Appam - Assamese

আগস্ট 23 – শিকলীৰ পৰা মুক্ত!

“এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; ( যিৰিমিয়া ৪০:৪)।

আজি পৰমেশ্বৰৰ লোকসকলৰ হাত অদৃশ্য লিকলীৰে  বন্ধা আছে। কিছু লোক শিকলীৰে বান্ধ খায় থাকে, সেয়া ঋণ হয়। লাগিলে তেওঁ সেৱাকাৰ্য্যৰ বাবে উদৰতাপূৰ্বক দান দিব বিচাৰে, কিন্তু শিকলী  তেওঁ লোকক বাধা দিয়ে। কিছু লোক লোভৰ  বন্ধনত বান্ধ খায় আছে। এয়া তেওঁ লোকক খ্ৰীষ্টীয়  জীবন জীয়াই থকাত বাধা দিয়ে। কিছু লোক শাওৰে বান্ধ খায় থাকে আৰু তেওঁ লোকৰ চেষ্টা কেতিয়াও পূর্ণ নহয়। তেওঁ আজি যিয়ে কৰক তাত অসফলতাৰ  সন্মূখীন হব লাগিব।

কিন্তু, আজি পৰমেশ্বৰ আপোনাক এটি প্ৰতিঞ্জা কৰে। পৰমেশ্বৰ যি লোহৰ শিকলী আৰু পিতলৰ গেট ভঙাত সামৰ্থী আছে, এয়া কয় মুক্তিৰ ঘোষনা কৰক, ” এতিয়া মই তোমাৰ এই সকলো শিকলি  কাটি পেলাইছো। ”

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি জানে যে আপোনাৰ হাত কি বন্ধনেৰে  বান্ধ খায় আছে। পৰমেশ্বৰক স্পষ্ট ৰূপে প্ৰকাশ কৰক যে সেয়া কোনটি বন্ধন হয়। সপ্তাহত অতি কমেও এটি দিন উপবাস ৰাখক আৰু প্ৰাৰ্থনা কৰক যে বন্ধন মুকলি হয় যায়। আপোনাৰ বন্ধন লাগিলে যেনেকুৱা হওক, লাগিলে সেয়া বিচলিত যেৱা  বা দুৰ্বলতা বা সমস্যা, পৰমেশ্বৰ সেই সকলো ভাঙিবলৈ সামৰ্থবান হয়। চয়তানে বহুতো লোকক বান্ধি ৰাখিছে। বহুতো লোক এই বিষয়ে সেৱাকাৰ্য্য কৰা বা পবিত্র হয় থকাত অসামৰ্থবান হয়।

যীশুৱে কলে, “তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?” ( লুক ১৩:১৬)।  নিশ্চিত ৰূপে তেওঁ আব্ৰাহমৰ জীয়ৰী হয়, এটি মনোনীত বংশ, এটি ভাল বিশ্বাসী আৰু প্ৰতিঞ্জাৰ উত্তৰাধিকাৰী, কিন্তু তেওঁ চয়তানক তাক বান্ধিবলৈ ঠাই দিলে। যীশু খ্রীষ্টয় তাৰ বন্ধন ভাঙী  দিলে আৰু তাই মুক্ত হল। পবিত্র শাস্ত্ৰ কয়, ” এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।”( যোহন ৮:৩৬)।

তেওঁ যি আপোনাক মুক্ত কৰিবলৈ সামৰ্থী হয়, আপোনাৰ ওচৰত আছে। আজি, তেওঁৰ ফালে চাওক আৰু প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰক। এয়া কয় প্ৰাৰ্থনা কৰক, ” হে প্ৰভু, মোক ৰোগ, মোৰ ঈৰ্ষা, মোৰ তীতা, মোৰ পিছলি যোৱা আৰু বৰ্তমান স্থিতি যত প্ৰাৰ্থনা কৰাত অসামৰ্থ আছো, এই বোৰৰ পৰা মোক মুক্ত কৰক। ” এয়া নিশ্চয় আপোনাক মুক্ত কৰিব।

প্ৰভু যীশু কলে, ” সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”( গীতমালা ৫০:১৫)। কিয় এনেকুৱা নহয় নে?

মন কৰিবলগীয়া:”  প্ৰভুৱেই আত্মা; আৰু প্ৰভুৰ আত্মা য’ত, তাতেই স্বাধীনতা। (২ কৰন্থীয়া ৩:১৭)।

Leave A Comment

Your Comment
All comments are held for moderation.