No products in the cart.
আগস্ট 17 – আপুনি কাক আনন্দিত কৰে?
” কিন্তু বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দূৰ্বল লোক সকলৰ দূৰ্বলতাৰূপ ভাৰ বোৱা উচিত ” ( ৰোমীয়া ১৫:১)।
আপুনি কাক আনন্দিত কৰে? আপোনাৰ জীবন কাৰ ওপৰত নিৰ্ভৰ থাকে? আপুনি কাৰ ফালে পেলাইছে? কিছু লোকে নিজকে আনন্দিত কৰে। কিছু অন্য লোকক আনন্দিত কৰে। যি নিজকে আনন্দিত কৰি ৰাখে তেওঁ স্বাৰ্থপৰ হয় থাকে। যিসকলে অন্যক আনন্দিত কৰে তেওঁ লোক শেষত দুখী হয়। কিন্তু, যিয়ে পৰমেশ্বৰক আনন্দিত কৰে তেওঁ সদায়ৰ বাবে আনন্দিত থাকে।
পিলাতক চাওক! তেওঁ দলসমূহক আনন্দিত কৰিব বিচাৰিলে ( মাৰ্ক ১৫:১৫)। তেওঁৰ এয়া ভুল ধাৰনা আছিল যে লোকসকলক আনন্দিত কৰি দিলে বহু সময়লৈকে উচ্চ পদত থিৰ হয় থাকিবলৈ সহায় প্ৰাপ্ত হব। তেওঁ ভাবিলে, ‘ লেক সকলে বাৰাব্বাক মুকলি কৰি দিয়া পছন্দ কৰে। যদি মই এতিয়া লোকসকলক আনন্দিত কৰো ; তেতিয়া তেওঁ লোক মোৰ সমৰ্থন কৰিব আৰু এই দৰে, মই বৰ্তমান উচ্চ পদত থিৰে হয় থাকিব পাৰো । মোক অন্যৰ পৰা উপহাৰ প্ৰাপ্ত হয় থাকিব আৰু মই বিৰোধৰ অবিহনে শাসন চলাই থাকিব পাৰিম । ‘ তেওঁ যীশু খ্রীষ্টক আনন্দিত কৰিব বিচৰা নাছিল । তেওঁ ভাবিছিল চাগে যীশু খ্রীষ্টক আনন্দিত কৰা তেওঁৰ বাবে লাভদায়ক নহয়।
অহ! ইতিহাসে কয় পিলাতৰ অন্ত দুখ লগা আছিল। দোষী: অন্ত: কৰনৰ বাবে ইফালে সিফালে ঘুৰি থাকিল। শেষত, তেওঁ পুখুৰীত জাপানী মাৰি আত্মহত্যা কৰিলে। পিলাতৰ দৰে লোকসকলক আনন্দিত কৰি পৰমেশ্বৰক দুখী নকৰিব। সদায় যীশু খ্রীষ্টক আনন্দিত কৰক যিয়ে আপোনাৰ নাকত প্ৰান ফুক মাৰি দিলে আৰু আপোনাৰ বাবে ক্ৰুচত স্বয়ং নিজকে বলিদান কৰি দিলে।
নিশ্চয়, আপোনাক আপোনাৰ ভাৰ্যা , সন্তান আৰু অন্য সম্বন্ধীয়ক আনন্দিত কৰিব লাগে। কিন্তু যিকোনো সাংশাৰিক সম্বন্ধৰ বাবে প্ৰেম প্ৰকাশ কৰা, পৰমেশ্বৰক দুখী কৰি নকৰিব।
এবাৰ এজন সৈন্য উচ্চ পদৰ এজন ব্যক্তিক নিজৰ স্ত্রীক বন্ধুক মদ দিবলৈ কলে কিন্তু তাৰ স্ত্রী এনেকুৱা কৰাত মনা কৰিলে। তাই মৰমেৰে কলে, ” এগৰাকী স্ত্রী হোৱা হেতুকে মোৰ কিছুমান দায়িত্ব আছে। কিন্তু মই আপোনাক আনন্দিত কৰিবলৈ পৰমেশ্বৰক দুখী কৰিব নোৱাৰো । ”
এই জগতত আপোনাৰ জীবন অলপ সময়ৰ বাবে হব। কিন্তু আপোনাক পৰমেশ্বৰৰ সৈতে স্বৰ্গ ৰাজ্যত কুটি বছৰ জীয়াই থাকিব লাগিব। আপুনি মনুষ্য নে পৰমেশ্বৰক আনন্দিত কৰে? পৰমেশ্বৰৰ মৰমিয়াল সন্তান, এটি এনেকুৱা জীবন জীয়াই থাকিব লওক যি পৰমেশ্বৰক আনন্দিত কৰে।
মন কৰিবলগীয়া:” মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।” ( গালতীয়া ১:১০)।