Appam - Assamese

ਸਤੰਬਰ 12 –যেতিয়া আমি সংশোধন হয় যাও!

”  ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?(ইব্ৰী ১২:৯)।

আমাৰ ঈস্বৰ যি আপোনাক প্ৰেমৰে সুধৰায় যাত্রা তুমি তেওঁৰ পবিত্রতাত ভাগ লব পাৰা, যাতে তেওঁ তোমাৰ লাভৰ বাবে তোমাক  সুধৰনি  কৰে। হব পাৰে এয়া আপোনাক বৰ্তমান সময়ত সুখ দিব নোৱাৰে  কিন্তু এয়া আপুনি আহিবলগীয়া সময়ত বুজিব। এই দৰে সুধৰনিৰ  বাবে বহুত লাভ হবে আৰু আপোনাৰ ধাৰ্মিকতা আৰু শান্তিৰ ফালে লয় যাব। ঈশ্বৰৰ কোনো পৰিয়াল বা সাধু নায়  যি কেতিয়াবা ক্লেশৰ বাটৰ পৰা যোৱা নায়।

পবিত্র শাস্ত্ৰ আমাক  এয়াও কয় যে ধৰ্মীৰ  ক্লেশ বহুত হয়। আপোনাক আচৰিত লাগিব পাৰে যে পৰমেশ্বৰ আপোনাক ক্লেশৰ পথত কিয় লয় যাব বা সেই শত্ৰু আপোনাৰ বিৰুদ্ধে উঠিবলৈ অনুমতি কিয় দিব।

পবিত্র শাস্ত্ৰ আমাক স্পষ্ট ৰূপে কয় ” ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে। যিহোৱাই মোচিৰ দ্বাৰাই ইস্রায়েলৰ ওপৰ-পিতৃসকলক যি আজ্ঞা দিছিল, তেওঁলোকে সেইবোৰ মানি চলে নে নাই তাক পৰীক্ষা কৰিবৰ অর্থে এই জাতিবোৰক ৰাখি থোৱা হৈছিল।”( বিচাৰকৰ্তাসকল ৩:২, ৪)

উক্ত বাক্যত আমি বুজি পাও যে সৰ্ব প্ৰথমে শত্ৰু পিছ পৰি যায়, যাতে  ইস্ৰায়েলৰ সন্তানক যুদ্ধ কৰিবলৈ শিকোৱা হয়। ২য় সেয়া শত্ৰুক তেওঁৰ বিৰুদ্ধে উঠিবলৈ অনুমতি দিয়ে  , যাতে তেওঁৰ পৰীক্ষা কৰিব পাৰে। যেতিয়া আপুনি  সমস্যা মাজেৰে পাৰ হয়, তেতিয়া প্ৰভুক প্ৰাৰ্থনা কৰক। তেওঁক প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনাত নিজৰ যুদ্ধ কৰক আৰু নিজৰ জীবনত  তেওঁৰ পবিত্রতাৰ বাবে প্ৰাৰ্থনা কৰক। যীশুৱে কলে, :” তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’( যিৰিমিয়া ৩৩:৩)।

এয়া আমি কেতিয়াও ভাবিব নালাগে যে প্ৰভু আমাৰ সকলো কষ্ট ক্ষনতে  আতৰ কৰি দিব আৰু আমাক এটি সমস্যা মুক্ত জীবন প্ৰদান কৰিব। আমি গোটেই জীবন সমস্যাৰে পাৰ হব  লাগিব। আমাৰ ওচৰত এনেকুৱা পৰিস্থিতি হব, যেতিয়া আমাৰ এটাৰ পিছত এটা সমস্যা হব। গৰজী থকা সমুদ্রৰ তীৰ এটিৰ পিছত এটি উঠে। আপোনাক সাতুৰিব  শিকাবলৈ আপোনাৰ জীবনত প্ৰভু তীৰ ( সমস্যা)আহিব দিয়ে।

এয়া আমাক দৃঢ় কৰিবলৈ আৰু যুদ্ধৰ বাবে নিজৰ হাত প্ৰক্ষিষিত কৰিবলৈ হয়। গীতিকাৰ দায়ুদে কয়,”যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়। ( গীতমালা ১৪৪:১)। এই বাক্যত ‘হাত’ শব্দ ব্যৱসায় বা টকাক দৰ্শাই। আৰু ‘ আঙুলি” শব্দৰ অৰ্থ ঠিক কৌশল হয়।

পৰমেস্বৰৰ মৰমিয়াল সন্তান, যেতিয়া আপুনি তীৰৰ বিৰুদ্ধে সাতুৰিবলৈ শাকিব, তেতিয়া আপুনি বিজয়ী হব পাৰিব। যেতিয়া আপোনাৰ পৰীক্ষা লোৱা হব, তেতিয়া তুমি উঠি প্ৰভুৰ বাবে জকমক  হব পাৰে।

মন কৰিবলগীয়া:” যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।” “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷( প্ৰকাশিত বাক্য ২২:১১, ১২)।

Leave A Comment

Your Comment
All comments are held for moderation.