Appam - Assamese

ਸਤੰਬਰ 17 – ঈস্বৰ যি সহায়ক!

” মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব। গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।( গীতমালা ৫৫:১৬, ১৭)।

আমাৰ প্ৰভু যীশু খ্রীষ্ট একমাত্র ব্যক্তি হয় যি বাস্তৱত আমাৰ সহায় কৰিব পাৰে। যেতিয়াও আপুনি সংকটত থাকে, তেতিয়া মনুষ্য  সহায় লবলৈ মানবীয় প্ৰকৃতি হয়। কিন্তু পবিত্র শাস্ত্ৰ কয়, “শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা। ( গীতমালা ১০৮:১২)।

যেতিয়া মোৰ স্বৰ্গীয় ভাইটি চেম জেবাদুৰই নিজৰ স্কুলৰ শিক্ষা পূর্ণ কৰিলে, তেওঁৰ পিতৃ তেওঁৰ উচ্চ শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰিলেহেতেন, কিয়নো তেওঁ প্ৰথমে সেৱাত কৰ্ম কৰিছিল। কিন্তু মোৰ পিতৃৰ এজন বন্ধুৱে তেওঁক চেন্নাই  আহিবলৈ কলে আৰু তেওঁক চাকৰি দিয়াৰ প্ৰতিঞ্জা কৰিলে। কিন্তু কি দুৰ্ভাগ্য তেওঁ মোৰ পিতৃৰ কোনো সহায় কৰিব নোৱাৰিলে কিন্তু তেওঁক চেন্নাই চহৰত এৰি দিলে। মোৰ পিতৃ নিজৰ চেষ্টাৰে প্ৰত্যেক দিন কোনোবা নহলে কোনোবা চাকৰিৰ চেষ্টাত আছিল আৰু লগতে তেওঁৰ সৈতে টকা নথকা হল। আৰু তেওঁক এটি নতুন চহৰত টকা নথকাকৈ জীবিত থকা কঠিন হৈছিল।

কিছু দিনৰ পিছত, যেতিয়া তেওঁ পথত ভুকত  খোজকাঢ়ি আছিল, হঠাৎ তেওঁ নিজৰ ভায়েকক সেই পথত অলপ দুৰৈত দিখেলে  । এই ভায়েক চৰকাৰী চাকৰি কৰিছিল আৰু ভালদৰে নিবাস কৰিছিল। মোৰ পিতৃ তেওঁক চায় আনন্দিত হল আৰু তেওঁ ভাবিলে অতি সোনকালে তেওঁৰ সমস্যা শেষ হয় যাব। আৰু তেওঁ নিজৰ ভায়েকৰ পিছত পলালে  , কিন্তু দুখৰ কথা এয়া যে তেওঁ সহায় কৰিবলৈ আগবাঢ়ি নাহিল।

যেতিয়া সকলো মানবীয় সহায় বিফল হয় যায়, তেতিয়া তেওঁৰ হৃদয় ভাঙী গল। তেওঁ নিজৰ সকলো পীড়া প্ৰভুৰ চৰনত ৰাখিলে, আৰু প্ৰাৰ্থনাত আঠু কাঢ়ি কান্দিলে  । তেওঁ নিজৰ হৃদয়ত এটি সংকল্প কৰিলে, কেতিয়াও মনুষ্যৰ সহায় নলও। তেওঁ এই সত্য অনুভৱ কৰিলে যে মনুষ্যৰ সহায় বেয়া হয়। তেওঁ অধিকভাৱে প্ৰভুক খোজ কৰিব লাগিল। আৰু সেই দিনা পৰমেশ্বৰে তেওঁৰ জীবনত ডাঙৰ পৰিৱৰ্তন আনিল। সেই দিনা এখন স্কুলত শিক্ষকৰ চাকৰী প্ৰাপ্ত হল। আৰু পিছত ঈস্বৰে তেওঁক সহায় কৰি লাহে লাহে উচ্চ কৰিলে।

আৰু কিছু বছৰৰ পিছত, পৰমেশ্বৰে তেওঁক নিজৰ সেৱাকাৰ্যৰ বাবে মাতিলে। আৰু পৰমেশ্বৰে তেওঁক আধ্যাত্মিক পুস্তক লিখিবলৈ সক্ষম কৰিলে। পৰমেশ্বৰে মোৰ পিতৃক কেবাটাও দেশত প্ৰচাৰ কৰিবলৈ সহায় কৰিলে। এই সকলো বোৰত কেৱল ঈস্বৰে তেওঁৰ সহায় কৰিছিল। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আজি আপুনি এনেকুৱা পৰিস্থিতি মাজেৰে ব্যাতীত হৈছে। আপোনাৰ মনতো এই কথাৰ দুখ হব পাৰে যে  আপোনাৰ সহায় কৰিবলৈ কোনো নায়। ঈস্বৰক মাতক। তেওঁ আপোনাৰ মাত শুনিব আৰু আপোনাক সকলো সমস্যাৰ পৰা আপোনাৰ সহায় কৰিব।

মন কৰিবলগীয়া:”কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।”  ( গীতমালা ৭২:১২)।

Leave A Comment

Your Comment
All comments are held for moderation.