No products in the cart.
জুলাই 20 – শূন্যতো আনন্দ!
” তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।(হব্ক্কুষ ৩:১৮) ।
এবাৰ পৰমেশ্বৰৰ কিছুমান সেৱক পবিত্র শাস্ত্ৰৰ নিজৰ ভাললাগা বিষয় বোৰ আদান প্ৰদান কৰিলে। তাৰে মাজৰ এজনে কলে মোক সৃষ্টিৰ নিৰ্মাণৰ ভাগ বহুত ভাল লাগে। ২ য় জনে কলে প্ৰভুৰ পাহাৰত কৰা প্ৰাৰ্থনা বহুত পছন্দ আছে। ৩ য় কলে প্ৰকাশিত বাক্যৰ স্বৰ্গীয় দৰ্শন তেওঁক বহুত আকৰ্ষিত কৰিলে। এজন অন্য ব্যক্তি বহুত আস্বাস আছিল যে ইফিচীয়াত পৰমপ্ৰধানৰ আশীৰ্বাদ অংশ সকলোতকৈ ভাল পবিত্র শাস্ত্রৰ ভাগ হয় ।
সেই সময়ত, বেৱষ্টৰ নামৰ এজন পৰমেশ্বৰৰ সেৱক আহিল। তেওঁ বাইবেল মুকলি কৰি হবক্কুক ৩:১৭, ১৮ পদ দেখুওৱালে যি কয়, “যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই,যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই, তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।”
ইয়াত কোনো চৰ্ত নথকাকৈ আনন্দ আছে। দুখ, কষ্ট আৰু অনিষ্ট ততো আনন্দ দৰ্শাই। এয়া সেয়া গুন হয় যে পৰমেশ্বৰৰ প্ৰত্যেক সন্ন্তানৰ হব লাগে। পাঁচনি পৌলের লিখে, ” কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।” ( ৰোমীয়া ১৪:৮) ।
এটি আনন্দময় ঘটনা আছে যত এটি কাহিনী শুনাই তাত প্ৰশ্ন আছে। কাহিনী এইদৰে আছিল। এজন ব্যক্তি জীবনত সম্পূর্ণ ৰূপে নিৰাশ আছিল আৰু তেওঁ বোৱতী নৈত জাপ মাৰি আত্মহত্যা কৰিবলৈ সিদ্ধান্ত ললে। তেওঁ এয়া নিশ্চয় কৰিলে যে যদি নৈৰ বাটত কোনোবা সুখী ব্যক্তি চাব তেন্তে আত্মহত্যা কৰাৰ পৰা ৰয় যাব। বাটত কোনো সুখী ব্যক্তি নাপালে আৰু তেওঁ নদীত জাপ মাৰিবলৈ লওতে।
কাহিনী শুনুৱা ব্যক্তি ইয়াতে ৰয় গল আৰু শুনোতা সকলক এটি প্ৰশ্ন কৰিলে। প্ৰশ্ন আছিল ” সেই ব্যক্তি নদীত জাপ দিয়াৰ আগতে পোৱা হলে, তেন্তে তেওঁৰ অন্য খোজ কি হল হেতেন? তেওঁৰ ভাবনা পৰিবৰ্তন হব নে আত্মহত্যা কৰিব? ” যদি আপোনাক এনেকুৱা প্ৰশ্ন কৰে তেন্তে আপোনাৰ উত্তৰ কি হব? পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপোনাৰ সৈতে পৰিচালনা কৰা আৰু আপোনাৰ বিপৰীত দিশে পৰিচালনা কৰা লোক বহুতো দুখ আৰু হেতা পৰি আছে। আপোনাত সেয়া পৰ্যাপ্ত দিব্যি আনন্দ আছে যি সেই দুখী লোকসকলক যীশু খ্রীষ্ট ফালে উভতাব পাৰে? ইয়াৰ বিষয়ে বিচাৰ কৰক।
যদি আপুনি আনন্দিত আছে তেন্তে ই আপোনাক পৰমেশ্বৰৰ ফালে অবিশ্বাসী সকলক আকৰ্ষিত কৰাত সহায় কৰিব। অবিশ্বাসী সকল এয়া বুজিবলৈ চেষ্টা কৰিব যে কোনটি কথাই আপোনাক আনন্দিত কৰিছে আৰু তেওঁ যীশু খ্রীষ্টক বুজি পাব, যি সূখৰ মূল উৎস হয়। পৰমেশ্বৰৰ মৰমিয়াল সন্তান, সদায় প্ৰভুত আনন্দিত থাকক।
মন কৰিবলগীয়া:” প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।” ( গীতমালা ৪:৭)।