Appam - Assamese

সেপ্টেম্বর 07 – শান্তিৰ ফল!

“কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি.. ” ( গালতীয়া  ৫:২২)।

শান্তি প্ৰাপ্ত কৰাতো আনন্দ হয় আৰু অন্যক  বিলাই দিলে শান্তি প্ৰাপ্ত হয়- যি আত্মাৰ ফল হয়। আত্মাৰ এই ফল স্বাধীন ৰূপে আৰু আত্মাৰ অন্য ফলক সংযোজন কৰাতো কাৰ্য্য কৰে। প্ৰেম, আনন্দ আৰু শান্তি সকলো পৰস্পৰ নিৰ্ভৰশীল।

যেতিয়া তুমি আমাৰ প্ৰভু যীশু খ্রীষ্টক চোৱা, তেতিয়া তেওঁত আত্মাৰ ফল বহু ৰূপে পোৱা যায়। যেতিয়া আপুনি যীশু খ্রীষ্টক নিজৰ স্বামী আৰু উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰে, তেতিয়া আপুনি নিজৰ জীবনত তেওঁৰ বিশেষত্ব প্ৰকাশ কৰা আৰাম্ভ কৰি দিয়ে। এয়া আপনাৰ জীবনক  পৰমেশ্বৰীয় শান্তিৰে পৰিপূৰ্ণ কৰাৰ নিয়ম হয়।

যেতিয়া আপুনাৰ ওচৰত পবিত্র আত্মাৰ অবিশেষ  থাকে, তেতিয়া স্বৰ্গৰ পৰমেশ্বৰ আপোনাৰ ভিতৰত আত্মাৰ উপহাৰ ফল আনে। কিন্তু তুমি আত্মাৰ ফল আনন্দৰ সৈতে যিহোৱাক দিয়ানে? পবিত্র শাস্ত্ৰ কয়, “…আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো। ( পৰমগীত ৭:১৩)

শান্তিৰ আত্মিক ফল পাবলৈ আপোনাক সদায় প্ৰভুত থাকিব লাগে। আমাৰ প্ৰভু যীশু কলে, ” তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হব নোৱাৰিবা।( যোহন ১৫:৪)।

এবাৰ এজন নাস্তিক আছিল যি মনুষ্যৰ সকলো কৰ্মৰ বিষয়ে বিস্তাৰেৰে কথা পাতিলে, আৰু এটি দৃঢ়তাৰে ঘোষনা কৰিলে কোনো ঈস্বৰ নায়। আৰু আছে যদিও তাৰ প্ৰয়োজন নায়। এজন খ্ৰীষ্টীয় বিশ্বাসী, যি তেওঁৰ কথা শুনিবলৈ আহিছিল, তাৰ ওচৰলৈ গল আৰু কলে : ভাইটি মাটিৰ সৰু পৰুৱাক চোৱা, যি তীব্ৰতাৰে ইফালে সিফালে ফুৰিচে  বহুত শান্তিৰে। আপুনি আপোনাৰ ৰচনীত্মক ৰীতিৰে পৰুৱাটিক অস্তিত্বত আনিব পাৰিবনে? তোমাক  এই ধৰনৰ শান্তি প্ৰাপ্ত হবনে যিদৰে এই পৰুৱাটিক প্ৰাপ্ত হয়েছে? ”

*নাস্তিক যি নিজৰ জীবনৰ এটি ডাঙৰ সমস্যাৰে ঘুৰি ফুৰি আছিল, আৰু শান্তি নথকাকৈ, আস্তিকৰ কথাৰ পৰা চকিত হয় গল, আৰু গ্ৰহন কৰিলে :” আপুনি যি কলে সেয়া বহুত সত্য  , যিকোনো মনুষ্য নিজৰ ঞ্জানেৰে এনেদৰে শান্তি প্ৰাপ্ত কৰিব নোৱাৰে । ” হয়, মোৰ প্ৰিয় ভাইটি আৰু ভন্টীসকল, শান্তি’ ঈস্বৰৰ এটি উপহাৰ হয়, যি জীবনৰ পৰিবৰ্তন পৰিস্থিতিৰ মাজত পৰিচালনা হব। কেৱল পৰমেশ্বৰৰ ফালেদি  শান্তি, সদায়ৰ বাবে থাকিব, আৰু ইয়াৰ অন্তিম পৰিনাম বহুতো আনন্দময় হয়।

পবিত্র শাস্ত্ৰ কয়, “সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।” ( গীতমালা ৩৭:৩৭) .।*

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, পবিত্র আত্মাৰ সহায়েৰে সেই চিৰস্থায়ী শান্তি প্ৰাপ্ত কৰক। এয়া উপহাৰ তেওঁৰ বাবে যিয়ে যীশু খ্রীষ্টক ব্যক্তিগত উদ্ধাৰকৰ্তা ৰূপে গ্ৰহন কৰে। পবিত্র আত্মা তেওঁক চিৰস্থায়ী শান্তিৰ সিদ্ধ ফল দিয়ে।

মন কৰিবলগীয়া :”কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়;f কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। ( ৰোমীয়া ১৪:১৭)।

Leave A Comment

Your Comment
All comments are held for moderation.