Appam - Assamese

ਦਸੰਬਰ 06 – যিহোৱাৰ গছ!

“যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়;তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।”( গীতমালা ১০৪:১৬)।

” সাপেৰে  পূর্ণ ” পৰমেশ্বৰৰ সন্তানৰ ওপৰত আশীর্বাদ দৰ্শাই। এই ৰসৰ কাৰনে গছৰ শিপা গভীৰ হয়, মিঠা ফল লাগে আৰু সেউজীয়া পাতেৰে পৰিপূৰ্ণ হয়। ঈস্ৰায়েল দেশত কিছুমান জীতৰ  গছ আছে যি ১০০০ বা ২০০০বছৰ লৈকে বাঢ়ি থাকে। যেতিয়া আপুনি সেই গছৰ ডালবোৰ  চায় সেই বোৰ বহুত পুৰণি দেখা যায়। কিন্তু ইয়াৰ ফল পকা থাকে আৰু ইয়াৰ পাত বহুত সেউজীয়া হয়। এই দৰে, তেওঁ সেই গছৰ দৰে হয় যি কেতিয়াও শুকান হয় নাযায়, কিয়নো তেওঁ পৰমেশ্বৰৰ বাক্য খায় আৰু আধ্যাত্মিক আশীর্বাদৰে পৰিপূৰ্ণ হয় যায়।

পবিত্র আত্মাৰ নদীৰ কাষত লাগি থকা বৃক্ষৰ স্থিতি কি হব ? ভবিষ্যত বক্তা যিহিস্কেল এই ধৰনৰে উল্লেখ কৰে:” আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব”( যিহিস্কেল ৪৭:১২)।

গছৰ মহানতা তাৰ ফলত হয়। আমাৰ প্ৰভু যীশুৱে তুমি বৃক্ষক তাৰ ফলৰ দ্বাৰা জানিব। সেই বাবে তুমাক প্ৰভুৰ বাবে ফল আনিব লাগে। এতিয়া কোনটি ফল লাভ কৰিব লাগে? এয়া আত্মাৰ ফল হব লাগে, গালতীয়া ৫:২২ আৰু ২৩ তারিখে লিখা আছে। ” কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,  মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই( গালতীয়া ৫:২২, ২৩)। আমাৰ পৰমেশ্বৰ আশা কৰে যে তেওঁৰ প্ৰত্যেক সন্তানক  ফল প্ৰাপ্ত হব। অলপ ভাবক যে সেই ফল আজি আপোনাত পোৱা  যায় নে?

পবিত্র শাস্ত্ৰ ধাৰ্মিকতাৰ ফল ( ফিলিপিয়া  ১:১০), সকলো, ভাল কাৰ্য্য ( কলচীয়া ১:১০), আৰু আমাৰ ওঠৰ ফলৰ বিষয়ে কথা পাতে যি তেওঁৰ নামক ধন্যবাদ কৰে ( ইব্ৰী ১৩:১৫)। প্ৰভুৱে কৃপার এটি সমৃদ্ধ আৰু ধন্য জীবন  প্ৰদান কৰিছে। এয়া তোমাৰ বাবে এই জগতত আৰু স্বৰ্গত তেওঁৰ বাবে ফল দিবলৈ দিয়া হৈছে।

স্বৰ্গত গছৰ বিষয়ে, পবিত্র শাস্ত্ৰ কয় :”তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষa আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে। ( প্ৰকাশিত বাক্য ২২:২)।

পৰমেশ্বৰৰ মৰমিয়াল সন্তান, আপুনি বাটৰ কাষত লগোৱা সামান্য গছ নহয়। তুমি জীবিত জল নদীৰ দ্বাৰা লগোৱা বৃক্ষ হয়। সময় আহিলে ফল দিয়া বৃক্ষ আৰু কেতিয়াও শুকায় নোযোৱা  গছ তুমি হয়। পৰমেশ্বৰৰ স্তুতি কৰক আৰু ধন্যবাদ দিয়ক, তোমাক  ইমান অদ্ভুত আশীর্বাদ দিবলৈ।

মন কৰিবলগীয়া:” আন লোক বাস কৰিবলৈ তেওঁলোকে ঘৰ নাসাজিব, আৰু আন লোক ভোগ কৰিবলৈ তেওঁলোকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ লোকসকলৰো আয়ুস সিমান হ’ব, আৰু মোৰ মনোনীত লোকসকলে নিজৰ হাতেৰে কৰা কাৰ্যৰ ফল বহুকাললৈকে ভোগ কৰিব”।(যিচয়া ৬৫:২২)।

Leave A Comment

Your Comment
All comments are held for moderation.