Appam - Assamese

আগস্ট 18 – সেয়া কৰক যি পৰমেশ্বৰক ভাল লাগে !

” ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব ” ( ইফিচীয়া ৫:১০)।

সৰ্বপ্ৰথম, আপোনাক সেই কাৰ্য্য কৰিবলৈ সংকল্প লব লাগিব যি পৰমেশ্বৰক প্ৰসন্ন কৰে। দ্বিতীয় আপোনাক পৰমেশ্বৰৰ সৈতে প্ৰাৰ্থনা কৰিব লাগিব যে তেওঁ আপোনাক সেয়া কাম কৰিবলৈ শিকাক যি তেওঁক ভাল লাগে। ইয়াৰ বাদে, আপোনাক এয়া গম পাব লাগিব যে পৰমেশ্বৰক কি পছন্দ আছে।

এগৰাকী মহিলা নিজৰ যুৱতী অৱস্থাত  ৰক্ষা কৰা হৈছিল, তাইক পৰমেশ্বৰৰ প্ৰতি বহুত প্ৰেম আছিল। তাই কেৱল সেয়া কাম কৰিবলৈ নিশ্চিত কৰিলে  যি পৰমেশ্বৰক পছন্দ। তাইৰ বিয়া পতাৰ সঠিক বয়স হল। তেতিয়া তাইৰ মাতৃ পিতৃ, যিয়ে উদ্ধাৰ পোৱা নাছিল, তাইৰ বিবাহ অবিশ্বাসী এজনৰ সৈতে কৰি দিলে।

বিবাহৰ পিছত, আৰম্ভণি দিন কেইটাত, মানুহজনে নিজৰ পত্নীক চিনেমা জাবলৈ  আমন্ত্রণ জানালে। কিন্তু তাইক এই প্ৰস্তাৱ পছন্দ নহল। এয়া তাইৰ বাবে সমস্যা হয় গল, যি তাই সংকল্প লৈছিল যে তাই সেয়া কৰিব যি পৰমেশ্বৰক পছন্দ।

সেই বাবে, তেওঁ অকলে এটি কোঠাত সোমায় পৰমেশ্বৰক প্ৰাৰ্থনা কৰিলে, ” প্ৰভু মোক শিকাক আপোনাক কি পছন্দ”  আৰু পৰমেশ্বৰৰ উপদেশ প্ৰাপ্ত কৰিলে। পুনৰ, তাই নিজৰ স্বামীৰ সৈতে চিনেমা চাবলৈ গল।

চিনেমা আৰাম্ভ হল। কিছু মিনিট পিছত, স্বামী নিজৰ স্ত্রী ফালে  চাই দেখে তাইৰ চকু বন্ধ কৰি বহি আছে। ১০ মিনিট পিছত, পুনৰ লাহেকৈ নিজৰ পত্নীক চায়, তেতিয়া তেওঁ চায় তাইৰ চকু নিৰন্তৰ বন্ধ আছিল আৰু লগতে ফুচফুচায় আছিল ‘ ধন্যবাদ, যীশু। ‘ ১০ মিনিট পিছত, পুনৰ তাইৰ ফালে চালে তাই অন্য ভাষাত কথা পাতি আছিল। বিশ্বাসী নোহোৱা বাবে স্বামী বুজা নাছিল তাই কি কৰিছে

তেওঁ ভয় খায় গল যে তাইক কিবা হল আৰু তেওঁ চিনেমাৰ পৰা বাহিৰলৈ লয় গল। তেওঁ তেওঁক সুধিলে, ” তোমাক  কি হয় গল? তুমি আনন্দৰ সৈতে চিনেমা কিয় চোৱা নাছিলা? ” তাই  হাহিৰ সৈতে স্বামীক কলে, ” এটি আনন্দ হয় যি এই চিনেমা নিদিয়ে সেয়া যীশু খ্রীষ্ট হয়। ” এয়া কয় তাই নিজৰ স্বামীক তাইৰ জীবন সাক্ষ দিলে।

স্ত্রীৰ সাক্ষ তেওঁৰ স্বামীক গভীৰভাৱে স্পৰ্শ কৰিলে। সেই দিনা পৰমেশ্বৰে স্বামীৰো উদ্ধাৰ কৰিলে। কিছু দিনতে, তেওঁ তাইৰ সৈতে পূৰ্ণ কালিন সেৱক হয় গল। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি  সেই কৰ্ম কৰিবলৈ আৰম্ভ কৰে যি পৰমেশ্বৰক পছন্দ কৰে, তেতিয়া আপুনি নিশ্চিত ৰূপে অন্য জাতিক  প্ৰাপ্ত কৰিব।

মন কৰিবলগীয়া:”আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷” ( ৰোমীয়া ১২:২)।

Leave A Comment

Your Comment
All comments are held for moderation.