No products in the cart.
আগস্ট 16 – সিদ্ধ বনোৱা হব!
“তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷” ( ২ কৰন্থীয়া ১২:৯)।
পৰমেশ্বৰৰ সামৰ্থ আপোনাৰ দুৰ্বলতাত পূৰ্ণ হয়। কেতিয়াবা- কেতিয়াবা, পৰমেশ্বৰ আপোনাৰ জীবনত কিছু দুৰ্বলতাৰ অনুমতি দিয়ে। সেয়া এনেকুৱা এই বাবে কৰে কিয়নো তেওঁৰ সামৰ্থ আপোনাৰ জীবনত সিদ্ধ হয় যায়।
আপুনি পৰমেশ্বৰত তেতিয়া ভাৰষা কৰিব যেতিয়া আপোনাৰ ভিতৰত কিবা দুৰ্বলতা হব। নহলে কাকো পৰমেশ্বৰৰ দয়াৰ ওপৰত নিৰ্ভৰ হবলৈ আৱশ্যকতা নায়লা। ইয়াৰ বাদে, আপুনি পৰমেশ্বৰৰ মহিমা নকৰিব। তেওঁ আপোনাৰ জীবনত কিছুমান দুৰ্বলতাৰ অনুমতি দিয়ে, যাতে আপুনি সামৰ্থ আৰু অনুগ্ৰহৰ বাবে পূৰ্ণ ৰূপে তাৰ ওপৰত নিৰ্ভৰ থাকে।
পাঁচনি পৌলৰ এটি দুৰ্বলতা আছিল। তেওঁ কয়, ” আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷ সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ”।(২ কৰন্থীয়া ১২:৭, ৮) ।
পৰমেশ্বৰ স্বয়ং পৌলৰ জীবনত সেই দুৰ্বলতা ৰাখিছিল। পৰমেশ্বৰে পৌলক অনেক দৰ্শন আৰু প্ৰকাশন দিছিল। সেই কাৰনে পৌলৰ ভিতৰত অভিমান অহাৰ সম্ভাবনা আছিল আৰু সেই বাবে পৰমেশ্বৰে সেই দুৰ্বলতা তেওঁৰ ভিতৰলৈ আহিবলৈ দিলে।
পৰমেশ্বৰৰ কোৱা অনুসাৰে, ‘ যেতিয়া সেই দুৰ্বলতা আপোনাতো হব’ তেতিয়া আপোনাৰ ভিতৰত অভিমান নাহিব। আপুনি বিনম্ৰ হব আৰু মোৰ শক্তিৰ ওপৰত ভাৰষা কৰিব। ময়ো আপোনাৰ নিৰন্তৰ প্ৰয়োগ কৰি থাকিম।
সেই বাবে নিজৰ দুৰ্বলতাক নাচাব। মোৰ দয়া চোৱা। কিয়নো মোৰ সামৰ্থ নিৰ্বলতাত সিদ্ধ হয়। ‘ পাঁচনি পৌলে এই কথা স্বীকাৰ কৰিলে। কিয়নো তেওঁ পৰমেশ্বৰৰ দয়া আৰু শক্তিত নিৰ্ভৰ আছিল, সেই বাবে পৰমেশ্বৰে তেওঁক আৰু অধিক শক্তিশালী প্ৰয়োগ কৰিলে।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি নিজৰ দুৰ্বলতাৰ বিষয়ে চিন্তিত নহব। নিজৰ কৰ্ম পূর্ণ কৰিবলৈ ১০০ % পূৰ্ণতা পাবলৈ অপেক্ষা নকৰিব। নিজৰ দুৰ্বলতাৰ মাজতো আপুনি পৰমেশ্বৰৰ বাবে মহান কাৰ্য্য কৰিব পাৰে। আপুনি যি অনুপাতে পৰমেশ্বৰৰ ওপৰত ভাৰষা কৰিব, সেই অনুপাতে পৰমেশ্বৰৰ সামৰ্থ আপোনাৰ শৰীৰত প্ৰবাহিত হব। তেতিয়া আপুনিও পৰমেশ্বৰৰ বাবে ডাঙৰ ডাঙৰ কাম কৰিব।
মন কৰিবলগীয়া:” কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰকc মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।”(১ কৰন্থীয়া ১:২৭)।