Appam - Assamese

ਸਤੰਬਰ 03 –পৃথিবীত শান্তি!

” উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”( লুক ২:১৪)।

পৃথিবীত শান্তি পোৱা কেৱল মনুষ্যৰে নহয়, কিন্তু, পৰমেশ্বৰৰ দুতৰো  ইচ্ছা হয়। যীশু খ্রীষ্টৰ জন্মৰ সময়ত, স্বৰ্গদুত ৰখীয়াৰ ওচৰত আকাশত প্ৰকাশ হল, আৰু পৃথিবীত শান্তিৰ শুভ সংবাদৰ  ঘোষনা কৰিলে। আহক আমি  ‘ পৃথিবীৰ শান্তিৰ  ‘ শুভ সংবাদৰ ঘোষনা কৰিলে।

আহক আমি পৃথিবীত শান্তিৰ বিষয়ে সংক্ষেপ মন কৰো। পবিত্র শাস্ত্ৰ কয়, ” কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু হৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।  গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।  কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।( যিচয়া ১১:৬-৮)। কিয় এনেকুৱা কথা কল্পনা কৰিলেও আমাৰ হৃদয় আনন্দৰে পৰিপূৰ্ণ হয় নাযায়? এনেকুৱা বস্তু চোৱা বহুত অদ্ভুত আৰু আনন্দদায়ক হব।

এবাৰ  শান্তিপ্ৰিয় ৰাষ্ট্ৰ আছিল  আৰু দ্বিতীয় দেশ তেওঁৰ বিৰুদ্ধে আহিল। সৈন্যৰ সেনাপতিক  সেই দেশৰ সকলো নাগৰিকক মৃত্যু আৰু চহৰৰ নিবাসী সেই গোটেই চহৰক জুই লগাবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছিল। কিন্তু যেতিয়া সৈন্য চহৰত আহিল, তেতিয়া সেই নগৰবাসীয়ে সকলোৰে উৎসাহেৰে স্বাগত কৰিলে।

হাতত ফুলৰ গুলদস্তা আৰু মুখমন্ডলত  হাহি লয় কন কন  শিশুসকলে সৈন্য সকলৰ আদৰনি  কৰিছিল, মহিলা সকলে নিজৰ গৃহৰ পৰা মৰমেৰে হাত লৰচৰ কৰি আদৰনি কৰিলে। আৰু নগৰৰ পুৰুষ কোমল হাহিৰ সৈতে নিজৰ কাম কৰিবলৈ গল। যেতিয়া সৈন্য সকলে এয়া চালে তেওঁলোকে  নিজৰ লক্ষ্য আৰু নিৰ্দেশৰ বিষয়ে পাহৰি গল। ইয়াৰ বাদে, সৰু শিশুসকলক ওপৰ তুলি ললে আৰু সাবটি  চুমা খাবলৈ ধৰিলে। তেওঁ এয়াও সংকল্প কৰিলে যে এই প্ৰেম কৰা চহৰৰ বিষয়ে যুদ্ধ নকৰে। সেই সংকল্প সৈতে, তেওঁ লোকে নিজৰ যুদ্ধৰ  অস্ত্ৰ সস্ত্ৰ পেলাই শান্তিৰে নিজৰ দেশ গুচি গল।

আমাৰ প্ৰভু নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ জগতলৈ আহিল। তেওঁ নিজৰ অন্যটি গাল সেই লোকসকলক দেখুৱালে যিয়ে তেওঁৰ এখন গালত মাৰিচিল। তেওঁ নিজৰ শত্রুৰ প্ৰতি নিজৰ প্ৰচুৰ প্ৰেম দেখুৱাবলৈ জগতলৈ আহিল। তেওঁৰ প্ৰেম, জগতত শান্তি আনিল। । এবাৰ যেতিয়া আপুনি শান্তিৰ ৰাজকুমাৰক নিজৰ হৃদয় দিব, তেতিয়া আপুনি আপোনাৰ হৃদয়ত পূর্ণ শান্তি অনুভৱ কৰিব। এনেকুৱা শান্তি এটি লহৰৰ দৰে আপোনাৰ পৰিয়ালত শান্তি, আপোনাৰ ৰাষ্ট্ৰত  শান্তি আৰু অনন্ত পূৰ্ণ পৃথিবীত শান্তিৰ প্ৰতি লয় যাব।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, অনুগ্ৰহ কৰি পৃথিবীৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰক। আৰু শান্তিৰ ৰাজকুমাৰ, যীশু খ্রীষ্টক অন্য লোকক লগ কৰাক। আৰু তুমি সকলো পবিত্র শাস্ত্ৰৰ প্ৰতিঞ্জা অনুসাৰে আশীর্বাদ পাব, যি কয়, ” মিলনকাৰীসকল ধন্য। ”

মন কৰিবলগীয়া:”আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।”( ইফিচিয়া ১:২)।

Leave A Comment

Your Comment
All comments are held for moderation.