জীয়াই থাকিব পাৰো। এয়া কেৱল এইবাবে আছিল কিয়নো তেওঁ ক্ৰুচত সকলো কাৰ্য্য সম্পূর্ণ ৰূপে সমাপ্ত কৰি দিছিল, সেই বাবে তেওঁ জয়ৰ ঘোষনা কৰি কলে : “পূর্ণ হল” আৰু নিজৰ আত্মা পৰমেশ্বৰক দি দিলে।

এতিয়া তেওঁ স্বৰ্গত আছে,যেন আমাৰ বাবে অনন্ত নিবাস স্থান তৈয়াৰ কৰে। যেতিয়া তেওঁ কেৱল ৬ দিনত যি জগত নিৰ্মাণ কৰিলে সেয়া ইমান ধুনীয়া হব পাৰে, আমি কেতিয়াও সেই নিবাস স্থানৰ মহিমা আৰু উৎকৃষ্টতা কল্পনা কৰিব নোৱাৰো যি আমাৰ প্ৰভু যীশু যোৱা ২০০০ বছৰৰ পৰা আমাৰ বাবে নিৰ্মাণ কৰি আছে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আমাৰ ঈস্বৰ সেয়া হয় যি আমাৰ অনন্তকালৰ বাবে সকলো সম্পূর্ণ ৰূপে পূৰ্ণ কৰে।

মন কৰিবলগীয়া:”প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তা ঘোষণাৰ কাৰ্যত আপোনালোকৰ সহভাগিতা থকাৰ বাবে মই ধন্যবাদ কৰোঁ৷  যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকেa সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷” ( ফিলিপিয়া  ১:৫, ৬)।

Leave A Comment

Your Comment
All comments are held for moderation.