আগস্ট 07 – কৰ্মত পবিত্রতা!
” এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব। ” (১ কৰন্থীয়া ১০:৩১)
আপুনি যিয়ে কৰ্ম কৰক, তাক পবিত্রতাৰ সৈতে কৰাৰ চেষ্টা কৰি থাকক। কিয়নো এয়া আমাৰ মৰমিয়াল পৰমেশ্বৰ হয় যিয়ে আপোনাক সেয়া কাৰ্য্য সমৰ্পিত কৰিছে, শেষত : তাক সত্যতাৰে কৰক। পুৰনি নিয়মত, এটি বাক্য আছে, যিয়ে কয়, ” কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব; ( জখৰীয়া ১৪:২০)
ইয়াত কোৱা হৈছে যে ‘ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” শব্দ ঘোঁৰাৰ ঘন্টীত লিখব লাগে। সাধাৰণতে, ঘোঁৰা যুদ্ধত প্ৰয়োগ কৰা জন্তু হয়। ইয়াৰ প্ৰয়োগ গাড়ী টনা আৰু কৃষি ভূমিত কৰা হয়। ই সেই কাৰ্য্যক ইংগিত কৰে যি আপুনি আপোনাৰ ঘৰৰ বাহিৰত কৰে। এই বাক্য এয়া কয় যিৰুচালেমৰ পাত্ৰ বাহিনী বিলাকৰ যিহোবাৰ বাবে পবিত্র হওক। ঘৰৰ বাহিৰত কেৱল পবিত্রতা জৰুৰী নহয় ঘৰৰ ভিতৰতো পবিত্রতা প্ৰয়োজনীয়। আপুনি যিকোনো কাৰ্য্য কৰে সেয়া প্ৰভু বা পৰমেশ্বৰৰ ওপৰত সম্বন্ধিত হব পাৰে, কিন্তু তাতো পবিত্রতা হব লাগে।
নিজৰ ঘৰৰ তল চফা কৰোতেও আপোনাৰ হৃদয় বাৰে বাৰে কওক, ‘ প্ৰভু মোৰ হৃদয় ধুই মোক পবিত্র কৰা। ‘ নিজৰ বাগিচাৰ গছ বোৰক চায় প্ৰভুক কওক, ‘ প্ৰভু মোক এটি ফলদায়ক বৃক্ষ বনাক। ‘ হব পাৰে আপুনি চিকিৎসক বা ইন্জিনিয়াৰৰ পদত হব পাৰে, বা আপুনি কোনোবা ব্যৱসায়িক উদ্যোগত থাকিব পাৰে। আপোনাৰ কাৰ্য্য যিকোনো হওক, আপোনাৰ সকলো কৰ্মত পবিত্রতাৰ মাধ্যমেৰে জগতক এয়া দেখা দিয়ক যে আপুনি জীবিত পৰমেশ্বৰৰ আৰাধনা কৰে।
আমাৰ দেশ লাখ নিবনুৱা বাবে দৰিদ্ৰ আছে। কিন্তু, পৰমেশ্বৰ আপোনাক সকলো দয়াৰে খুৱাইছে । কিয় আপোনাৰ বাবে এয়া আৱশ্যক নহয় নে আপুনি তেওঁৰ কাৰ্য্য স্হলত তেওঁৰ সাক্ষ হয় থাকক?
এই জগতত থাকিও, যীশু নিৰন্তৰ কাম কৰি থাকে। তেওঁ লোকে যুৱক হোৱালৈ ডাঙৰ ৰূপে কঠোৰ পৰিশ্ৰম কৰিলে। যেতিয়া তেওঁ পৰমেশ্বৰৰ কাৰ্য্য কৰিবলৈ আহিল, তেতিয়া তেওঁ উৎসাহৰ সৈতে কৰিলে। “আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।” ( যোহন ৯:৪)। এয়া সেয়া শব্দ যি তেওঁৰ হৃদয়ক নিৰন্তৰ উত্তেজিত কৰে। যীশু খ্রীষ্ট য় ভাগৰ, ভোক আৰু পিয়াস ৰ অনুভৱ কৰিলে, কিন্তু এই সকলো কথাৰ বাদেও, তেওঁ দিনে ৰাতি প্ৰভুৰ সেৱাকাৰ্যৰ পূর্ণ কৰিলে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, সকলো পবিত্রতাৰ সৈতে কৰিবলৈ আৰু তাৰ অনুসাৰে দেখা দিবলৈ দৃঢ় সংকল্প লওক।
মন কৰিবলগীয়া:” নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব। ( হিতোপদেশ ২২:২৯)।