Appam - Assamese

আগস্ট 09 – তেওঁ আপোনাক আনন্দিত কৰিব!

”  তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম। “( যিৰিমিয়া ৩১:১৩)।

চোৱা আমাৰ প্ৰিয় পৰমেশ্বৰ  কিমান কৃৰ্পাৰে আমাক  সান্ত্বনা দিয়ে আৰু এটি প্ৰতিঞ্জা দিয়ে যি আমাৰ হৃদয়ক  দৃঢ় কৰে! তেওঁ প্ৰতিঞ্জা কৰে, ” তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।” হয়। শোকৰ দিন, হেতাহ পৰাৰ দিন, আৰু কষ্টৰ দিন সমাপ্ত হৈছে।

যেতিয়া পৰমেস্বৰৰ বাহু আপোনাৰ জীবনত হস্তক্ষেপ কৰে, তেতিয়া আপোনাত একো দূষ থাকিব নোৱাৰে। আপোনাৰ চকুলো মুহাৰি সান্ত্বনা দিয়াৰ বাদে, তেওঁ আপোনাৰ শোকক  আনন্দত পৰিবৰ্তন কৰি দিয়ে। যি লোক পৰমেস্বৰৰ সৈতে প্ৰেম ৰাখে, “তেওলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে ( ৰোমীয়া ৮:২৮)।

যেতিয়া দোষ আৰু কষ্ট আপোনাৰ জীবনকে আৱৰি লয়, তেন্তে আপুনি এয়া কয় বিলাপ কৰে এই বস্তুবোৰ আপোনাৰ জীবনত কিয় হব লাগে আৰু আপোনাৰ জীবন ইমান ডাঙৰ পৰীক্ষাৰ পৰা কিয় জাব লাগে। কিন্তু, সকলো এটি আশীর্বাদৰ দৰে দেখা দিব  যেতিয়া পৰমেশ্বৰ ইয়াক  ভালত  পৰিবৰ্তন কৰি দিব।

বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ পিছত, মোৰ পিতৃ কেবাটাও চাকৰিৰ আবেদন কৰি থাকিল। তেওঁ বেংক আৰু চৰকাৰী চাকৰী পাবলৈ আবেদন কৰি থাকিল। কিন্তু, পৰমেশ্বৰে তেওঁক এখন স্কুলত গণিতৰ শিক্ষক ৰূপে কাম কৰিবলৈ অনুমতি দিলে। এয়া এখন চৰকাৰী স্কুল আছিল। কিয়নো উচিত শ্ৰেণী উপলব্ধ নাছিল, সেই বাবে তেওঁক গছৰ তলতে শ্ৰেণী সঞ্চালিত কৰিব লগা হৈছিল।

তেওঁৰ শ্ৰেণীৰ  বেছিভাগ ছাত্ৰ যি যোৱা শ্ৰেণীত অৱতীৰ্ণ হয় হয় গয়ছিল শেষত যি পাঠদান কৰা হৈছিল সেয়া বুজাৰো  যোগ্য নাছিল। মোৰ পিতৃয়ে সিহঁতক শিক্ষাত উচচ কৰিবলৈ সম্পুর্ন  চেষ্টা কৰিলে  আৰু তেওঁ লোকক শিক্ষাত ভাল ছাত্র হবলৈ চেষ্টা কৰালে। তেওঁৰ চেষ্টা ভাল ফল আনিল আৰু সকলো মন্দ ছাত্র  জকমক  কৰিবলৈ ধৰিলে। এই দৰে, পৰমেশ্বৰে তেওঁক শিক্ষক বনোৱাৰ পিছতো কাৰন আছিল। এই অনুভৱে মোৰ পিতৃক শেষত প্ৰচাৰক হবলৈ সহায় কৰিলে।

যোচেফক চাওক। তেওঁৰ ভায়েকে তেওঁক দাসৰ ৰূপে বেচি দিলে। যেতিয়া তেওঁ সত্যৰে ঘৰৰ কাম কৰি আছিল, তেতিয়া তাক মিছা দোষত  বন্দীশালত  পঠোৱা হল। কিন্তু পৰমেশ্বৰে তেওঁক মিচৰৰ মন্ত্রী ৰূপে উন্নতি দিলে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আজি আপুনি যিকোনো পীড়ালৈ হেচারিতে খায় আছে, সেই অনুপাতে উন্নতি আপোনাৰ প্ৰতীক্ষা কৰি আছে। আপোনাৰ শোক স্থায়ী নহয়। পৰমেশ্বৰ আপোনাৰ শোকক আনন্দত পৰিবৰ্তন কৰি দিব।

মন কৰিবলগীয়া:” যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা ( গীতমালা ৯০:১৫)।

Leave A Comment

Your Comment
All comments are held for moderation.