Appam - Assamese

আগস্ট 15 – ঈস্বৰীয় শান্তি!

” আপোনালোকে একোলৈ চিন্তা নকৰিব, b কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব”।( ফিলিপিয়া  ৪:৬, ৭)।

যীশু খ্রীষ্টৰ দিয়াৰ তেওঁ দিব্যি( ঈস্বৰীয়) শান্তি প্ৰদান কৰে, যি আপোনাৰ বোজাৰ বাহিৰত। তেৱেঁই হয় যি আপোনাক নিজৰ ঈস্বৰীয় শান্তি দিয়ে। যীশু খ্রীষ্টৰ নাম দিয়াৰ সকলোতকৈ অদ্ভুত নাম হয়, ” শান্তিৰ ৰাজকুমাৰ’। যেতিয়া তেওঁ পৃথিবীত আছিল, যত গলেও, যাক লগ কৰিলেও  সেই সকলোকে শান্তিৰ আঞ্জা দিলে।

ইয়াত এনেকুৱা মহিলা উল্ল্যেখ আছে, তাইক তেজ বোৱা ৰোগ আছিল। এয়া তাইৰ বাবে শেষ নোহোৱা ৰোগ আছিল। তাই ১২ বছৰৰ পৰা পীড়িত আছিল। কোনো চিকিৎসকে তাইৰ চিকিৎসা কৰিব নোৱাৰিলে। সেই বাবে, তাই নিজৰ জীবনত শান্তি হেৰুৱাই পেলালে।

কিন্তু, শেষত তাই গম পালে যীশু খ্রীষ্ট সেই বাটেদি  আহিছে তাই লোকৰ দলসমূহৰ মাজলৈ গল আৰু তেওঁৰ কাপোৰৰ এডোখৰ স্পৰ্শ কৰিলে, পৰমেশ্বৰৰ সামৰ্থ তাইৰ ওপৰত শক্তিশালী ভাৱে নামিল আৰু তাই দিব্যি সুস্থতা প্ৰাপ্ত কৰিলে। পবিত্র শাস্ত্ৰ কয়, ”  তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে;d শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”( মাৰ্ক ৫:৩৪)।

এবাৰ পাপী স্ত্ৰী দৌড় মাৰি আহিল আৰু যীশু খ্রীষ্টৰ ভৰিত পৰিল। তাই কান্দিলে আৰু নিজৰ চকুলোৰে  যীশুৰ ভৰি ধুলে। তাইৰ অধৰ্ম বহুত বেছি আছিল, আৰু সেই বাবে  তাই নিজৰ শান্তি হেৰুৱাই পেলাইছিল। যীশুৱে তাইৰ দোষলগা পৰিস্থিতি চালে। তেওঁ স্ত্রীক কলে, ” কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।” ( লুক ৭:৫০)।

যীশু খ্রীষ্টৰ ক্ৰুচত হত হোৱাৰ পিছত, তেওঁৰ সকলো শিষ্য ভয়ভীত  আছিল। তেওঁ লোকক ভয় আছিল যে যাতে যিহূদী  তেওঁ লোকক অশান্তি নকৰে। তাত শান্তি নাছিল আৰু তেওঁ লোক ভাগৰি থকা দেখা দিছিল। সেই সময়ত, যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”( লুক ২৪:৩৬)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনিও সমস্যা দ্বাৰা চিন্তিত হবার পাৰে। যেতিয়া আপুনি সকলো সমস্যা পৰমেশ্বৰৰ হাতত সমৰ্পন কৰি প্ৰাৰ্থনা কৰে, তেন্তে আপোনাক নিজৰ শান্তিৰে পৰিপূৰ্ণ কৰি দিব যি সকলোতকৈ উত্তম হয়।

মন কৰিবলগীয়া:” মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।”( যোহন ১৪:২৭)।

Leave A Comment

Your Comment
All comments are held for moderation.