No products in the cart.
জুলাই 24 – এতিয়া কিয় পলম কৰিছা?!
“এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’ ( পাঁচনিকৰ্ম ২২ :১৬)
বহুতো লোকে পলম কৰা বাবে মহান আশীর্বাদ হেৰুৱাই দিলে। যুদ্ধৰ সময়ত যদি সঠিক ব্যবস্থা নকৰে তেন্তে সৈন্য কেনেকৈ জয়ী হব? যদি এজন ব্যক্তি কাৰ্যালয়ত দেৰিকৈ আহে তেন্তে কেনেকৈ চাকৰিত লাগি থাকিব? যদি সন্তান নিয়মিত ৰূপে স্কুল দেৰিকৈ যায় তেন্তে শিক্ষাত কেনেকৈ সুধৰনি কৰিব?
আপুনি দেৰিকৈ অহা আশীর্বাদক পছন্দ নকৰে। আপুনি যদি সময়ত আহিবলগীয়া ধন নাহিলে ধৈর্য্য হেৰুৱাই দিয়ে। যদি কোনোবা জৰুৰী পত্ৰ দেৰিকৈ আহে, তেতিয়া আপুনি অসান্ত হয়, আৰু তাৰ বাবে দুখী হয়। লগতে, আপোনাক গভীৰভাৱে ভাবিব লাগে পৰমেশ্বৰৰ বাবে কামত দেৰি কৰা আপোনাৰ বাবে ভাল নে?
কিছু লোক গীৰ্জাৰ আৰাধনাত দেৰিকৈ যায়। আৰধনা প্ৰাৰ্থনা সময়ত গীৰ্জাত উপস্থিত নহয় বাক্যৰ সময়ত উপস্থিত হয়। এয়া তেওঁক পূৰ্ণ ৰূপে দিব্যি আশীর্বাদ প্ৰাপ্ত কৰাত বাধা দিয়ে। কিছু লোক উদ্ধাৰ পোৱাত দেৰি কৰিব, কিছু লোক বাপ্তিস্মত দেৰি কৰিব আৰু কিছু অন্য সেৱা কাৰ্য্য কৰিবলৈ দেৰি কৰিব। পবিত্র শাস্ত্ৰ কয়, ” এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’( পাঁচনিকৰ্ম ২২:১৬)।
আপুনি যি কোনো বিষয়ত দেৰি কৰিব পাৰে কিন্তু উদ্ধাৰত নহয়। ক্ৰুচৰ ওচৰত চকুলো সৈতে এয়া কয় উদ্ধাৰ প্ৰাপ্ত কৰিব লাগে, ” প্ৰভু আজি মোক গ্ৰহণ কৰক। মোক তোমাৰ তেজেৰে ধুই দিয়ক। মোক শুচি কৰক। ” প্ৰভুৰ আগমন কেতিয়া হব কোনো নাজানে । যদি এই কাৰনে এৰা যায় যে তেওঁক সেই সময় লৈকে বচোৱা নহল কিমান দুখ হব!
চদোমক নষ্ট কৰাৰ সিদ্ধান্ত লয় লোৱা হৈছিল। তাক সম্পূর্ণ ৰূপে নষ্ট কৰাৰ নিশ্চিত কৰিলে। এনেকুৱা কৰাৰ আগেয়ে, পৰমেশ্বৰে লোটৰ ওপৰত দয়া কৰিলে আৰু লোট আৰু তেওঁৰ পৰিয়ালৰ ৰক্ষা বাবে স্বৰ্গদুতক পঠিয়ালে । পবিত্র শাস্ত্ৰ কয়, ” লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। ( আদিপুস্তক ১৯:১৬)। তেওঁ চদোমৰ পৰা বাহিৰলৈ আহিব বিচৰা নাছিল। তাৰ চকুলো সম্পূর্ণ ৰূৰে তাৰ উৰ্বৰা মাটিৰ ওপৰত আছিল।
শেষত, স্বৰ্গদুতসকলে লোটৰ সংকোচন দেখিলে, আৰু তেওঁ লোকক টানি চদোমৰ পৰা বাহিৰ কৰিলে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, এই জগতক জুইৰে পুৰিবলৈ ৰখা হৈছে। এই জগতত একো মহান বস্তু নায় যাৰ ওপৰত নিজৰ কোনো ভাৰষা বা স্নেহ ৰাখিব লাগে। শেষত উদ্ধাৰ পাবলৈ কোনো কাৰন কয় বিলম্ব নকৰক ।
মন কৰিবলগীয়া:” আৰু যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, এই কথা নাম-ঘৰবোৰত তেওঁ ঘোষণা কৰিবলৈ ধৰিলে।( পাঁচনিকৰ্ম ৯:২০)।