No products in the cart.
আগস্ট 24 – মুকলি কৰি দিয়া হব!
“আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব;…( দ্বিতীয় বিৱৰণ ২৮:১২)।
পবিত্র শাস্ত্ৰত দ্বিতীয় বিৱৰণত ২৮ অধ্যায়ঃত, প্ৰথম ১৪ বাক্যত আশীর্বাদেৰে পৰিপূৰ্ণ হয়। যদি আপুনি নিজৰ পৰমেশ্বৰ যিহোৱাৰ বাক্য যত্নৰে মনা তেতিয়া এই প্ৰতিঞ্জা নিজৰ জীবনত পূর্ণ হব। আশীর্বাদত এটি হয়, ” প্ৰভু আপোনাৰ বাবে আকাশ-মুকলি কৰি দিব। ”
ভাবি লওক আপুনি উদাৰ আৰু ধনী ব্যক্তিক সহায় বিচাৰিছে। তেওঁ আপোনাক সহায়ৰ ৰূপে কিছু ভাল টকা দিব পাৰে। যদি তেওঁ অধিক দয়ালু হয়, তেন্তে তেওঁ আপোনাক সোণ বা ৰূপ দৰে বহুমূল্য বস্তু দিব পাৰে।
কিন্তু যীশু খ্রীষ্ট, যি অন্য সকলো উদাৰ প্ৰভুৰ মাজত সকলোতকৈ উদাৰ হয়, যি দয়াৰ ধনী হয় আৰু যি নিজৰ ওচৰলৈ অহাক আতৰ নকৰে, তেওঁ আপোনাৰ বাবে নিজৰ স্বৰ্গৰ ভৰাল মুকলি কৰি দিয়ে। তেতিয়া আপোনাৰ দেশত উচিত সময়ত বৰষা হব। যিমান কামত আপুনি হাত ৰাখিব আশীর্বাদ হব।
যদি আপুনি বিচাৰে যে ঈশ্বৰে আপোনাৰ বাবে স্বৰ্গ মুকলি কৰি দিয়ে, তেন্তে আপোনাকো আপোনাৰ হৃদয় মুকলি কৰিব লাগিব। যেতিয়া দৰিদ্ৰ সহায়ৰ বাবে চিঞৰিব। আপোনাক সেই সকলৰ উদাৰতাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব যি অসহায়ত আছে যি দৰিদ্ৰতাত পিড়ীত আছে। যদি আপুনি দৰিদ্ৰতাৰ সহায়ৰ বাবে কান বন্ধ কৰি লৈছে, তেন্তে পৰমেশ্বৰো নিজৰ কান বন্ধ কৰি লব, যেতিয়া আপুনি তেওঁক মাতিব।
পৰমেস্বৰৰ এজন সেৱক বৃক্কৰ সমস্যাত পিড়ীত আছিল বাবে চিকিৎসালয়ত ৰখা হল। সেই সময়ত, ” প্ৰাৰ্থনা সভা” চলি আছিল আৰু ৰোগী সকলক প্ৰাৰ্থনা স্থলত অনা হৈছিল। কিন্তু, তাত পোৱাত তেওঁ লোকৰ অৱস্থা আৰু বেয়া হয় গল আৰু তেওঁ লোককে পুনৰ চিকিৎসালয় লৈ নিয়া হল। তৎকালীন বাবে এটি কাৰৰ আৱশ্যকতা আছিল আৰু তেওঁ লোকৰ সম্বন্ধীয় সহায়ৰ বাবে ইফালে সিফালে পেলাইছিল। যেতিয়া এজন ধনী ব্যক্তিক আবেদন কৰাত অনিশ্চিা ভাৱে নিজৰ কাৰ দিলে। কিন্তু ধনী ব্যক্তিৰ স্ত্রী তেওঁৰ ওপৰত চিঞৰী কাৰ দিবলৈ মনা কৰিলে।
যেতিয়া স্ত্রীৰ হৃদয় না মানিলে, তেতিয়া স্বামীৰ ইচ্ছা শেষ হয় গল। কাৰৰ দুৱাৰ বন্ধ হয় গল। এনেকুৱা লোকৰ বাবে পৰমেস্বৰে কেনেকৈ দুৱাৰ মুকলি কৰি দিব? পৰমেস্বৰৰ মৰমিয়াল সন্তান, দিয়া তেতিয়াহে তোমাকো দিয়া হব।
মন কৰিবলগীয়া:” গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব”।( দ্বিতীয় বিৱৰন ২৯:৯)।