No products in the cart.
জুলাই 27 – মুচিৰি সত্যতা!
” মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল( ইব্ৰী ৩:৫)।
মুচিৰ বিষয়ে পবিত্র শাস্ত্ৰ দ্বাৰা দিয়া সুন্দৰ সাক্ষী পঢ়ক। মুচি পৰমেশ্বৰৰ ঘৰ আৰু সকলো বস্তুতে বিশ্বাসযোগ্য আছিল। তেওঁ পৰমেশ্বৰ আৰু মনুষ্যৰ সন্মুখত বিশ্বাসযোগ্য আছিল।
মুচিৰ নামৰ অৰ্থ ” পানী পৰা তুলি লোৱা” হয়। মুচিৰ সময়ত বহুতে সন্তান নিল নদীত ডুৱখোৱাই মৰিব লগা হৈছিল। কিন্তু পৰমেশ্বৰে মুচিক প্ৰেম দেখুৱালে, আৰু তেওঁক জলেৰে তুলি ফৰৌণৰ ঘৰত ডাঙৰ দীঘল কৰিলে। মুচি সেই প্ৰেমক নাপাহৰিলে আৰু সেই কথাৰ বাবে কৃতজ্ঞ হয় থাকিল।
পবিত্র শাস্ত্ৰ কয়, ” বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে; কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে, আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল। (ইব্ৰী ১১:২৪-২৬)।
যদি আপুনি সম্পূর্ণ শাস্ত্ৰ অধ্যয়ন কৰে, তেন্তে আপোনাক পৰমেশ্বৰৰ দ্বাৰা মনুষ্যক উচ্চ কৰাৰ ৰহস্য গম পাব। যদি কোনোবা অলপতে বিশ্বাসী আছে তেওঁ বহুত কথাত অধিকাৰী হব। যদি কোনোবা পৰমেশ্বৰৰ দ্বাৰা বহুত কথাত অধিকাৰী থকাৰ সময়ত বিশ্বাসযোগ্য হয়, তেন্তে পৰমেশ্বৰ আৰু তেওঁক অধিক উত্তৰদায়িত্ব আৰু আশ্বাস দি তাক আৰু উচ্চ কৰিব।
পৰমেস্বৰে, যেতিয়া মুচিৰ বিশ্বাসযোগ্যতা চালে, তেওঁ ঈস্ৰায়েলৰ সম্পূর্ণ সন্তানক মিচৰ দেশৰ পৰা কানান দেশলৈ লয় যোৱা আৰু পথ প্ৰদৰ্থক কৰাৰ ডাঙৰ দায়িত্ব দিলে। এই মুচিৰ মাধ্যমেৰে, পৰমেস্বৰে ইস্ৰায়েলৰ সন্তানক ব্যবস্থা দিলে, মিচৰ আৰু জংগল দুয়োটা স্থানতে বহুতো চমৎকাৰ কৰিলে। যদি মুচিৰ জীবন দেখা যায়, তেন্তে পৰমেশ্বৰৰ কেবাটাও পৰমেশ্বৰৰ বিষয়ে ভাল সাক্ষ দিছে।
তেতিয়া পৰমেস্বৰে কলে, ” যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ’ম। মোৰ দাস মোচি তেনে নহয়। তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী। তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰa আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”(গননা ১২:৬-৮)।
পৰমেশ্বৰৰ মৰমিয়াল সন্তান, যদি আপুনি মুচিৰ সমান বিশ্বাস যোগ্য হয় থাকিব, তেন্তে পৰমেশ্বৰ আপোনাৰ সৈতে আশে- পাক্ষে কথা পাতিব।
মন কৰিবলগীয়া:” কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, b মনোনীত আৰু বিশ্বাসী।” ( প্ৰকাশিত বাক্য ১৭:১৪)।