No products in the cart.
ਸਤੰਬਰ 13 – আপুনি সকলো নিৰ্মাণ কৰিলে!
“হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”(প্ৰকাশিত বাক্য ৪:১১)।
আমাৰ ঈস্বৰ যিয়ে যিকোনো নিৰ্মাণ কৰিলে, সেয়া এটি পুস্তকৰ দৰে হয় যি নিজে লেখকৰ বিষয়ে কয়। যেতিয়া আপুনি তেওঁৰ প্ৰত্যেক ৰচনাৰ ওপৰত বিচাৰ কৰে, আৰু তাৰ ওপৰত মনোযোগ দিয়ে, তেতিয়া আপুনি অনুভব কৰিব যে সৃষ্টি কৰ্তা পৰমেস্বৰৰ চৰিত্ৰ কেনেকৈ প্ৰকাশ কৰে। ” গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে;
আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়”( গীতমালা ১৯:১)।যেতিয়া আপুনি সূৰ্য আৰু তাৰ মহিমা চায়, তেতিয়া আপুনি কল্পনা কৰিব পাৰে ঈশ্বৰে সূৰ্য নিৰ্মাণ কৰিলে, সেয়া কিমান গৌৰবময় হয়। যিয়ে বিজুলীৰ গতি আৰু সূৰ্যৰ জকমক দিলে – তেওঁ আপোনাক কিমান উজ্জ্বলাব? সেয়া কিমান গৌৰবময় হব যিয়ে কলে যে স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; ? তেওঁ কিমান দয়ালু হব – ভাল আৰু বেয়াৰ ওপৰত বৰষুণ কৰিবলৈ কোন দয়ালু হয়?
পবিত্র শাস্ত্ৰ কয়, ” কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্যf হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; ( ৰোমীয়া ১:২০)। যেতিয়া আমি তেওঁৰ প্ৰত্যেক ৰচনাৰ আচৰিত কৰ্ম বোৰ চাও, তেতিয়া আমাৰ হৃদয় ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰে পৰিপূৰ্ণ হয় যায়।
আপুনি তেওঁৰ অদৃশ্য আৰু শাসন শক্তি, আৰু তেওঁৰ আত্মিক তাৰ স্তুতি আৰু আৰাধনা কৰিবলৈ বাধ্য হয়। পবিত্র শাস্ত্ৰ আমাক কষ্ট, ” আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,( গীতমালা ৪৮:১)। ।কিয়নো আমাৰ প্ৰভুৰ আগমন নিচেই ওচৰ, স্তুতিত তেওঁৰ ওচৰলৈ যাবলৈ সাজু থাকক।
“তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা। ( গীতমালা ১০০:৪)। যেতিয়া আপুনি স্বৰ্গৰ দ্বাৰেৰে স্বৰ্ণ নগৰ, বৈভৱৰ নগৰ, অনন্ত কানানত প্ৰৱেশ কৰিব, তেন্তে আপুনি কিমান প্ৰসন্ন হব।
আমি সময়ৰ অন্তৰ ওচৰত। আৰু সকলো সৃষ্টি আমাৰ সৃষ্টি কৰ্তাৰ আগমনৰ সুৱৰন কৰাইছে। পাঁচনি পৌলে আমাক কয়:”কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে, অস্পষ্টকৈ দেখিছোঁ; কিন্তু তেতিয়া মূখা-মূখিকৈ দেখিম।….( ১ কৰন্থীয়া ১৩:১২)। আপুনি তেওঁক নিজৰ চকুৰে চাব আৰু আপুনি সুখৰ চকুলো বুৱাব।
পৰমেস্বৰৰ মৰমিয়াল সন্তান, নিজৰ হৃদয়ক বেছিকৈ বেছি স্তুতি আৰু আৰাধনা কৰিবলৈ নিৰ্ধাৰিত কৰক। যেতিয়া আপুনি এই পৃথিবীত স্তুতি আৰু আৰাধনা কৰে, তেন্তে লই আপোনাৰ বাবে অনন্ত কাল লৈকে তেওঁৰ স্তুতি আৰু আৰাধনা কৰাৰ পথ প্ৰস্তুত কৰিব।
মন কৰিবলগীয়া:”যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।” ( যিচয়া ৩৫:১০)।