Appam - Assamese

জুলাই 17 – দানিয়েলৰ সত্যতা!

“…কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল; তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ’ল “(দানিয়েল ৬:৪) ।

আমাৰ পৰমেশ্বৰ বিশ্বাসযোগ্য পৰমেশ্বৰ হয়। সকলো সাধু যিয়ে তেওঁক প্ৰেম কৰে, সেই সকলো যি বিশ্বাসযোগ্য পোৱা যায়। আমি বহুতো সাধু সকলৰ ওপৰত মনোযোগ দি আহিছে। আহক আমি দানিয়েলৰ বিশ্বাসযোগ্যতা ওপৰত মনোযোগ কৰক।

এটি দল দানিয়েলৰ আশে পাশে ঘূৰি আছিল যাতে তেওঁৰ কিবা দোষ বিচাৰি পায়। কঠোৰ লোক দুখৰ ভাবনাৰে তেওঁৰ বিৰুদ্ধে উঠি থিয় হল। তেওঁ সামান্য  লোক নাছিল। পবিত্র শাস্ত্ৰ কয়, ” তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্রাদেশিক অধ্যক্ষসকলে, ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল;( দানিয়েল ৬:৪)।

চয়তানৰ নামৰ এটি হয়, ” কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে”( প্ৰকাশিত বাক্য ১২:১০)। কিন্তু দানিয়েল, পৰমেশ্বৰৰ দৃষ্টিত, মনুষ্য আৰু ৰজা সকলোৰে দৃষ্টিত বিশ্বাসযোগ্য আছিল।

পৰমেশ্বৰৰ প্ৰতিঞ্জা কি হয়? এয়া আৰু একো নহয়, কেৱল ‘ চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম'(মথী ২৫:২৩)। যেতিয়া দানিয়েলক বন্দী কৰি বাবিল অনা হল তেতিয়া পৰমেশ্বৰে বিশ্বাসযোগ্য পালে। পৰমেশ্বৰে চালে যে অশুচি হোৱাৰ পৰা বাচিবলৈ  কিমান আতৰ থাকি বিশ্বাসযোগ্য আছিল যে ৰজাৰ ব্যঞ্জন পৰা আতৰ আছিল আৰু তাৰ বাবে অস্বীকাৰ কৰি দিলে  । সেই বাবে,  পৰমেশ্বৰে তেওঁক বহুতো বস্তুৰ ওপৰত অধিকাৰী পাতিলে। কিমান ৰজা আহিল আৰু লুপ্ত হয় গল। কিন্তু দানিয়েল উন্নতি ওপৰত উন্নতি কৰিলে আৰু ঊৰ্ধ স্থানত পায় গল।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি দানিয়েলৰ দৰে বিশ্বাসযোগ্য হবনে? ” কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। “(২ বংশাৱলী ১৬:৯)।

ইমানেই নহয় ৰজাকো দানিয়েলৰ সত্যতাৰ অনুভৱ হল। তেওঁ দানিয়েলক ” হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল,” বুলি মাতিলে  আৰু সুধিলে, ” তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?” আপুনি জানেনে  দানিয়েলৰ উত্তৰ কি আছিল ? ” তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক!  মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”(দানিয়েল ৬:২১, ২২)।

খ্ৰীষ্টীয় জিবনত  ‘ বিশ্বাসযোগ্যতা ” এটি ডাঙৰ কাৰক হয়। দায়ুদে কয়, ” তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।”( গীতমালা ৫১:৬)। যেতিয়া আপুনি পৰমেশ্বৰৰ প্ৰতি আৰু লোকৰ প্ৰতি বিশ্বাসযোগ্য থাকিব তেন্তে পৰমেশ্বৰৰ নামৰ মহিমা হব। আপোনাৰ চেষ্টা সফল হব।

মন কৰিবলগীয়া:”  বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।”( হিতেপদেশ ২৮:২০)।

Leave A Comment

Your Comment
All comments are held for moderation.