No products in the cart.
জুলাই 23 – আমি কি কৰিম?!
“লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?” ( যোহন ৬:২৮)।
এয়া পবিত্র শাস্ত্ৰত মহূৰ্তপূৰ্ন প্ৰশ্ন হয়। ইমানেই নহয়, প্ৰত্যেক ব্যক্তি দ্বাৰা নিজকে শুধিবলগীয়া এটি মহূৰ্তপূৰ্ন প্ৰশ্ন হয়। আমাক পৰমেশ্বৰৰ কাৰ্য্য কৰিবলৈ কি কৰিব লাগে? আচৰিতকৰ্ম আৰু অদ্ভুত কাৰ্য্য কৰিবলৈ আমাক কি কৰিব লাগে?
লোকসকলে যীশুক ২টি মাছ আৰু ৫টি ৰুটিৰে লোকক খোৱা দেখিলে। তেওঁ এনেকুৱা আচৰিতকৰ্ম কৰিব বিচৰে। তেওঁ লোকে অনুভৱ কৰিলে যে তেওঁ লোকৰ জীবন উপযোগী হয় থাকিব লাগে তেন্তে তেওঁ লোকৰ অদ্ভুত কাৰ্য্য কৰিবলৈ সামৰ্থ হব লাগে। সেই বাবে তেওঁ সুধিলে, ” পৰমেশ্বৰৰ কাৰ্য্য কৰিবলৈ আমি কি কৰিব লাগে? ”
যীশু খ্রীষ্টৰ জীবনৰ বিষয়ে সম্পূর্ণ কে অধ্যয়ন কৰক। পৃথিবীত থকাৰ সময়ত, তেওঁ আচৰিতকৰ্ম কৰি প্ৰমাণ দেখুওৱালে যে তেওঁ পৰমেশ্বৰৰ পুত্ৰ হয়। তেওঁ অকল এজন মনোবৈজ্ঞানিক ৰূপে অহা নাছিল। আচৰিতকৰ্ম আৰু সামৰ্থ ৰ মাধ্যমেৰে, তেওঁ যি কলে সেয়া প্ৰমাণ কৰিলে। পবিত্র শাস্ত্ৰ কয়, ” যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”( যোহন ৬:১৪)।
যীশু খ্রীষ্ট বিচাৰে যে আপুনি সেয়া আচৰিতকৰ্ম কৰক যি তেওঁ কৰিলে। যীশুৱে কলে, “… মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; (যোহন ১৪:১২)। আপোনাৰ হৃদয় পৰমেশ্বৰৰ মহান কাৰ্য্য কৰিবলৈ ব্যাকুল হয় নে? আপোনাৰ হৃদয় সেয়া কৰিবলৈ ব্যাকুল হয় নে যি খ্ৰীষ্টই কৰিলে? আপুনি সুধে নে পৰমেশ্বৰৰ কাৰ্য্য কৰিবলৈ আমাক কি কৰিব লাগিব? সেই পৰিস্থিতিত, আপোনাক যি কৰিব লাগে সেয়া হল পবিত্র আত্মা আৰু সামৰ্থ ত পৰিপূৰ্ণ হবলৈ আগবাঢ়িব লাগে।
এতিয়া আপুনি সংসাৰৰ অন্তিম দিনত আহি পাইছে। জগতৰ বেছিভাগ লোকে গম নাপালে যে খ্ৰীষ্ট নো কোন। তেওঁ লোকে তেওঁৰ সামৰ্থ দেখা নায়। সুন্দৰ আৰু ভাললগা শুভ সংবাদ দিয়াত ইমান লাভ নায়। আচৰিতকৰ্ম দ্বাৰা আপোনাৰ বাক্য দৃঢ় কৰিব লাগিব। তেতিয়া, অন্য জাতি যীশুক পৰমেশ্বৰৰ ৰূপে স্বীকাৰ কৰিব আৰু পুজিব।
যীশু খ্রীষ্ট আচৰিতকৰ্ম কৰি লোক সমূহৰ মনোযোগ নিজৰ ফালে কেন্দ্ৰিত কৰিলে। তেওঁ লোক সমূহৰ মাজত ব্যৱহাৰিক ৰূপ প্ৰভুৰ সামৰ্থ প্ৰকাশ কৰিলে। তেওঁ আচৰিতকৰ্ম আৰু অদ্ভুত কাৰ্য্যৰে প্ৰমান কৰিলে যে তেওঁ পৰমেশ্বৰৰ পুত্ৰ হয়। ইমানেই নহয় তেওঁ আমাক সেই আচৰিতকৰ্ম কৰিবলৈ সক্ষম কৰাৰ প্ৰতিঞ্জা কৰিছে। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি উঠি প্ৰকাশমান হবনে? কি কি প্ৰমান কৰিব আপুনি যে প্ৰভু জিৱীত আছে?
মন কৰিবলগীয়া:” তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল”।( যোহন ৬:২)।